বাঘে-ছাগে একে ঘাটত ! বঙাইগাঁৱত কংগ্ৰেছৰ সমৰ্থনত জিলা পৰিষদ দখল অগপৰ
মিত্ৰ বিজেপিয়ে ঠগিলে অগপক ! কংগ্ৰেছৰ কান্ধত ভৰ দি বঙাইগাঁও জিলা পৰিষদ দখল অগপৰ ।

Published : August 6, 2025 at 6:06 PM IST
বঙাইগাঁও: বিধানসভা নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁৱত আউল লাগিছে অগপ-বিজেপিৰ মিত্ৰতাত ! প্ৰত্যক্ষভাৱে সেই বিষয়ে দুয়োটা দলৰ পৰা একো ব্যক্ত নকৰিলেও শেহতীয়া ৰাজনৈতিক পৰিস্থিতিয়ে যেন তাকেই আঙুলিয়াই দিছে । অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীৰ গৃহজিলাত বিজেপিয়ে অগপৰ লগ এৰিছে নেকি ? এই প্ৰশ্নও এতিয়া ৰাজনৈতিক মহলত উত্থাপন হৈছে । কিয়নো নিজৰ মিত্ৰদলৰ পৰা জিলা পৰিষদ গঠনত সঁহাৰি লাভ নকৰাত ৰাজনৈতিক বৈৰী কংগ্ৰেছৰ শৰণাপন্ন হ'বলগা হৈছে আঞ্চলিকতাবাদী দলটোৱে । যাৰ ফলত আগন্তুক নিৰ্বাচনৰ পূৰ্বে অগপ-বিজেপিৰ মিত্ৰতাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে ।
মিত্ৰদল বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিসকলৰ অনুপস্থিতিৰেই মঙলবাৰে গঠন হ'ল বঙাইগাঁও জিলা পৰিষদ । ইয়াৰ বিপৰীতে উপস্থিত থাকে কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী ৷ সভাপতি নিৰ্বাচিত হ'ল অগপৰ মৃদুলা সিংহ ৷ প্ৰতিদ্বন্দ্বী নাছিল আন কোনো ৷ ফলত কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েও জনালে নৈতিক সমৰ্থন ৷
অগপৰ মতে, বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে দলৰ প্ৰাৰ্থীগৰাকী ৷ কাৰণ আন কোনেও কৰা নাছিল প্ৰতিদ্বন্দ্বিতা ৷ উপস্থিত সকলোৱে সেয়ে জনায় সমৰ্থন ৷ কিন্তু চাৰিগৰাকী সদস্য থকা অগপই বাৰজনীয়া প্ৰতিনিধি থকা জিলা পৰিষদখন গঠন কৰিব পাৰেনে, যদিহে কংগ্ৰেছৰ দুগৰাকী আৰু নিৰ্দলীয় এগৰাকী প্ৰতিনিধিয়ে সমৰ্থন আগনবঢ়ায় ?
যি কি নহওক, বিজেপিৰ অংক নিমিলাৰ সুযোগ গ্ৰহণ কৰি অগপই নিজৰ চাৰিগৰাকী সদস্য থকাৰ পিছতো গঠন কৰিলে জিলা পৰিষদখন ৷ কিন্তু লগে লগে প্ৰশ্নৰ উদ্ৰেগ ঘটিল, বিজেপি-অগৰ মিত্ৰতাত ফাঁট মেলিল নেকি ? সেয়া স্পষ্ট হৈছেই ৷ চৰ্চা চলিছে বিজেপিয়ে বিচাৰিছিল সভাপতিৰ পদটো ৷ কিন্তু সম্ভৱ হৈ নুঠাত অনুপস্থিত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
সেইদৰে বিজেপিৰ নিৰ্বাচিত প্ৰতিনিধিৰ মাজতে আকৌ সভাপতি পদটোক লৈ টনা-আঁজোৰা চলি আছিল ৷ এগৰাকী নৱনিৰ্বাচিত মহিলা প্ৰতিনিধিয়ে বিচাৰিছিল সভাপতিৰ পদটো ৷ চেষ্টাও কৰিছিল ৷ কিন্তু মহিলা প্ৰতিনিধিগৰাকীক সমৰ্থন নকৰে আকৌ কোনোবাই ৷ বৰং দাবীদাৰ আৰু আছে ৷ সেয়ে শেষত গৈ সকলো নিমিলা অংকত পৰিণত হ'ল ৷

