প্ৰতিবাদত অথন্তৰ; বিজেপি কৰ্মীয়ে জ্বলালে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মাতৃৰ ফটো
এই ঘটনাৰ ভিডিঅ’ পৰৱৰ্তী সময়ত ব্যাপক ৰূপত ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷

Published : September 2, 2025 at 10:59 AM IST
নলবাৰী : কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা বিজেপিত ঘটিল অথন্তৰ ৷ অত্যুৎসাহী বিজেপি কৰ্মীয়ে ৰাহুল গান্ধীৰ লগতে জ্বলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাতৃৰ ফটো সম্বলিত পোষ্টাৰ ৷ এই ঘটনাৰ ভিডিঅ’ পৰৱৰ্তী সময়ত ব্যাপক ৰূপত ভাইৰেল হৈ পৰে সামাজিক মাধ্যমত ৷
শেহতীয়াকৈ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে শাসকীয় দল বিজেপিয়ে ৷ দেওবাৰে গুৱাহাটী মহানগৰীত প্ৰায় ৫ শতাধিক বিজেপি নেতা-কৰ্মীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ পিছত সোমবাৰে নলবাৰী জিলা বিজেপিৰ নেতৃত্বত অনুষ্ঠিত হৈছিল এক প্ৰতিবাদী কাৰ্যসূচী ৷
চহৰখনৰ মাজমজিয়াৰ গোল পাৰ্কৰ সমীপতে গেৰুৱা দলটোৰ নেতা-কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাহুল গান্ধীৰ ফটো সম্বলিত বেনাৰ-ফেষ্টুন প্ৰতিবাদ সাব্যস্ত কৰিছিল বিজেপি নেতা-কৰ্মীসকলে । অৱশ্যে সেই প্ৰতিবাদৰ মাজতে ঘটে এটা অনাকাংক্ষিত ঘটনা ৷
প্ৰতিবাদৰ সময়ত ৰাহুল গান্ধীৰ ফটো সম্বলিত বেনাৰ-পোষ্টাৰসমূহ জ্বলাই দাহ কৰিছিল বিজেপিয়ে ৷ কিন্তু কোনো অত্যুৎসাহী বিজেপি কৰ্মীয়ে প্ৰধানমন্ত্ৰী আৰু মাতৃৰ একেলগে থকা এখন ফটোতো জুই লগাই জ্বলাই দিয়ে ৷ এই দৃশ্য পৰৱৰ্তী সময়ত দ্ৰুতগতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷

জিলা সভাপতিৰ প্ৰতিক্ৰিয়া
এই সমগ্ৰ ঘটনাটোক লৈ সামাজিক মাধ্যমত প্ৰকাশ পায় মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ গেৰুৱা দলটোৰ নেতা-কৰ্মীয়ে এই ঘটনা অনাকাংক্ষিত বুলি দাবী কৰাৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছৰ নেতা-কৰ্মীয়ে ইয়াক লৈ হাস্যৰসৰ সৃষ্টি কৰে ৷
ইটিভি ভাৰতৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত কুমাৰ বুজৰবৰুৱাই এনেদৰে কয়, ‘‘পত্নীৰ চিকিৎসাজনিত কাৰণত মই কালি হোৱা প্ৰতিবাদত উপস্থিত নাছিলো ৷ প্ৰতিবাদত যি নহ’বলগীয়া ঘটনা ঘটিল, তাৰ বাবে দুখিতঃ ৷ আগন্তুক সময়ত যাতে এনে কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে সাৱধান হ’ম আৰু দলৰ নীতি অনুযায়ী অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিম ৷’’
জিলা বিজেপিৰ স্পষ্টীকৰণ
ইতিমধ্যে নলবাৰী জিলা বিজেপিৰ তৰফৰ পৰা ফেচবুকত এটা পোষ্ট দিয়া হৈছে ৷ পোষ্টটোত এনেদৰে কোৱা হৈছে,
‘‘আজি নলবাৰীত ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলা সমিতিৰ উদ্যোগত থানা চ'কত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শেহতীয়াকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃ স্বৰ্গীয়া হীৰাবেনক উদ্দেশ্য কৰি কংগ্ৰেছ নেতাই অতি অশালীন মন্তব্য কৰাৰ প্ৰতিবাদত আজি নলবাৰী জিলা বিজেপিয়ে প্ৰতিবাদ সাব্যস্ত কৰে । মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ৯২ বছৰীয়া প্ৰয়াত মাতৃক অপমান সনাতনী সমাজৰ বাবে লজ্জাজনক । এনে এক প্ৰেক্ষাপটত ৰূপায়ণ হোৱা কাৰ্যসূচীৰ মাজতে কোনো এখন বিশেষ ফটো আছিল য'ত কংগ্ৰেছ নেতা প্ৰিয়ংকা গান্ধী-ৰাহুল গান্ধীৰ লগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু তেখেতৰ প্ৰয়াত মাতৃৰো ফটো সংলগ্ন আছিল । শ্লোগান আছিল--‘সনাতনৰ পবিত্ৰ ভূমিত মাতৃৰ অপমান সহ্য কৰা নহ'ব ।’ আমাৰ পৰিলক্ষিত হৈছে সেই বিশেষ ফটো এখনত কোনো এগৰাকী কণিষ্ঠ কাৰ্যকৰ্তাই অসাৱধানতাবশতঃ অগ্নিসংযোগ কৰা দেখা যায় । সহস্ৰাধিক লোকৰ সমাবেশত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে কাৰ্যকৰ্তাগৰাকীৰ অতুৎসাহত সংঘটিত এনে গৰ্হিত কাৰ্যত অপৰিপক্কতাৰ প্ৰতিফলন হৈছে যাৰ বাবে আমি মৰ্মাহত । ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী নিষ্ঠাবান কাৰ্য কৰ্তাই দলীয় অনুশাসনৰ আধাৰত পৰিচালিত হয়,গতিকে এনেধৰণৰ অনুশাসনহীনতাক ভুলবশতঃ হ'লেও আমি গম্ভীৰভাৱে গ্ৰহণ কৰিছো । বিভিন্ন সময়ত আমাক দলৰ বিভিন্ন কাৰ্যসূচীত অতি নিষ্ঠাৰে সহযোগ কৰি অহা সাংবাদিক সতীৰ্থসকলে পৰিৱেশন কৰা বাতৰিও আমাৰ দৃষ্টিগোচৰ হৈছে । স্বাভাৱিকতে সুন্দৰভাৱে আজিৰ কাৰ্যসূচীটো পৰিৱেশন কৰাৰ সমান্তৰালকৈ একাংশ সংবাদমাধ্যমে ওপৰোক্ত বিষয়টোও পৰিবেশন কৰি দায়িত্ব পালন কৰিছে । সেয়া স্বাভাৱিক বুলি গণ্য কৰিছো । সমান্তৰালকৈ বিষয়টো এগৰাকী কণিষ্ঠ কাৰ্যকৰ্তাৰ ভুল বুলি গণ্য কৰি সৰল দৃষ্টিকোণেৰে গ্ৰহণৰ বাবে একান্ত আহ্বান জনালো ।’’
উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বত বিহাৰত চলি আছে ভোটাৰ অধিকাৰ যাত্ৰা । বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে কংগ্ৰেছে আৰম্ভ কৰিছে এই যাত্ৰাৰ । কিন্তু এই যাত্ৰা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ সভাত শেহতীয়াকৈ একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ বিৰুদ্ধে অপশব্দ ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । তাৰেই বিৰোধিতা কৰি সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে বিজেপি সাব্যস্ত কৰিছে প্ৰতিবাদ ৷
লগতে পঢ়ক: বিৰোধী নহয় ৰাজপথত প্ৰতিবাদ শাসকীয় বিজেপিৰ; কিন্তু কিয় ? - BJP PROTEST

