ETV Bharat / politics

গৌৰৱ গগৈ যিধৰণে গৈছিল আৰু য'ত গৈছিল, অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় : মুখ্যমন্ত্ৰী

১৯ বাৰ ভাৰত-পাকিস্তান অহা-যোৱা কৰিছিল গৌৰৱ গগৈৰ পত্নীয়ে । ২০২৬ ত যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই ? এক প্ৰতিবেদন ।

BJP State Executive Meeting in Jorhat
২০২৬ ত হেট্ৰিক কৰাৰ লক্ষ্য বিজেপিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 22, 2025 at 11:58 AM IST

6 Min Read
Choose ETV Bharat

যোৰহাট : ২০২৬ ত হেট্ৰিক কৰাৰ লক্ষ্য বিজেপিৰ । পঞ্চায়ত নিৰ্বাচনত লাভ কৰা অভূতপূৰ্ব সফলতাৰ পাছতে ২০২৬ ৰ নিৰ্বাচনত ১০০ আসন লাভ কৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰিছে বিশেষ অভিযান । বিজেপিৰ ভেঁটি আৰু অধিক মজবুত কৰাৰ উদ্দেশ্যৰে যোৰহাট অনুষ্ঠিত কৰা হয় ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা । উক্ত সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলৰ তৃণমূল পৰ্যায়ত বুথ সমিতিসমূহক অধিক সক্ৰিয় হ'বলৈ আহ্বান জনায় ।

ইয়াৰ পিছতে সাংবাদিৰে হোৱা বাৰ্তালাপত সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী । গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ তথা তেওঁৰ সংবাদমেলৰ কথা উল্লেখ কৰি গগৈয়ে পটভূমি তৈয়াৰ কৰাত ব্যস্ত আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই । লগতে আগন্তুক ৫-৬ দিনৰ ভিতৰত পাকিস্তান ভ্ৰমণৰ বিষয়ে স্বীকাৰ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

দিলীপ শইকীয়াৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

প্ৰথমেই গৌৰৱ গগৈৰ বিজয়ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "গৌৰৱ গগৈৰ বিজয়টো এটা দুৰ্ঘটনা আছিল । সেই সময়ত ৰাইজে ভাবিছিলে যে লোকসভাত তেওঁ ভাল বক্তব্য ৰাখিব পাৰিব । মানুহৰ মনত এটা ধাৰণা হৈছিল যে বিধানসভাত বিজেপিকে দিম, কিন্তু লোকসভাত ডেকা ল'ৰাজনক দিওঁ, তেখেতে এটা ব্যতিক্ৰমী কাম কৰিব । যোৰহাটৰ মানুহৰ চিন্তাধাৰা এলপ ব্যতিক্ৰম হয় আৰু তেওঁলোকে অলপ আগলৈ চিন্তা কৰে ।"

ইয়াৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "যদি তেওঁৰ গোটেই সংবাদমেল কেইখন চাব খোজে, তেওঁ মই কোৱা কথাখিনিকে কৈ আছে । তেওঁ লাহে লাহে পাকিস্তানত যোৱাৰ কথাটো স্বীকাৰ কৰাৰ পথত আহি আছে । সেইকাৰণে তেওঁ ভূমিকা বনাই আছে । আদৱানীজীৰ ভিজিটৰ কথা কৈছে, এনেকে তেওঁ নিজৰ ভ্ৰমণটো যে শুদ্ধ সেয়া প্ৰতিপন্ন কৰিব বিচাৰি আছে ।"

শৰ্মাই কয়, "কালিৰ তেওঁৰ সংবাদমেলখনৰ লক্ষ্য হ'ল যে আৰু ৬-৭ দিনৰ পিছত তেওঁ কৈ দিব যে মোদীও গৈছইল ময়ো গৈছো । সেইটোৰ ফালে তেওঁ বস্তুটো লৈ লৈ গৈ আছে আৰু তেওঁ এইকেইদিন এটা প্ৰাইভেট মিডিয়া ফাৰ্মো নিযুক্ত কৰিছে । এইকেইদিন তেওঁ এটা পটভূমি বনাই আছে, স্বীকাৰোক্তিৰ পথলৈকে ।"

পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "তেওঁ ক'ব লাগে যে মই পাকিস্তানত যোৱা নাই, তেওঁ কৈছে মোদী গৈছে । মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী, যদি ভাৰত-পাকিস্তান শীৰ্ষ সন্মিলন হয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী দিল্লীলৈ আহিব, নহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ইচলামাবাদলৈ যাব । কিন্তু লগত ভাৰতৰ বৈদেশিক পৰিক্ৰমাৰ মানুহ থাকিব, ৰ'ৰ মানুহ থাকিব, আইবিৰ মানুহ থাকিব । যি কথা পাতিব প্ৰত্যেকটো কথা ৰেকৰ্ডত থাকিব । কিন্তু এখেন কাৰ নিমন্ত্ৰণত গ'ল, কাক জনাই থৈ গ'ল ?"

মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তেওঁ কয়, "মই আজি আপোনালোকক এটা কথা কৈছো যে তেওঁ যিধৰণে গৈছিল আৰু য'ত গৈছিল, অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় । মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিল, তেওঁ য'ত গৈছিল পাকিস্তানৰ কামত গৈছিল । তেওঁ লোকসভাত যিবোৰ প্ৰশ্ন তাৰ পিছত কৰিছিলে, আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিব । তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল, এছ-৪০০ ৰ বিৰোধিতা কৰিছিল, নিউক্লিয়েৰ ৱেপন ক'ত থাকে তেওঁ জানিবৰ চেষ্টা কৰিছিল ।"

গৌৰৱ গগৈৰ সন্তানৰ নাগৰিত্বৰ কথা উল্লেখ কৰি শৰ্মাই কয়, "তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই । তেওঁ আজি চাৰি বছৰীয়া আঠ বছৰীয়া ল'ৰাক, ল'ৰাজনক নোসোধাকৈ, ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্ব পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁৰ আছেনে ? যিবোৰ কাম তেওঁ কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয়, ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয় । মইতো নিশ্চিত যে ১০ ছেপ্টেম্বৰত এই ঘটনাবোৰ দিয়াৰ পিছত তেওঁৰ পৰিবাৰৰ পাছপ'ৰ্ট বাতিলো হ'ব আৰু বহুত কিবা কিবি বহুত এক্সন হ'ব ।"

গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয়, "এই ভদ্ৰ মহিলাগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তেওঁ ১৯ বাৰ অহা-যোৱা কৰিছে । বেছিভাগ খোজকাঢ়ি আৰু নহ'লে নেপালেদি । কোনোদিনে চিধাকৈ নাযায় । হয় আটাৰী সীমান্তৰে খোজকাঢ়ি, নহ'লে নেপাল হৈ । এইটো কেৱল গৌৰৱ গগৈয়ে নহয় তেওঁৰ পত্নী বা ঘৰৰ যি আছে ১৯ বাৰ ভাৰত পাকিস্তানৰ মাজত অহা-যোৱা কৰিছে । গোটেইবোৰৰ প্ৰমাণ আমাৰ হাতত আছে, কাগজখিনি আহি পাওতে অলপ সময় লাগে আৰু মই মাত্ৰ অপেক্ষা কৰিছো । মইটো বাৰে বাৰে কৈছো মই যদি ভুল কৈছো মোৰ নামত কেছ এটা দিলেই হয় ।"

যোৰহাটৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই:

ইফালে কাৰ্যনিবাহক সভাত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা প্ৰতিদ্বন্দিতা কৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয়, "যোৰহাটত তেখেতে শিক্ষা আৰম্ভ কৰিছিল আৰু যোৰহাটৰ প্ৰতি তেখেতৰ এটা বিশেষ আৰু যোৰহাট ঐতিহাসিক আমাৰ কাৰণে । এই যোৰহাটত আহোম স্বৰ্গদেউসকলৰ শেষৰখন ৰাজধানী প্ৰতিষ্ঠা কৰি থৈ গৈছিল । গতিকে যোৰহাট শৈক্ষিকভাৱে, যোৰহাট সাংস্কৃতিকভাৱে, যোৰহাট ৰাজনৈতিকভাৱে যোৰহাটক সকলো ক্ষেত্ৰত অগ্ৰণী অঞ্চল হিচাপে গঢ়ি তোলাৰ কাৰণে আমি যিমান পাৰোঁ আগন্তুক দিনত চলাই যাম ।"

পোনপটীয়াকৈ উত্তৰ নিদি সভাপতি শইকীয়াই আকৌ কয়, "আমিটো বিছাৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ যিকোনো সমষ্টিত নিৰ্বাচন খেলক । এটাত নহয় দুটাত খেলক, কথাটো কৈছো । কিন্তু অনুমতিটো কেন্দ্ৰৰ পৰা পাবও লাগিব । এইটো ৰাষ্ট্ৰীয় দল গতিকে ৰাষ্ট্ৰীয় দলৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় নেতৃত্বই ক'ব । আমি হয়টো আবেদন কৰিব পাৰিম কিবা এটা, সেই আবেদন গ্ৰাহ্য কৰাৰ কৰ্তৃত্ব হয়টো কেন্দ্ৰীয় সভাপতি বা আমাৰ যি কেন্দ্ৰীয় নিৰ্বাচনী সমিতি আছে সেই সমিতিয়েহে নিৰ্ধাৰণ কৰিব ।"

উল্লেখ্য যে উক্ত সভাত ৰাষ্ট্ৰীয় মুখপাত্ৰ তথা উত্তৰ পূৱৰ সমন্বয়ক ড৹ সম্বিৎ পাত্ৰ, ৰাজ্যিক প্ৰভাৰী হৰিশ ত্ৰিবেদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক-সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি অসমৰ মন্ত্ৰী-বিধায়ক, সাংসদসকলৰ লগতে ৰাজ্যিক সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্ৰভাৰী, স্বায়ত্ত পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক: নাৰ্ভাছ হৈ স্বীকাৰোক্তিৰ পৃষ্ঠভূমি আৰম্ভ কৰিছে গৌৰৱ গগৈয়ে : পবিত্ৰ মাৰ্ঘেৰিটা - PABITRA MARGHERITA ON GAURAV GOGOI

হিমন্ত বিশ্ব শৰ্মাই হাজাৰ মিছা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে : মুখ্যমন্ত্ৰী - CM HIMANTA BISWA SARMA