অৱশ্যে বিজেপি দলৰ পৰা উপ-সভাপতি হোৱাটে খাটাং ৷ কাৰণ অনুসূচিত জাতিৰ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত পদটো ৷ উল্লেখ্য যে মঙলবাৰে বঙাইগাঁও জিলা পৰিষদ গঠনৰ বাবে জিলা আয়ুক্তৰ তৰফৰ পৰা ধাৰ্য কৰি দিয়া হৈছিল দিন ৷ সেই অনুসৰি মঙলবাৰে জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰথম বৈঠক আয়োজন কৰা হয় ৷
বৰপাৰাস্থিত বঙাইগাঁও জিলা পৰিষদ কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা বৈঠকলৈ অগপ দলৰ নিৰ্বাচিত চাৰিগৰাকী প্ৰতিনিধি, কংগ্ৰেছ দলৰ দুজন (এজন নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ পিছত কংগ্ৰেছত যোগ দিছে) প্ৰতিনিধি আৰু এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী উপস্থিত হয় যদিও বিজেপি দলৰ চাৰিগৰাকী আৰু আন এগৰাকী নিৰ্দলীয় প্ৰতিনিধি উপস্থিত নহ'ল ৷
মিত্ৰদল অগপই বিজেপি দলৰ প্ৰতিনিধিসকল আহিব বুলি অপেক্ষা কৰি থাকে যদিও কাৰো সৈতে যোগাযোগ কৰিবলৈ সক্ষম নহ'ল ৷ দিনৰ ১২ বজাৰ পৰা ১ বজালৈ ধাৰ্য কৰি দিয়া সময় উকলি যোৱাৰ পিছত বাকী পাঁচগৰাকী প্ৰতিনিধি উপস্থিত নোহোৱাত উপস্থিত থকা সাতগৰাকী প্ৰতিনিধিৰেই আৰম্ভ হয় বৈঠকৰ কাৰ্যসূচী ৷

বঙাইগাঁও জিলাৰ উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অগপ দলৰ বঙাইগাঁও জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচিত প্ৰতিনিধি শশীভূষণ মেধিয়ে অগপ দলৰ ঢালিগাঁও জিলা পৰিষদ সমষ্টিৰ পৰা নিৰ্বাচিত মৃদুলা সিংহৰ নামটো সভাপতি পদৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু দলটোৰ চক্ৰভৌম জিলা পৰিষদ সমষ্টিৰ প্ৰতিনিধি জানকী বালা ৰায়ে সমৰ্থন আগবঢায় ৷
এই প্ৰস্তাৱত কংগ্ৰেছ দলৰ আফচানা পাৰবিন আৰু শেহতীয়াকৈ কংগ্ৰেছ দলত যোগদান কৰা কেৰামত আলীৰ লগতে নিৰ্দলীয় ৰমেজ উদ্দিনেও নৈতিক সমৰ্থন আগবঢ়ায় ৷ ফলত অগপই গঠন কৰে জিলা পৰিষদখন ৷ ইপিনে উপ-সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত হোৱাত বাকীসকল উপস্থিত নথকাত নিৰ্বাচিত কৰিব পৰা নগ'ল ৷
অনুষ্ঠানত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাৰ লগতে বিভাগীয় অন্যান্য বিষয়া, দলৰ কিছুসংখ্যক সদস্য উপস্থিত থাকে ৷ ইপিনে জিলা পৰিষদৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনুপম ডেকাই সংবাদ মাধ্যমৰ আগত কয়, "৫ আগষ্টত জিলা আয়ুক্তই নিৰ্দিষ্ট কৰি দিয়া অনুসৰি বঙাইগাঁও জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য-সদস্যাসকলৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায় ৷ প্ৰথম বৈঠকত সভাপতিত্ব কৰে জিলা উন্নয়ন আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৷ বৈঠকত জিলা পৰিষদৰ সভাপতি হিচাপে মৃদুলা সিংহ নিৰ্বাচিত হৈছে ৷ আনহাতে, উপ-সভাপতিৰ পদটো অনুসূচিত জাতিৰ মহিলাৰ বাবে সংৰক্ষিত আছিল আৰু বৈঠকত যিসকল নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্য-সদস্যা উপস্থিত আছিল তেওঁলোকৰ মাজত অনুসূচিত জাতিৰ কোনো মহিলা সদস্য নাছিল ৷ সেইবাবে উপ-সভাপতিৰ পদটোৰ বাবে কোনো প্ৰাৰ্থী নিৰ্বাচিত নহ'ল ৷ পিছত জিলা আয়ুক্তই নিৰ্ধাৰণ কৰি দিয়া দিনত নিৰ্বাচিত কৰা হ'ব ৷"
তেওঁ লগতে কয় যে বঙাইগাঁও জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য-সদস্যাৰ মুঠ সংখ্যা ১২ গৰাকী ৷ কিন্তু বাৰগৰাকীৰ ভিতৰত বৈঠকত সাতগৰাকী উপস্থিত আছিল ৷ যিগৰাকী সভাপতি নিৰ্বাচিত হৈছে তেওঁ বৈঠকত উপস্থিত থকা সকলোকেইগৰাকী সদস্য-সদস্যাৰ সন্মতিক্ৰমে নিৰ্বাচিত হৈছে ৷ বিজেপি দলৰ নিৰ্বাচিত সদস্যসকলৰ লগতে এগৰাকী নিৰ্দলীয় সদস্যাও উপস্থিত নাছিল ৷

ইফালে বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে কয়, "ভাল লাগিছে, নিজকে আমি শক্তিশালী বুলি অনুভৱ কৰিছোঁ আজিৰ দিনত ৷ যিহেতু আমি অগপ দলে কাম কৰিব পাৰিছোঁ, তেনে সুবাদতে বাকী দলেও আমাক সমৰ্থন জনাইছে ৷ তেওঁলোকে নিশ্চয় ভাবিছে যে আমি কাম কৰিব পাৰিম ৷ বিজেপি দলক সোমবাৰে ফোন কৰা হৈছিল ৷ তেওঁলোকৰ কিবা অসুবিধা থাকিব পাৰে ৷ বিশেষ নাজানিলোঁ, কিয় উপস্থিত নাথাকিল ৷ কিন্তু যিহেতু যোগাযোগ নাই হোৱা, সেয়ে আমাৰ পৰাই জিলা পৰিষদ গঠন হৈ গ'ল ৷ এতিয়ালৈকে দুই দলৰ মাজত জিলা পৰ্যায়ত কোনো খিলিমেলি নাই হোৱা ৷ জিলা পৰিষদ গঠন হ'লহে আৰু পৰৱৰ্তী পৰ্যায়তো নিশ্চয় ভালে যাব ৷"
আনহাতে, প্ৰথমটো দিনত মিত্ৰদলৰ নিৰ্বাচিত সদস্যসকল উপস্থিত নথকাত অলপ বেয়ালগা বুলি ক'লেও ভাল লাগে বুলিও কয় ৷ তেওঁ কয়, "আমি যিহেতু মিত্ৰ দল, সেয়ে আমাৰ লগত থাকিলে নিশ্চয় ভাল লাগিলহেঁতেন ৷ কিন্তু হয়তো কিবা অসুবিধা থাকিব পাৰে, সেয়ে আহিব পৰা নাই ৷"
আনহাতে, বিজেপি দলে সভাপতিৰ পদ বিচাৰিছিল নেকি বুলি সোধাত বিধায়িকাগৰাকীয়ে কয়, "আমি শুনা নাই ৷ তেওঁলোকে যদি কৈছিলোঁ মই কিন্তু গম পোৱা নাই ৷"
ইফালে অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে বিজেপিৰ অনুপস্থিতিত অগপই জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয়, "এই প্ৰশ্নৰ উত্তৰটো মই দিব নোৱাৰিম ৷ কাৰণ আমি বিজেপিৰ লগত যোগাযোগ কৰিছিলোঁ ৷ এতিয়া বঙাইগাঁও জিলাত প্ৰাক্তন বিধায়ক ভূপেন ৰায় আমাৰ অগপ দলৰ সাধাৰণ সম্পাদক ৷ মই ভূপেন ৰায়ক বাৰম্বাৰ কৈছিলোঁ আৰু মই কোৱাৰ পিছত বিজেপি দলৰ জিলা সভাপতিক কেইবাবাৰো ফোন কৰি সাক্ষাৎ কৰাৰ বাবে সময় লৈছিল যদিও তেওঁলোকৰ অসুবিধা বুলিয়ে ক'ব লাগিব, লগ কৰিব নোৱাৰিলে ৷ আনকি ভূপেন ৰায়ে অভয়াপুৰীৰ আৱৰ্ত ভৱনত জিলা বিজেপিৰ সভাপতিৰ বাবে ৰুটি আদি অৰ্ডাৰ দি বহি আছিল ৷ তাৰ পিছত জিলা বিজেপিৰ সভাপতিলৈ ফোন কৰাত সভাপতিগৰাকীয়ে গুৱাহাটীলৈ যাব বুলি কৈ ঘূৰি আহি কথা পাতিব বুলি কয় ৷ কিন্তু গুৱাহাটীৰ পৰা আহিও কথা নাপাতিলে ৷ সোমবাৰেও ভূপেন ৰায়ে সন্ধিয়া জিলা বিজেপিৰ সভাপতিগৰাকীক দুবাৰ ফোন কৰিছিল ৷ কিন্তু তেওঁ ফোন নধৰিলে ৷"
