চন্দন ব্ৰহ্ম সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ মন্তব্যক ধিক্কাৰ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ - Lok sabha Election 2024
UPPL workers meet Pramod Boro : চিৰাং জিলাৰ ডাংতলত ইউপিপিএলৰ কৰ্মী সভা ৷ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ ইউপিপিএলত যোগদান সন্দৰ্ভত বিটিচি প্ৰধান প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ চন্দন ব্ৰহ্ম সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ মন্তব্যক ধিক্কাৰ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ৷

Published : April 9, 2024 at 7:34 AM IST
চিৰাং, 9 এপ্ৰিল: সাধাৰণ নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ইউপিপিএল তথা দলটোৰ শীৰ্ষ প্ৰমোদ বড়োৰ ৷ সোমবাৰে চিৰাং জিলাৰ ডাংতল গাঁৱত ইউপিপিএলৰ এখন সভাত অংশগ্ৰহণ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে ৷

প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মৰ ইউপিপিএলত যোগদান সন্দৰ্ভত বড়োৱে কয়, "ৰাজনীতিত তেনেকুৱা অহা-যোৱা হৈয়ে থাকে । চন্দন ব্ৰহ্ম এক দীঘলীয়া সময় ধৰি বি পি এফৰ নেতা হিচাপে কাম কৰিছিল ৷ তাৰ আগত সংগ্ৰাম কৰিছিল ৷ এই অঞ্চলৰ উন্নয়নৰ কাৰণে অধিকাৰৰ কাৰণে দীঘলীয়া এটা ৰোল আছে ।"

লগতে, হাগ্ৰামা মহিলাৰীয়ে কিয় চন্দন ব্ৰহ্মক বেয়া পালে সেয়া প্ৰমোদ বড়োয়ে নাজানে বুলিও কয় । বড়োৱে পুনৰ কয়, "2003 চনৰ পৰাই চন্দন ব্ৰহ্মই কাম কৰি আছে সেই হিচাপে আমাৰ দলত আহি কাম কৰিব বুলি আশা ৰাখিছো আৰু আমাৰ দলৰ লাভ হ’ব । চন্দন ব্ৰহ্ম কাম কৰিব পৰা মানুহ । হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্মৰ কি বেয়া পালে নাজানো । চন্দন ব্ৰহ্মক লৈ সকলো সিদ্ধান্ত দলে ল’ব ।"
আনহাতে, চন্দন ব্ৰহ্মই ইউপিপিএলত যোগদান কৰাৰ পাচতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সমালোচনা কৰা প্ৰসংগত সোচ্চাৰ হৈ প্ৰমোদ বড়োৱে কয়, "ইয়াতে হাগ্ৰামা মহিলাৰীৰ চৰিত্ৰটো প্ৰকাশ পাইছে ৷ তেখেত কিমান স্বাৰ্থপৰ হয় । এনে মন্তব্য দুৰ্ভাগ্যজনক ৷’’
তেওঁ কয়, ‘‘হাগ্ৰামা মহিলাৰীয়ে আৰু হেলিকপ্টাৰৰ ড্ৰাইভাৰ নাপায় । এতিয়া প্ৰমোদ বড়োৰ লগত আছে ড্ৰাইভাৰবোৰ । কেৱল ড্ৰাইভাৰ নহয় হেণ্ডিমেনবোৰও আমাৰ দলত আহিব । চন্দন ব্ৰহ্মৰ ওপৰত হাগ্ৰামা মহিলাৰীয়ে বেয়া মন্তব্য কৰাটো দুৰ্ভাগ্যজনক । বেয়া ভাষা ক’লে ৰাজনীতি নহয় ।"
সমান্তৰালভাৱে, লোকসভা নিৰ্বাচনত নিজৰ দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবে ঘৰে ঘৰে ইউপিপিএলৰ নেতা কৰ্মীসকলে প্ৰচাৰ অভিযান চলাইছে ৷
লগতে পঢ়ক: পৰিস্থিতিৰ দাবীত 12 এপ্ৰিলত ইউ পি পি এললৈ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম - Chandan Brahma UPPL join

