বি টি চি নিৰ্বাচনত ৩০-৩২ টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব : মুখ্যমন্ত্ৰী
শীঘ্ৰে বিজেপিয়ে বি টি চি নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিশ্চিত কৰিব । উচ্ছেদ সন্দৰ্ভত পুনৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

Published : August 31, 2025 at 7:23 PM IST
গুৱাহাটী : বি টি চি নিৰ্বাচনত বিজেপিয়ে ৩০-৩২ টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব । এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বি টি চি নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী সন্দৰ্ভত এইদৰে কয় মুখ্যমন্ত্রীয়ে । মুখ্যমন্ত্রীয়ে কয়, "আজি সন্ধিয়া বিজেপিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব । প্ৰাৰ্থী কালি চূড়ান্ত কৰা হৈছে । ৩০-৩২ টা সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ।" উল্লেখ্য যে অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব বি টি চিৰ নিৰ্বাচন । আনহাতে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২ ছেপ্টেম্বৰ । ২৬ ছেপ্টেম্বৰত বি টি চি নিৰ্বাচনৰ ভোটগণনা হ'ব ।
ইফালে উচ্ছেদ অভিযানৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "এতিয়াও বহুত বাকী আছে । লাখ লাখ বিঘা ভূমি বেদখল হৈ আছে । মোৰ জীৱনকালত খালী কৰিব পাৰিম নে নাই মই নাজানো । কিন্তু প্ৰত্যেক দিনাই ক'ৰবাত নহয় ক'ৰবাত কাম চলি আছে । উচ্ছেদ অভিযান চলি থাকিব ।"
প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে অশালীন মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "এজন ৰিজভী নামৰ ব্যক্তি আৰু লগত তেজস্বী যাদৱ আৰু ৰাহুল গান্ধী । এই তিনিওজনে মিলি প্ৰধানমন্ত্রীৰ মাতৃৰ প্ৰতি ইমানে অভদ্ৰ ভাষা ব্যৱহাৰ কৰিছে যাক আমি মুখেৰে ৰিপিট কৰিব নোৱাৰো । এই ঘটনাই প্ৰধানমন্ত্রীৰ প্ৰতি অকল নহয় দেশৰ মাতৃ শক্তিৰ প্ৰতিও কংগ্ৰেছ দলৰ নিকৃষ্ট মানসিকতাক প্ৰমাণ কৰিছে । আমি এই ঘটনাৰ প্ৰতিবাদ কৰিছোঁ । আমি বিচাৰো যে ৰাজনীতিত প্ৰতিদ্বন্দ্বী হ'লেও এনেকুৱা ঘৃণনীয় শব্দৰ যাতে ব্যৱহাৰ কৰা নহয় ।"

উল্লেখ্য যে দেশবাৰে গুৱাহাটীৰ গণেশপাৰাত দলৰ কাৰ্যকৰ্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১২৫ সংখ্যক 'মন কী বাত' অনুষ্ঠানটি শুনে মুখ্যমন্ত্রীয়ে । ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ব্যক্তিগতভাৱে কৰা অপমান আৰু তেখেতৰ মাতৃক লৈ কৰা অশালীন মন্তব্যৰ বাবে ৰাজ্যিক বিজেপিৰ কৰ্মকৰ্তাসকলে ৰাজীৱ ভৱন ঘেৰাও কাৰ্যসূচীও গ্ৰহণ কৰে ।
লগতে পঢ়ক :ৰণশিঙা বজাইছে ইউ পি পি এলে, দ্বিতীয়খন দলীয় প্ৰাৰ্থী তালিকা প্ৰকাশ - BTC ELECTION 2025