বিজেপিয়ে সভাপতি পদটো বিচাৰিছিল নেকি বুলি সাংসদগৰাকীক সোধাত কয়, "আমি আলোচনা কৰিব বিচাৰিছিলোঁ ৷ আমাৰ যিহেতু চাৰিগৰাকীকৈ সদস্য আছে, সেয়ে কি কৰা যায় ৷ কিন্তু তেওঁলোকে আমাৰ লগত আলোচনাত মিলিতই নহ'ল ৷ গতিকে সভাপতি বিচাৰিব আৰু বিচৰাতো স্বাভাৱিক কথা ৷ কিন্তু আলোচনাত মিলিতই নহ'ল ৷ ইপিনে মঙলবাৰে যিহেতু প্ৰথম বৈঠকৰ দিন ধাৰ্য কৰিছে, সেয়ে প্ৰথম সভাখনত আমাৰ অগপ দলৰ চাৰিজন গৈছে ৷ আৰু বাকী তিনিজন গৈছে ৷ বিজেপি দলৰ চাৰিজনেই অনুপস্থিত আছিল আৰু এগৰাকী নিৰ্দলীয় সদস্য বঙাইগাঁৱলৈ আহিও পুনৰ উভতি গৈছে ৷ মিত্ৰ দলৰ মাজত কোনো খেলিমেলি নহয় ৷ মিত্ৰতা আমাৰ ৰাজ্যিক ভিত্তিত হৈছে বা কেন্দ্ৰ ভিত্তিত হৈছে ৷ এইটো এটা সৰু কথা ৷ জিলা পৰিষদৰ সভাপতিলৈহে ৷ তেওঁলোকে হয়তো বিচাৰিছিল বা আশা কৰিছিল, কিন্তু তেওঁলোকৰ ভুল হ'ল আমাৰ লগত আলোচনা কৰিব লাগিছিল, নকৰিলে ৷ আমাৰ মনৰ কথাখিনি তেওঁলোকে নুশুনিলেই বা নাজানিলেই, আমি কি ক'ব বিচাৰিছিলোঁ, কি বিচাৰিছিলোঁ ৷"
সেইদৰে অগপই কংগ্ৰেছক সমালোচনা কৰে আৰু কংগ্ৰেছৰ সমৰ্থন লৈয়ে জিলা পৰিষদ গঠন কৰা সন্দৰ্ভত কয়, "সভাপতি নিৰ্বাচনৰ বাবে কোনো ভোটেই হোৱা নাই ৷ ভোট হ'লে আমাৰ পৰা নিশ্চয় তেওঁলোকৰ সমৰ্থন বিচাৰিলেহেঁতেন ৷ ভোটেই হোৱা নাই ৷ তেওঁলোকে প্ৰাৰ্থী দিলে ভোট হ'লহেঁতেন ৷ আমি চাৰিজন আছোঁ আৰু তেওঁলোক তিনিজন আছে ৷ তেওঁলোকে কেনেকৈ প্ৰাৰ্থী দিব ? কংগ্ৰেছে সমৰ্থন জনোৱাৰ কথাটো ইয়াত অহা নাই ৷"
তেওঁ কয় যে অগপৰ চাৰিজন আছিল, দুগৰাকী নিৰ্দলীয় আৰু এজন কংগ্ৰেছৰ আছিল ৷ কংগ্ৰেছৰ দুজন নহয় এজনহে বুলিও কয় ৷
ইপিনে আবেলি বঙাইগাঁৱৰ অগপ কাৰ্যালয়ত বিজয় সভা অনুষ্ঠিত কৰি নৱনিৰ্বাচিত সভাপতি তথা দলৰ আন জিলা পৰিষদৰ সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ আনহাতে, অগপ কাৰ্যালয়ত এখন সংবাদমেলৰো আয়োজন কৰে দলৰ তৰফৰ পৰা ৷ সংবাদমেলত দলৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বক্তব্য ৰাখে ৷ সংবাদমেলত বিধায়িকা দীপ্তিময়ী চৌধুৰী, জিলাৰ নেতৃত্ব উপস্থিত থাকে ৷
আনহাতে, জিলা পৰিষদ কংগ্ৰেছৰ সমৰ্থনত গঠন হোৱাৰ পিছত বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি গিৰীশ বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "অগপ আৰু বিজেপি কংগ্ৰেছৰ মূল শত্ৰু । গতিকে নৈতিক সমৰ্থন দিয়াৰ কথাই নাহে । বিজেপিৰ প্ৰাৰ্থীসকল নহা বাবেহে নতুনকৈ কংগ্ৰেছত যোগদান কৰা এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েহে সমৰ্থন দিছে ।" লগতে জিলা পৰিষদত অনাগত সময়ত অনাস্থা অহাৰ সম্ভাৱনা থকাৰ কথাও ব্যক্ত কৰে কংগ্ৰেছৰ জিলা সভাপতি গিৰীশ বৰুৱাই ।

