এবছু মানেই ইউ পি পি এল, ইউ পি পি এল মানেই এবছু: হাগ্ৰামাৰ কটাক্ষ
প্ৰমোদ বড়োৰ নম্বৰেই নাই ৷ কিয় ক'লে বি পি এফৰ সভাপতিয়ে ।

Published : September 13, 2025 at 5:43 PM IST
বাক্সা: এইবাৰ বি টি চিত বি পি এফেই গঠন কৰিব চৰকাৰ ৷ চৰকাৰ গঠন কৰিয়েই সমাজৰ কামত মনোনিৱেশ কৰিব ৷ আনকি দলটোৱে ভবাতকৈও অধিক আসন লাভ কৰি দুৰ্গা পূজাৰ আগতে চৰকাৰ গঠন কৰিব বুলি পুনৰ দাবী জনালে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।
বি টি চিত পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন দলে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ৷ ইয়াৰ সমান্তৰালকৈ বি পি এফ দলেও প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ তামুলপুৰৰ লক্ষী নাৰায়ণপুৰত বি পি এফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ ২৬ নম্বৰ দৰংগাজুলি সমষ্টিৰ বি পি এফ দলৰ প্ৰাৰ্থী ইমানুৱেল মুছাহাৰীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত হাগ্ৰামা মহিলাৰীয়ে এইদৰে মন্তব্য় কৰে ।
দ্বিতীয়গৰাকী ষ্টাৰ কেম্পেইনাৰ কোন ?
হাগ্ৰামা মহিলাৰীয়ে কয়, "এইবাৰ বি টি চিত বি পি এফে গঠন কৰিব চৰকাৰ ৷ চৰকাৰ গঠন কৰিয়েই সমাজৰ কামত মনোনিৱেশ কৰিব ৷" চৰকাৰ গঠন কৰিয়েই বি টি আৰবাসীক মাটিৰ পট্টা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি হাগ্ৰামী মহিলাৰীয়ে ৷ আনহাতে এইবাৰ পৰিষদীয় নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ পিছতেই দ্বিতীয়গৰাকী ষ্টাৰ কেম্পেইনাৰ বুলিও দাবী কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "প্ৰমোদ বড়োৰ নম্বৰেই নাই।"
এবছুৰ কাৰ্যালয়ত বহি প্ৰমোদ বড়োৱে বি টি চি চলাইছে :
আনহাতে এবছুৱে ইউ পি পি এল দলক সমৰ্থন কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "এবছু আৰু ইউ পি পি এল এটাই ৷ এবছু মানেই ইউ পি পি এল - ইউ পি পি এল মানেই এবছু ৷ এবছুৰ কাৰ্যালয়ত বহি প্ৰমোদ বড়োৱে বি টি চিখন চলাই আছে ৷ বি টি চিত প্ৰমোদ বড়োৰ নম্বৰেই নাই, প্ৰমোদ বড়ো জিৰো ।"
মুখ্যমন্ত্ৰীয়ে ভি চি ডি চি উঠাই দিব বুলি কৰা মন্তব্য় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়,"ভিচিডিচি কোনো শিল-বালি নহয় যে উঠাই পেলাই দিয়া বস্তু ৷ এইটো এটা ছিষ্টেম ৷ এইবোৰ নোহোৱা নোপোজা কথা ৷ এইবোৰ ৰাজনীতিৰ ভাষণ ৷ নিজক জয়ী কৰাবৰ কাৰণে এনে কথা প্ৰচাৰ কৰে ৷ মই যদি কওঁ অসমত পঞ্চায়ত উঠাই দিম, হ'ব নেকি ?"

