ETV Bharat / politics

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ

বিধানসভাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ গ্ৰহণৰ আৰ্জি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ।

Assam Budget Session 2025
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 8, 2025 at 7:13 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : এ পি এছ চি কেলেংকাৰীৰ ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ তদন্তৰ প্ৰতিবেদনত নথকা তথ্যৰে অসম বিধানসভাৰ মজিয়াত ভুল তথ্য দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই অভিযোগ উত্থাপনেৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ বিৰোধীৰ ।

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ তুলি বিধান সভাত বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ গ্ৰহণৰ বাবে পত্ৰ দাখিল বিৰোধী কংগ্ৰেছৰ । বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই শুকুৰবাৰে বিধানসভাত এই অভিযোগ দাখিল কৰি বিশেষাধিকাৰ ভংগৰ প্ৰস্তাৱ গ্ৰহণৰ আৰ্জি দিয়ে ।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ অভিযোগ (ETV Bharat Assam)

অসম বিধানসভাৰ কংগ্রেছ বিধায়িনী দলৰ সদস্যসকলৰ হৈ পত্ৰখনত দেৱব্ৰত শইকীয়াৰ লগতে স্বাক্ষৰ কৰিছে কংগ্ৰেছ বিধায়ক শিৱামণি বৰা, মিছবাহাউল হক চৌধুৰী আৰু আব্দুৰ ৰছিদ মণ্ডলে । বিধানসভাৰ সচিবলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰখনত কংগ্ৰেছে দাবী জনায়, “বিষয়টো হ'ল চলিত বিধানসভাৰ যোৱা ৩ মাৰ্চৰ অধিৱেশনত বিধায়ক মানৱ ডেকাই বিধানসভাৰ নিয়মাৱলী পৰিচালনাৰ rule 50 অনুসৰি অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাৰ APSC পৰীক্ষাৰ ফলাফল কেলেংকাৰীৰ তদন্তৰ প্রতিবেদনৰ ওপৰত অনা আলোচনাত অংশগ্রহণ কৰি মাননীয় মুখ্যমন্ত্রী মহোদয়ে কেতবোৰ মন্তব্য বিধানসভাৰ মজিয়াত দিছিল । এই মন্তব্যখিনি তেখেতে বিপ্লৱ শর্মাৰ প্রতিবেদনৰ ভিত্তিত দিয়া বুলি সদনত অৱগত কৰিছিল । কিন্তু প্রকৃততে বিপ্লৱ শর্মা প্রতিবেদনত মুখ্যমন্ত্রীয়ে কোৱা ধৰণৰ কথা উল্লেখ নাছিল । সেয়েহে, আজি হ'বলগীয়া বিধানসভাৰ বৈঠকত মই অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াই বিধানসভাত দিয়া বক্তব্যৰ ওপৰত বিশেষাধিকাৰ ভংগৰ এটা প্রস্তাৱ আনিব বিচাৰিছোঁ । এই প্রস্তাৱ বিধানসভাৰ মজিয়াত আজি উত্থাপন কৰিবলৈ অনুমতি দিয়ে যেন ।”

Assam Budget Session 2025
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ বিৰোধীৰ (ETV Bharat Assam)

কিন্তু শুকুৰবাৰে বিধানসভাত উপস্থিত নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । সেয়ে বিধানসভাত শুকুৰবাৰে উত্থাপন নহ’ল বিশেষাধিকাৰ ভংগ প্ৰসংগ ।

লগতে পঢ়ক :ৰাভা-হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা - RABHA HASONG AUTONOMOUS COUNCIL
লগতে পঢ়ক :অসমৰ যন্ত্ৰণা : চাহ, তেল, কয়লাৰে সমৃদ্ধ; তথাপিও সংস্থাপনহীনতাত পীড়িত হিমন্ত শাসিত ৰাজ্য - ASSAM POLITICS