খাম্ফা বৰগয়াৰীক ইউ পি পি এললৈ ডেপুটেশ্যনত পঠিয়াইছো: হাগ্ৰামা মহিলাৰী
খাম্ফা বৰগয়াৰীৰ বি পি এফ ত্যাগে খলকনি তুলিছে বি টি আৰত । বৰগয়াৰীৰ দলত্যাগক লৈ প্ৰতিক্ৰিয়া বি পি এফ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ ।

Published : February 8, 2025 at 8:30 PM IST
সৰভোগ/গুৱাহাটী: প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলত বি টি আৰ চুক্তি ৰূপায়ণ কৰিব পৰাকৈ কোনো জনা-শুনা ব্যক্তি নাই । সেয়েহে হাগ্ৰামা মহিলাৰীয়ে বোলে বি পি এফৰ পৰা ইউ পি পি এললৈ ডেপুটেচনতহে পঠিয়াইছে খাম্ফা বৰগয়াৰীক । তাকো পঠিয়াইছে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে আলোচনা কৰি । বি পি এফ ত্যাগ কৰাৰ পিছত শনিবাৰে ইউ পি পি এলত যোগদান কৰিলে একালৰ বি পি এফ মূৰব্বী হাগ্ৰামা মহিলাৰীৰ সহযোগী খাম্ফা বৰগয়াৰীয়ে । তাৰ পিছতেই এই শ্লেষাত্মক মন্তব্য হাগ্ৰামা মহিলাৰীৰ ।
খাম্ফা বৰগয়াৰীৰ ইউ পি পি এল দলত যোগদানে বড়োভূমিত ৰাজনৈতিক আলোড়নৰ সৃষ্টি কৰিছে । খাম্ফাৰ ইউ পি পি এল গমনে বি পি এফৰ আন্তঃগাঁথনিত বিশেষ প্ৰভাৱ পেলাব বুলি ব্যাপক চৰ্চা লাভ কৰাৰ মাজতেই এই বিষয়টো লৈ শ্লেষাত্মকভাৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বি পি এফ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে ।
খাম্ফা বৰগয়াৰীক ডেপুটেশ্যনলৈ পঠিয়াইছো:
বি টি আৰ চুক্তি ৰূপায়ণত ইউ পি পি এল ব্যৰ্থ বুলি বাৰ্তা প্ৰেৰণৰ চেষ্টাৰে খাম্ফা বৰগয়াৰীৰ দলটোত যোগদান বিষয়ত প্ৰত্যুত্তৰ হাগ্ৰামা মহিলাৰীৰ । হাগ্ৰামাৰ মন্তব্য,"মই আৰু প্ৰমোদ বড়োৱে আলোচনা কৰিহে খাম্ফা বৰগয়াৰীক ডেপুটেশ্যনলৈ পঠিয়াইছো । আগতে আমি চন্দনক পঠিয়াই দিছো । বি টি আৰ চুক্তি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বুদ্ধি থকা জ্ঞানী মানুহৰ অভাৱ ঘটিছে । সেই কাৰণে প্ৰমোদ বড়োৱে মোৰ লগত আলোচনা কৰি আগত চন্দনক লৈ গৈছে, মই পঠিয়াই দিছো ডেপুটেশ্যনত । আৰু লাগে বোলে ৷ সেই কাৰণে মোৰ উপায় নাই ৷ সেয়ে খাম্ফাক পঠিয়াব লগা হৈছে ।”
সৰভোগৰ মইনবড়ী সত্ৰত এক অনুষ্ঠানত ভাগ লোৱাৰ পিছত সাংবাদিকৰ সৈতে হোৱা মত-বিনিময়ত সৰৱ হৈ পৰে হাগ্ৰামা মহিলাৰী । হাগ্ৰামালৈ লগতে সাংবাদিকৰ প্ৰশ্ন, "আপুনিও যাব নেকি ?" হাগ্ৰামাই আগবঢ়ালে একেই হাস্যমধুৰ ৰাজনৈতিক ভাষ্য, "মই বি পি এফ চাব লাগিব । মই নাযাওঁ ৷ মই লিডাৰ, বেলেগক দললৈ পঠিওৱাৰ ক্ষমতা আছে । সেয়ে মই পঠিয়াই আছো । আমাৰ দলত জ্ঞানী আৰু অভিজ্ঞ মানুহ আছে । ইউ পি পি এল দলত সেইটো অসুবিধা হৈ আছে । সেয়ে বি টি আৰ চুক্তিখন ৰূপায়ণ কৰিব পৰা নাই । আমাৰ কেইটাই এতিয়া শিকাই আছে ।"
কেৱল চন্দন ব্ৰহ্ম বা খাম্ফা বৰগয়াৰীয়েই নহয় । একালৰ হাগ্ৰামা দলৰ প্ৰভাৱশালী নেতা হিতেশ বসুমতাৰীয়েও শেহতীয়াকৈ ত্যাগ কৰিছে বি পি এফ ৷ পিছে খাম্ফা বৰগয়াৰী আৰু চন্দন ব্ৰহ্মক গুৰুত্ব দিলেও বিশেষ গুৰুত্ব দিব খোজা নাই হিতেশ বসুমতাৰীক । হাগ্ৰামাৰ মন্তব্য, "হিতেশৰ কাম নাই । চন্দন আৰু খাম্ফা জ্ঞানী আৰু জনা মানুহ । সেয়ে মই আলোচনা কৰি ডেপুটেশ্যনত পঠিয়াই দিছোঁ ।"
মন কৰিবলগীয়া যে খাম্ফা বৰগয়াৰীয়ে ইউ পি পি এলত যোগদান কৰাৰ দিনাই হাগ্ৰামাৰ দাবী যে বি টি আৰৰ আগন্তুক পৰিষদীয় নিৰ্বাচনত এইবাৰ ২৫ খনৰ তলত আসন নাপাই বি পি এফে । উল্লেখ্য যে বিগত ২০২০ৰ পৰিষদীয় নিৰ্বাচনত বি পি এফে ৪০ খন আসনৰ ভিতৰত ১৭ খন আসন লাভ কৰি সকলোতকৈ বেছিসংখ্যক আসন লাভ কৰিছিল যদিও গঠন কৰিব পৰা নাছিল পৰিষদ । গঠিত হৈছিল বি জে পিৰ সমৰ্থনত প্ৰমোদ বড়োৰ নেতৃত্বত ইউ পি পি এলৰ পৰিষদ ।

