লক্ষ্য বি টি আৰ দখল : কোন কোন থাকিব বিজেপিৰ প্ৰাৰ্থীৰ তালিকাত ?
আজি বিয়লি প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা ৷

Published : August 31, 2025 at 7:20 AM IST
গুৱাহাটী : বহু জল্পনা কল্পনা অৱশেষত আজি অন্ত পৰিব ! সম্ভৱতঃ আজি অৰ্থাৎ দেওবাৰে অসম বিজেপিয়ে প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা ৷ কিয়নো হাতত সময় তেনেই তাকৰ ৷ ২২ ছেপ্টেম্বৰত হ’ব বি টি আৰৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ ২৬ ছেপ্টেম্বৰত বি টি আৰ নিৰ্বাচনৰ ভোটগণনা আৰু মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২ ছেপ্টেম্বৰ ।
সেয়ে আজি সন্ধিয়াৰ ভিতৰতে প্ৰকাশ কৰা হ’ব বিজেপিৰ প্ৰাৰ্থী তালিকাখন । শনিবাৰে মাজনিশা এই কথা প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ।
ইতিমধ্যে এই সম্পৰ্কত শনিবাৰে মাজনিশা মহানগৰীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত বিজেপিৰ নিৰ্বাচনী সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । য’ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ৰঞ্জিত দাস, অশোক সিংহালৰ উপৰিও নিৰ্বাচনী সমিতিৰ বহু সদস্য উপস্থিত থাকে । তাৰোপৰি এই বৈঠক উপস্থিত থাকে বি টি চিৰ পাঁচখন জিলাৰ প্ৰভাৰী । এই বৈঠকতে বি টি চিৰ ৪০ ৰ সমষ্টি তন্ন তন্নকৈ পৰীক্ষা কৰি প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰা হয় ।
লগতে পঢ়ক : ছেপ্টেম্বৰৰ শেষৰ পৰা হ'ব বি পি এফৰ চৰকাৰ: হাগ্ৰামা মহিলাৰী লগতে পঢ়ক : বি টি চি নিৰ্বাচনৰ দিন ঘোষণা: অৱশেষত বিকুল বাজিল বড়োভূমিত |
এই সন্দৰ্ভত বৈঠকৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, "আজি আমাৰ বিজেপি অসম প্ৰদেশৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হৈছিল । বি টি চি নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰায় চূড়ান্ত হৈছে । ৩, ৪ টা সমষ্টিত বৰ্তমানেও প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত আমাৰ অলপ কাম বাকী আছে । কাইলৈ সন্ধিয়া অৰ্থাৎ ৩১ তাৰিখে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিম ।’’
‘‘আমি বি টি চিৰ প্ৰতিটো সমষ্টিৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিছো । বিগত সময়ৰ বি টি চিৰ পৰিক্ৰমা আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি দুটা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ নকৰো । লগতে বড়োফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতি সন্মান জনাই দটমা সমষ্টিত আমি প্ৰাৰ্থী প্ৰক্ষেপ নকৰো । বি টি চিৰ মুঠ তিনিটা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ নকৰো ।" শইকীয়াই কয় ৷
উল্লেখ্য যে, বি টি চি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । বড়োভূমিৰ নিৰ্বাচনী দিন ঘোষণাৰ পিছতে প্ৰতিটো দলে উঠি পৰি লাগিছে নিজৰ নিৰ্বাচনী প্ৰচাৰ সভাত । প্ৰকাশ কৰিছে প্ৰতিটো দলৰ প্ৰাৰ্থী তালিকা ।
কিন্তু নিৰ্বাচনী প্ৰচাৰত পিছপৰি নথকা শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে অতি কৌশলপূৰ্ণভাৱে প্ৰকাশ কৰা নাছিল নিজৰ প্ৰাৰ্থী তালিকা । অৱশেষত যেন সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আজি সন্ধিয়াৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ হ’ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰকাশ কৰে ।

