ETV Bharat / politics

হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দেৱৰগাঁও দখল কৰিব ইউ পি পি এলে: প্ৰমোদ বড়ো - BTC CHIEF PRAMOD BORO

বৰ্তমানলৈকে বি টি চি নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে বি টি চিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ।

UPPL election meeting
হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দখলৰ হুংকাৰ প্ৰমোদ বড়োৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 10, 2025 at 1:37 PM IST

2 Min Read

কোকৰাঝাৰ: দেৱৰগাঁও সমষ্টিত এইবাৰ বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ পৰাজয় নিশ্চিত বুলি দাবী বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ ।

বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দেৱৰগাঁৱৰ তিতাগুৰী মাজপাৰাত সোমবাৰে অনুষ্ঠিত হয় ইউ পি পি এল দলৰ এক বৃহৎ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা সভা ৷ এই সভাত অংশগ্ৰহণ কৰি বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে দেৱৰগাঁও সমষ্টিত এইবেলি ইউ পি পি এল দলৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰে ৷

আগ্ৰাসী ইউ পি পি এল (ETV Bharat Assam)

সমষ্টিটোত এইবাৰ ইউ পি পি এল দলৰ পৰা মহিলা প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে কয়- ‘‘১৭ বছৰীয়া শাসনকালত হাগ্ৰামা মহিলাৰীয়ে নিজৰ গৃহ সমষ্টিতে একো উন্নয়নৰ কাম কৰা নাই । যি দুই-চাৰিটা ৰাস্তা-ঘাট নিজৰ মানুহৰ দ্বাৰা বনাইছিল সেয়াও জহি-খহি গৈছে ৷’’

প্ৰমোদ বড়োৱে লগতে কয়- ‘‘১৭ বছৰত হাগ্ৰামা মহিলাৰীয়ে ৭০০ টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিছিল, কিন্তু ইউ পি পি এলে চাৰে চাৰি বছৰতে ছয় হাজাৰৰো অধিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে । তদুপৰি স্বাধীনতাৰ ৭৫ বছৰ পিছতো সমাধান নোহোৱা মাটিৰ সমস্যা সমাধান কৰা হৈছে । ইউ পি পি এলৰ জন্মই হৈছে শান্তি-সম্প্ৰীতি, উন্নয়ন, ন্যায়, নিৰাপত্তা বাহাল ৰখাৰ বাবে আৰু এই ধাৰা অব্যাহত ৰাখিবলৈ ইউ পি পি এল বদ্ধপৰিকৰ ৷’’

UPPL election meeting
মাজপাৰাত অনুষ্ঠিত জনসভা (ETV Bharat Assam)

হিংসামুক্ত, অস্ত্ৰমুক্ত আৰু বিকশিত বড়োলেণ্ড গঢ়াৰ লক্ষ্যত ইউ পি পি এল দল স্থিৰ বুলি প্ৰমোদ বড়োৱে মন্তব্য কৰি বড়োলেণ্ডখন ছিকিমৰ দৰে শান্তিপূৰ্ণ হৈ থকাৰ আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে, বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ গৃহ সমষ্টি দেৱৰগাঁও পৰিষদীয় সমষ্টিৰ পৰাই প্ৰমোদ বড়োৱে বজাই নিৰ্বাচনী ৰণডংকা । বৰ্তমানলৈকে বি টি চি নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে বি টি চিত নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ।

এইক্ষেত্ৰত ইউ পি পি এল দল আগবাঢ়ি আছে আৰু ইতিমধ্যে বৃহৎ বৃহৎ সভা অনুষ্ঠিত কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিছে । ইপিনে বি টি আৰত নতুনকৈ গাঁও অন্তৰ্ভুক্তিকৰণ সন্দৰ্ভত প্ৰমোদ বড়োৱে সেয়া ঐতিহাসিক বি টি আৰ চুক্তিমৰ্মে হোৱা বুলি প্ৰকাশ কৰে ৷

লগতে পঢ়ক: বিধানসভা চাবলৈ আহিল গৌৰৱ গগৈ: সোণোৱালে ক’লে- কাম নহ’ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.