ETV Bharat / politics

বি পি এফৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ, কোনে কোন সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা ? জানিবলৈ চাওক

বি পি এফ দ্বিতীয় প্ৰাৰ্থী তালিকাত ১০ জনৰ নাম ঘোষণা হাগ্ৰামা মহিলাৰীৰ । প্ৰথম পৰ্যায়ত ২২টা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছিল মহিলাৰীয়ে ।

BTR ELECTION 2025
বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী (Hagrama Mohilary FB Account)
author img

By ETV Bharat Assamese Team

Published : August 30, 2025 at 11:48 PM IST

|

Updated : August 31, 2025 at 11:23 AM IST

3 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : বড়োভূমিৰ নিৰ্বাচনী দিন ঘোষণাৰ পূৰ্বেই বি টি চিৰ মুঠ ৪০ খন আসনৰ ২২খনত প্ৰাৰ্থী ঘোষণা কৰি নিৰ্বাচনী ৰণত জপিয়াই পৰিছিল হাগ্ৰামা মহিলাৰীৰ বি পি এফ দল । শনিবাৰে সন্ধিয়া দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰত ঘোষণা কৰে আন ১০ জন প্ৰাৰ্থীৰ তালিকা ।

বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে শনিবাৰে দ্বিতীয় পৰ্যায়ত ঘোষণা কৰা ১০ গৰাকী প্ৰাৰ্থীৰ নাম :

বি পি এফ দ্বিতীয় প্ৰাৰ্থী তালিকাত ১০ জনৰ নাম ঘোষণা হাগ্ৰামা মহিলাৰীৰ (ETV Bharat Assam)
  1. ৩৯ নম্বৰ পাচনৈ সেৰফাং সমষ্টিত প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী
  2. ৪০ নম্বৰ ৰৌতা সমষ্টিত বিধায়ক চৰণ বড়ো
  3. ৩৩ নম্বৰ ননৈ সেৰফাং সমষ্টিত পল টপ্প'
  4. ১৯ নম্বৰ মানাস সেৰফাং জাংগিলা হাজোৱাৰী,
  5. ২১নম্বৰ শালবাৰী সমষ্টিত দিগন্ত গয়াৰী,
  6. ২২ নম্বৰ কোকিলাবাৰী সমষ্টিত সৗমখৗৰ বড়ো,
  7. ২৮ নম্বৰ গয়বাৰী(তামুলপুৰ)সমষ্টিত জীতেন মুছাহাৰী
  8. ১৮ নম্বৰ থুৰীবাৰী সমষ্টিত প্ৰাক্তন পাৰিষদ খলিলুৰ ৰহমান
  9. ৩৪ নম্বৰ খালিংদুৱাৰ সমষ্টিত প্ৰাক্তন কাৰ্যবাহী সদস্য বঞ্জাৰ দৈমাৰী
  10. ৩২ নম্বৰ ভেৰগাঁও সমষ্টিত মনচুমা বসুমতাৰী

এই ১০ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণাৰ পিছত বি পি এফে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা সমষ্টিৰ সংখ্যা হ’লগৈ ৩৮ টা ৷ দেওবাৰে তৃতীয় পৰ্যায়ত ৮ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ৷ উল্লেখ্য যে বি টি চিৰ মুঠ ৪০ খন আসনৰ সকলো আসনতেই বি পি এফে প্ৰাৰ্থিত্ব প্ৰাদন কৰিব ।

BTR ELECTION 2025
বি পি এফৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা (ETV Bharat Assam)

মন কৰিবলগীয়া যে বি টি চিৰ ৪০ টা পৰিষদীয় সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২৬,৫৮,৪৭৭ জন ৷ ইয়াৰে পুৰুষ ১৩,২৩,৬৭৩ জন হোৱাৰ বিপৰীতে ১৩,৩৪,৭৪৭ গৰাকী আৰু তৃতীয় লিংগৰ ১৭ গৰাকী ৷ জনহাজাৰ ভোটগ্ৰহণ কেন্দ্ৰ ৩,২৭৯ টা ।

আনহাতে, ২০২০ চনৰ ডিচেম্বৰত হোৱা নিৰ্বাচনৰ পিছত ২০২০ চনৰ ১৫ ডিচেম্বৰত প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল-বি পি এফৰ নতুন পৰিষদ গঠন হৈছিল ৷ ২০২০ চনৰ ২০ জানুৱাৰীত বি টি আৰ চুক্তি অৰ্থাৎ শান্তি চুক্তি হোৱাৰ পাছতে একে বছৰৰ ১৫ ডিচেম্বৰত পৰিষদ গঠন কৰে ৷ এক দীঘলীয়া সংগ্ৰামৰ অন্ত পেলাই প্ৰমোদ বড়োৰ নেতৃত্বত গঠন হোৱা পৰিষদখনত প্ৰমোদ বড়োৱে একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব বুলি আশা কৰা হৈছিল ৷

কিন্তু ১৭ বছৰ শাসনৰ গাদীত থকা হাগ্ৰামা মহিলাৰীয়ে ১৭ খন আসন লাভ কৰাৰ বিপৰীতে প্ৰমোদ বড়োৱে মাত্ৰ ১২ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় ৷ বি জে পিয়ে ন খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখন আৰু গণ সুৰক্ষা পাৰ্টিয়ে এখনকৈ আসন লাভ কৰে ৷ সংখ্যাত কম আসন থাকিলেও শেষত ইউ পি পি এলেই বিজেপি আৰু নিৰ্দলীয়ৰ সহযোগত গঠন কৰিলে বি টি চিৰ পৰিষদ ।

বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন হ’ল ২ ছেপ্টেম্বৰ ২০২৫ (মঙলবাৰ) ৷ মনোনয়নৰ পৰীক্ষা আৰু বৈধ মনোনয়নৰ তালিকা প্ৰকাশৰ দিন হ’ল ৪ ছেপ্টেম্বৰ ২০২৫ (বৃহস্পতিবাৰ) ৷ আনহাতে, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ হ’ল ৬ ছেপ্টেম্বৰ ২০২৫ (শনিবাৰ) । নিৰ্বাচনটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব ৬ ছেপ্টেম্বৰ ২০২৫, শনিবাৰে ৷

ভোটগ্ৰহণৰ তাৰিখ হ’ল ২২ ছেপ্টেম্বৰ ২০২৫ (সোমবাৰ), ভোট গণনাৰ তাৰিখ হ’ল ২৬ ছেপ্টেম্বৰ ২০২৫ (শুকুৰবাৰ) অৰ্থাৎ পূজাৰ পূৰ্বেই সমাপ্ত হ’ব বি টি চিৰ নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া আৰু গঠন হ’ব পৰিষদ ।

লগতে পঢ়ক : বিটিচি নিৰ্বাচন; প্ৰথম পৰ্যায়ৰ বাবে ২২টা সমষ্টিত প্ৰাৰ্থী ঘোষণা বিপিএফৰ

বি টি চি নিৰ্বাচনৰ দিন ঘোষণা: অৱশেষত বিকুল বাজিল বড়োভূমিত

প্ৰকাশ পালে বি টি আৰ নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা

Last Updated : August 31, 2025 at 11:23 AM IST