আধাৰাস্তাৰ পৰাই বেণ্ডপাৰ্টীৰে আদৰি খাম্ফাক ট্ৰেক্টৰত বহুৱাই দিলে প্ৰমোদ বড়োৱে
দলে-বলে হাগ্ৰামা মহিলাৰীৰ সংগ এৰি ইউ পি পি এল দলত যোগদান খাম্ফা বৰগয়াৰীৰ ।

Published : February 8, 2025 at 6:58 PM IST
চিৰাং: বি টি চি নিৰ্বাচনৰ পূৰ্বে বি পি এফত মোক্ষম আঘাত হানি যেন ইউ পি পি এলক শক্তিশালী কৰিবলৈ আহিল খাম্ফা বৰগয়াৰী । বি পি এফ দলৰ উপ-সভাপতিৰ দায়িত্ব তথা দল এৰি শনিবাৰে ইউ পি পি এলত যোগদান কৰিলে বৰগয়াৰীয়ে ।
চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ্সৰ থাইকাঝৰা খেলপথাৰত শনিবাৰে আয়োজিত এক বিশাল অনুষ্ঠানত খাম্ফা বৰগয়াৰীক দলটোলৈ আদৰণি জনাই বি টি চি প্ৰধান প্ৰমোদ বড়োৱে । বেণ্ডপাৰ্টীৰে আধাৰাস্তাৰ পৰা সভাস্থলীলৈ আদৰি আনে বৰগয়াৰীক । ইয়াৰ পিছতে শতাধিক লোকৰ উপস্থিতিত আৰ'নাই, ফুলৰ থোপাৰে তেওঁক ইউ পি পি এল দলত আদৰি লয় দলীয় সভাপতি তথা বি টি চি প্ৰধান প্ৰমোদ বড়োৱে ।
এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, শাসকীয় দলৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী, সাংসদ ৰণগৌৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, বিধায়ক জিৰণ বসুমতাৰী, ই এম ৰঞ্জিত বসুমতাৰী, ড৹ নিলুৎ স্বৰ্গীয়াৰী, ছাইখং বসুমতাৰী আৰু প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ।
ইউ পি পি এল দলত যোগদান কৰি সদ্য বি পি এফ ত্যাগী খাম্ফা বৰগয়াৰীয়ে কয়, "তেখেতসকলৰ যি ভুল-ভ্ৰান্তি, মই দলত থাকি কেনেকৈ শুধৰাব পাৰো সেই কামটোৱেই মই কৰিম । সময়ত গোটেই পৰিস্থিতি সলনি হয় । সামাজিক পৰিস্থিতিও সলনি হয়, ৰাজনীতিৰ পৰিস্থিতিও সলনি হয় । আজি বি টি চিৰ পৰিস্থিতি সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে ।"

লগতে বৰগয়াৰীয়ে কয়, "মই ৰাইজৰ কাম কৰা মানুহ । কোনটো দলত থাকিলে বেছিকৈ ভালকৈ ৰাইজৰ বাবে ভাল কাম কৰিব পাৰিম সেইটোকে মই চাই আছিলো আৰু সকলো নেতাই সেইটোকে চায় । বুদ্ধিজীৱিসকলেও সেইটো চাইছে, গাঁৱৰ সাধাৰণ ব্যক্তিসকলেও সেইটোৱেই চাইছে । এনেবোৰ কাৰণতে মই নিজেই চিন্তা কৰি চাই বি পি এফ দল ত্যাগ কৰি ইউ পি পি এল দলত আহিছো ।"
হাগ্ৰামা মহিলাৰী সন্দৰ্ভত সদ্য বিপিএফ ত্যাগী নেতাগৰাকীয়ে কয়, "হাগ্ৰামা মহিলাৰী বি টি চিৰ এজন নেতা আৰু তেওঁৰ নেতৃত্বতে বি পি এফ দল প্ৰথমৰ পৰা আজিলৈকে চলি আছে । মই বিশ্বাস কৰো, আগন্তুক দিনত এই বি পি এফ দলটোক কেনেদৰে শক্তিশালী কৰিব লাগে সেয়া তেওঁ জানে আৰু তেওঁ সেই মতে চলাই যাব ।"

ইফালে বৰগয়াৰীক দললৈ আদৰণি জনাই বি টি চি প্ৰধান প্ৰমোদ বড়োৱে কয়, "খাম্ফা বৰগয়াৰীয়ে ইউ পি পি এলত আজি যোগদান কৰা পিছত ষ্টাৰক্ৰুজৰ আকৃতি লৈছে । যিখন ষ্টাৰক্ৰুজ ইউ জি ব্ৰহ্মই নিৰ্মাণ কৰা নাও আছিল আৰু এই নাওখনত আজিৰ বি টি চি প্ৰধান প্ৰমোদ বড়ো আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে ভৰি দিছিল । বড়োলেণ্ডত শান্তি ঘুৰি আহিল, যাৰ বাবে বড়োলেণ্ডলৈ আজি দেশ-বিদেশৰ অতিথিসকল আহিবলৈ লৈছে । লবী কৰা নেতাক আমাৰ ইউ পি পি এলত টিকট দিয়া নহয় ।"
হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰি বড়োৱে কয়, "প্ৰাৰ্থিত্বৰ বাবে আমাৰ এক পইচাও নালাগে, বি পি এফে টকা লয় । খাম্ফা বৰগয়াৰীক আজি আদৰি লৈছো, বি টি আৰৰ শান্তি আৰু উন্নয়নৰ কাম একেলগে কৰি যাম । ইতিমধ্যে বি পি এফৰ বহু নেতা ইউ পি পি এলৰ সৈতে যোগাযোগত আছে আৰু তেওঁলোকো আহিব ।"
ইফালে, দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বি টি চি প্ৰধানগৰাকীয়ে কয়, "যিটো দলে ৰাইজৰ লগত থাকে, ৰাইজৰ ভাল কাম কৰে, ৰাইজৰ মৰম পাব পাৰে, ৰাইজে বিশ্বাসত ল'ব পাৰে সেই দলেই চৰকাৰ গঠন কৰিব । সেইটো পৰিৱেশেই আছে । গতিকে কেজৰিৱাল ডাঙৰীয়াই একপক্ষীয়ভাৱে, একনায়কত্ববাদৰ নিচিনা কথাবোৰ কৈছিল, কাম কৰিছিল আৰু সেই কথাবোৰ দিল্লীৰ জনতাই ভাল পোৱা নাছিল ।"
লগতে বড়োৱে কয়, "আগতে যিখন দিল্লী আছিল, লাহে লাহেকৈ দিল্লীখন লেতেৰা হৈ গৈছিল । যেনেকৈ দিল্লীখন গঢ়িব লাগিছিল দেশৰ ৰাজধানী হিচাপে, তাত তেখেতসকল বিফল হৈছে আৰু সেইকাৰণে দিল্লীৰ জনতাই আজি এই মতদান কৰিছে বুলি মই ভাবো ।"

