ETV Bharat / politics

চিৰাঙত বি পি এফৰ শক্তি প্ৰদৰ্শন, 912 গৰাকীৰ যোগদান

BPF joining program : চিৰাঙত বি পি এফ দলৰ বৃহৎ যোগদান কাৰ্যসূচী ৷ এই যোগদান কাৰ্যসূচীত কেবাটাও ৰাজনৈতিক দলৰ নেতা-কৰ্মীসহ 912 গৰাকী লোকে আজি বি পি এফ দলত যোগদান কৰে ৷

BPF joining program
চিৰাঙত বি পি এফ দলৰ বৃহৎ যোগদান কাৰ্যসূচী
author img

By ETV Bharat Assamese Team

Published : February 25, 2024 at 7:26 PM IST

2 Min Read
Choose ETV Bharat
চিৰাঙত বি পি এফৰ যোগদান কাৰ্যসূচী

চিৰাং, 25 ফেব্ৰুৱাৰী : লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক দল সমূহৰ কুচ-কাৱাজ ৷ বিয়াগোম নেতাৰ পৰা সাধাৰণ কৰ্মীলৈকে এতিয়া পাভলুটি মৰা পৰিলক্ষিত হৈছে ৷ বাগৰিছে ইটো ৰাজনৈতিক দলৰ পৰা সিটোলৈ ৷ দলীয় শক্তি বৃদ্ধি কৰিবলৈ দল সমূহে তীব্ৰ গতিত আৰম্ভ কৰিছে যোগদান কাৰ্যসূচী ৷ দল সমূহত যোগদানৰ বাবে এতিয়া চলিছে হেতা-ওপৰা ৷ যোগদান কাৰ্যসূচীৰ যোগেদি নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহে প্ৰদৰ্শন কৰিছে দলীয় শক্তিৰ ৷

দল সমূহৰ এই যোগদান কাৰ্যসূচীৰ প্ৰতিযোগিতাত পিছ পৰি থকা নাই বি পি এফ ৷ দলৰ শক্তি বৃদ্ধিৰ লক্ষ্যৰে আজি চিৰাঙত অনুষ্ঠিত হয় বি পি এফ দলৰ বৃহৎ যোগদান কাৰ্যসূচী ৷ জিলা সদৰ কাজলগাঁও স্থিত জিলা বি পি এফৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত কেবাটাও ৰাজনৈতিক দলৰ নেতা-কৰ্মীসহ 912 গৰাকী লোকে আজি বি পি এফ দলত যোগদান কৰে ৷ বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নতুনকৈ যোগদান কৰা সকলক আনুষ্ঠানিকভাৱে দললৈ আদৰণি জনায় ৷ এই অনুষ্ঠানতে আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ দলে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰে ৷

জানিব পৰা মতে অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক ৰূপম দাসে আজি আনুষ্ঠানিকভাৱে বি পি এফ দলত যোগদান কৰে ৷ 2021 ৰ বিধান সভা নিৰ্বাচনত বিজনী সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰূপম দাসে ৷ ইফালে তামুলপুৰ জিলা ইউ পি পি এলৰ উপ-সভাপতি ধনেশ্বৰ স্বৰ্গিয়াৰী, কোকৰাঝাৰ জিলা কংগ্ৰেছৰ আই টি চেলৰ সাধাৰণ সম্পাদক আব্দুছ ছাত্তাৰ আলীৰ লগতে কংগ্ৰেছৰ আন কেবাজনো নেতা,শালবাৰীৰ প্ৰাক্তন এম চি এল এ ৰঞ্জিত কেৰ্কেটাৰী, প্ৰাক্তন কে এল অ’ নেতা নিবাশ বৰ্মনসহ ইউ পি পি এল, বিজেপি ,কংগ্ৰেছ ,গণ সুৰক্ষা পাৰ্টীৰ মুঠ 912 গৰাকী লোকে আজি বি পি এফ দলত যোগদান কৰে ৷

এই যোগদান অনুষ্ঠানত বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীসহ উপ-সভাপতি সুদ্ধ বসুমতাৰী, সাধাৰণ সম্পাদক মনেশ্বৰ ব্ৰহ্ম, চিৰাং জিলা বি পি এফৰ সভাপতি তথা পাৰিষদ জেমচ বসুমতাৰী,পাৰিষদ পানীৰাম ব্ৰহ্ম, বি পি এফ দলৰ কেবাটাও জনগোষ্ঠীয় কোষৰ সভাপতিৰ লগতে বি পি এফ দলৰ কেবাজনো কেন্দ্ৰীয় নেতা, চিৰাং জিলা সমিতিৰ নেতা-কৰ্মীসহ প্ৰায় দুহেজাৰ লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : পাঁচটা সমষ্টিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি প্ৰকাশৰ বাবে সাজু বিজেপি