ETV Bharat / politics

বিজেপিৰ নিৰ্বাচনী সংকল্পপত্ৰ উন্মোচন: কি আছে এই সংকল্পপত্ৰত...

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে শনিবাৰে নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে ৷ জানো আহক কি আছে এই নিৰ্বাচনী ইস্তাহাৰত ৷

BJP releases manifesto
বিজেপিৰ নিৰ্বাচনী সংকল্পপত্ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 2:55 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : পঞ্চায়ত নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন । ইতিমধ্যে জোৰদাৰ গতিত প্ৰচাৰ চলাই আছে প্ৰতিটো দলৰ লগতে শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে । দলৰ প্ৰতিজন নেতা-মন্ত্ৰী-বিধায়কে প্ৰতিদিনে অনুষ্ঠিত কৰিছে নিৰ্বাচনী সভা । সমান্তৰালভাবে পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক বিজেপিয়ে আজি উন্মোচন কৰে সংকল্পপত্ৰ ।

বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত শনিবাৰে বিজেপিৰ সংকল্পপত্ৰখন উন্মোচন কৰা হয় । ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাধাৰণ সম্পাদক পল্লৱ লোচন দাস,মন্ত্ৰী ৰণজিৎ কুমাৰ দাস আদিৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰে সংকল্পপত্ৰখন । এইবাৰ ১৫টা সংকল্পেৰে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰস্তুত কৰি উলিয়াইছে নিৰ্বাচনী সংকল্প পত্ৰখন ।

বিজেপিৰ নিৰ্বাচনী সংকল্পপত্ৰ (ETV Bharat Assam)

অসম বিজেপিযে প্ৰকাশ কৰা সংকল্পপত্ৰৰ প্রধান ১৫টা সংকল্প হ’ল :

১) আগন্তুক ৫ বছৰত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত প্রতিটো বিধানসভা সমষ্টিত ৫ হাজাৰ যুৱক-যুৱতীক বছৰি ২ লাখ টকা প্ৰদানৰ জৰিয়তে কৰ্ম-সংস্থাপনমুখী কৰাৰ বাবে এই আঁচনিৰ সম্প্ৰসাৰণ কৰা হ’ব ।

২) প্রাথমিকতাৰ আধাৰত প্ৰতিটো জিলা পৰিষদীয় সমষ্টিত প্রতিযোগিতামূলক পৰীক্ষাত অবতীর্ণ হ’ব পৰাকৈ প্রশিক্ষণৰ ব্যৱস্থা কৰা হ’ব । শিক্ষা সামৰি কৰ্ম-সংস্থাপন বিচৰা স্নাতকসকলক সহায়ৰ বাবে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে এবছৰৰ বাবে প্রতি মাহে ২,৫০০ টকাকৈ অথবা জিলা আয়ুক্তৰ পৰামৰ্শমতে প্রতি মাহৰ পৰিৱৰ্তে এককালীনভাবে প্রদান কৰা হ’ব ।

৩) মেট্রিক পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া ছাত্র-ছাত্রীসকলে যাতে ভাল ফলাফল কৰিব পাৰে, তাৰ বাবে আমাৰ চৰকাৰে ছাত্র-ছাত্রীসকলক প্রতিমাহে ