গোলাঘাট: ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে সকলো ৰাজনৈতিক দলে । ব্যতিক্ৰম নহয় শাসকীয় দল বিজেপিও ।
বৃহস্পতিবাৰে গোলাঘাটত জিলা বিজেপিৰ উদ্যোগত উলিওৱা ত্ৰিৰংগা যাত্ৰাত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ আগত কয়, "'২৬ ত বিটিচি প্ৰধান প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সমষ্টিত আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰোঁ আৰু বৰ্তমান এবছুৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি থকা উদীয়মান যুৱ নেতা দ্বীপেন বড়োৱে যদি ভৱিষ্যতৰ দিনত ৰাজনৈতিক পথাৰত আহিবলৈ বিচাৰে বা আহে তেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতে যি দলৰ পৰা, য'ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিত আমি প্ৰাৰ্থী প্ৰক্ষেপ নকৰোঁ ।"
আনহাতে, বড়োভূমিৰ তিনি নেতাই বিজেপিত যোগদান কৰিব বুলি চলি থকা চৰ্চা সন্দৰ্ভত সাংসদ দিলীপ শইকীয়াই কয়, "কিন্তু ইয়াৰ বিপৰীতে এক প্ৰচাৰ হৈছে যে দ্বীপেন বড়ো , প্ৰমোদ বড়ো, হাগ্ৰামা মহিলাৰীয়ে বিজেপিত যোগদান কৰিব বুলি । দুজন ইতিমধ্যে ৰাজনৈতিক দলত আছে । যদি তৃতীয়জনক ৰাজনৈতিক দলত আহিবলৈ এবছুৱে অনুমতি দিয়ে আৰু তেখেতে যদি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিত আমি প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰোঁ, তাৰ মানে তেওঁ বিজেপিত যোগদান নকৰে । এই কথা স্পষ্ট । কিন্তু এই কথা সংবাদ মাধ্যমে ভুলকৈ প্ৰচাৰ কৰিছে ।"

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয়, "মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, বি টি চিত শান্তি স্থাপন হৈছে । তাত যাতে কোনো কথাত অশান্তি নহয় । ৩৫ লাখ বি টি আৰবাসীৰ এটা সংকল্প যে তাত শান্তি আৰু উন্নয়ন সমান্তৰালকৈ আগবঢ়াই লৈ যাব লাগিব ।"
ইয়াৰ উপৰি আগন্তুক '২৬ ৰ বিধানসভা নিৰ্বাচনত দলীয় টিকট দিয়া সম্পৰ্কে আলোচনা হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "আমাৰ দলৰ টিকট কেন্দ্ৰীয় সমিতিয়ে প্ৰদান কৰে । আমি কেৱল এটা আলোচনা কৰিছোঁ যে বিধায়কসকলে ৰাইজৰ লগত আৰু অধিক শক্তিশালীভাৱে সম্পৰ্ক ৰক্ষা কৰিব । চৰকাৰী আঁচনিসমূহ যাতে প্ৰকৃত লোকসকলে লাভ কৰে এইসমূহ কথাত গুৰুত্ব দিয়া হৈছে । বাকী ৯, ১০ হাজাৰ ভোটত জিকাৰ কোনো অস্তিত্ব নাই ।"

আনহাতে, গোলাঘাট জিলা বিজেপিয়ে আয়োজন কৰা ত্ৰিৰংগা যাত্ৰা সম্পৰ্কে তেওঁ কয়, "গোলাঘাট জিলা বিজেপিয়ে সমন্বয় ক্ষেত্ৰৰ পৰা ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰিছে । এই যাত্ৰাত হাজাৰ হাজাৰ ৰাইজৰ সঁহাৰিয়ে এটা কথা প্ৰমাণ কৰিছে যে গোলাঘাটবাসী ৰাইজে ভাৰতীয় সৈন্যৰ বাবে তন, মন, ধন সকলো উৎসৰ্গা কৰিব পাৰে । ভাৰতীয় সৈন্যৰ নিৰ্ণায়ক নেতৃত্বৰ প্ৰতি যিধৰণে ধন্যবাদ দিছে, অপাৰেশ্যন সেন্দূৰে পাকিস্তানৰ সন্ত্ৰাসবাদ শিবিৰ যিধৰণে ধ্বংস কৰিছে, ভাৰতীয় সৈন্যৰ সেয়া আমাৰ বাবে প্ৰেৰণাৰ বাৰ্তা ।"
তেওঁ লগতে কয়, "আমি দেখিছিলো ২২ এপ্ৰিলত আমাৰ ২৭ গৰাকী লোকক যি নৃশংসভাৱে হত্যা কৰিছিল তাৰ প্ৰতিশোধ ভাৰত চৰকাৰে ইতিমধ্যে লৈছে আৰু আগন্তুক দিনত পাকিস্তানৰ এনে কাৰ্যকলাপ আমি কোনো কাৰণতে সহ্য নকৰোঁ । পাকিস্তানে যদি নিজৰ চৰিত্ৰ সলনি কৰে তেতিয়া আলোচনা হ'ব আৰু আলোচনা হ'লেও সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বিষয়ে আলোচনা হ'ব আৰু পাকিস্তানে দখল কৰি থোৱা কাশ্মীৰ ভাৰতত সংলগ্ন কৰাৰ বিষয়ে আলোচনা হ'ব ।"
উল্লেখ্য, পহলগামত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ দ্বাৰা ভাৰতৰ ২৭ জনকৈ লোকক নৃশংসভাৱে হত্যা কৰাৰ পাছত ভাৰত চৰকাৰে পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে অপাৰেশ্যন সেন্দূৰ ঘোষণা কৰি সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই ।
বৰ্তমান যুদ্ধবিৰতি ঘোষণা কৰা সেনাৰ মনোবল বৃদ্ধিৰ বাবে বিজেপিয়ে ত্ৰিৰংগা যাত্ৰা আৰম্ভ কৰে । সেই অনুসৰি বৃহস্পতিবাৰে গোলাঘাট জিলা বিজেপিয়ে উলিয়ায় ত্ৰিৰংগা যাত্ৰা । এই ত্ৰিৰংগা যাত্ৰাত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী অজন্তা নেওগ, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, উপ-পৌৰপতি সিমান্ত বৰা, জিলা বিজেপিৰ সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ, জিলা উন্নয়ন প্ৰাধিকাৰীৰ অধ্যক্ষ সঞ্জীৱ দাসৰ লগতে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ।