ETV Bharat / politics

বাজপেয়ী ভৱনত মাৰথান বৈঠক, যুৱ-মহিলা শক্তিক প্ৰাধান্য বিজেপিৰ - PANCHAYAT ELECTIONS 2025

সমাগত পঞ্চায়ত নিৰ্বাচন ৷ নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বৰ বৈঠক ।

BJP's top leaders meets to discuss the assam panchayat elections at Vajpayee Bhawan
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 13, 2025 at 9:18 AM IST

3 Min Read

গুৱাহাটী : ৰাজ্যজুৰি এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ । পঞ্চায়ত নিৰ্বাচনক লৈ ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যিক বিজেপিয়ে । মনোনয়নপত্ৰ দাখিলৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে অনাগত দিনকেইটাৰ কাৰ্যক্ৰম ত্বৰান্বিত কৰিবলৈ শনিবাৰে কেইবাখনো প্ৰস্তুতি আৰু পৰ্যালোচনা বৈঠকত মিলিত হয় প্ৰদেশ সভাপতি দিলীপ শইকীয়াকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্ব ।

ইতিমধ্যে সম্পূৰ্ণ হোৱা কামকাজৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে অনাগত দিনৰ কৰ্মসূচীৰ প্ৰস্তুতিৰ বিষয়ে বিস্তাৰিতভাৱে শনিবাৰে আলোচনা কৰা হয় ৷ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পৌৰহিত্যত ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এই মাৰাথন বৈঠকত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, পঞ্চায়ত নিৰ্বাচন প্ৰৱন্ধন কমিটীৰ আহ্বায়ক জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ক্ৰমে পীযুষ হাজৰীকা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, সাধাৰণ সম্পাদক পল্লৱলোচন দাস আদিয়ে অংশগ্ৰহণ কৰে ৷

শনিবাৰে পুৱাৰ ভাগত দলৰ সামাজিক মাধ্যম কোষৰ বিষয়ববীয়াৰ লগতে দায়িত্বপ্ৰাপ্ত কাৰ্যকৰ্তাসকলৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷ এই বৈঠকত সামাজিক মাধ্যমৰ কামকাজৰ পৰ্যালোচনা কৰাৰ লগতে পঞ্চায়ত নিৰ্বাচনত পালন কৰিবলগীয়া দায়িত্ব সম্পৰ্কে সভাপতি দিলীপ শইকীয়াসহ উপস্থিত নেতৃবৰ্গই দিকনিৰ্দেশনা প্ৰদান কৰে ৷

PANCHAYAT ELECTIONS 2025
ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্বৰ বৈঠক (ETV Bharat)

শনিবাৰে দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হয় নিৰ্বাচন প্ৰৱন্ধন কমিটী বৈঠক ৷ এই বৈঠকত নিৰ্বাচন প্ৰৱন্ধন উপ-সমিতিৰ বিষয়ববীয়াসকলৰ লগতে দায়িত্বপ্ৰাপ্ত কাৰ্যকৰ্তাসকলৰ লগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অগ্ৰগতি সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰা হয় ৷

বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এক বিবৃতিত এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত দলটোৱে গ্ৰহণ কৰা কেইবাটাও উল্লেখযোগ্য তথা ব্যতিক্ৰমী পদক্ষেপৰ কথা ৰাজহুৱা কৰে ৷ আটাইতকৈ উল্লেখনীয় কথাটোৱেই হ’ল, নতুন মুখৰ সন্ধান ৷

এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলৰ ভিতৰত ৪০ শতাংশ প্ৰাৰ্থীয়েই হ’ল ৪৫ বছৰৰ অনুৰ্ব্বৰ ৷ ৫০ বছৰ বয়সৰ ভিতৰত থকা সৰ্বমুঠ প্ৰাৰ্থীৰ সংখ্যা প্ৰায় ৬০ শতাংশ ৷ ৰাজ্যখনৰ সৰ্বমুঠ ৩৯৭টা জিলা পৰিষদৰ পদৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীৰ সংখ্যা ৩২৫ আৰু বাকী ৭২টা পদৰ প্ৰাৰ্থী মিত্ৰ দল অসম গণ পৰিষদৰ, ৬ গৰাকী প্ৰাৰ্থী গণশক্তি দলৰ আৰু ৫ গৰাকী প্ৰাৰ্থী ৰাভা হাছং যৌথ মঞ্চৰ ৷

PANCHAYAT ELECTIONS 2025
ভাৰতীয় জনতা পাৰ্টীৰ শীৰ্ষ নেতৃত্ব (ETV Bharat)

উল্লেখ্য যে, বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰা ৩২৫ গৰাকী প্ৰাৰ্থীৰ ১৭৮ গৰাকীয়েই মহিলা প্ৰাৰ্থী ৷ পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ১৪৭ ৷ ইয়াৰে ভিতৰত ৫০ গৰাকী অনুসূচিত জাতি, ৪৪ গৰাকী অনুসূচিত জনজাতি, ১২৯ গৰাকী অন্যান্য পিছপৰা জাতিৰ ৷ সাধাৰণ জাতিৰ প্ৰাৰ্থীৰ সংখ্যা হৈছে ১০২ গৰাকী ৷ ইয়াৰ মাজত ৩৯ গৰাকী ইছলাম ধৰ্মীয় লোককো প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৷

PANCHAYAT ELECTIONS 2025
ভাৰতীয় জনতা পাৰ্টী (ETV Bharat)

অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি, জনজাতিক সামৰি ৰামধেনু সদৃশ সমন্বয়ৰ বাৰ্তাৰে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী বাচনি কৰা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হয় ৷ যুৱ শক্তিৰ অদম্য কৰ্মদক্ষতাৰে সকলো জাতি-জনগোষ্ঠীৰ সন্মানজনক অংশগ্ৰহণেৰে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন অধিক আকৰ্ষণীয় আৰু কাৰ্যক্ষম হ’ব বুলি ৰাজ্যিক বিজেপিয়ে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী বছৰজোৰা কাৰ্যসূচীৰে পালনৰ সিদ্ধান্ত কেবিনেটৰ

লগতে পঢ়ক : কোনে আৰু কিয় অসমক অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছিল; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.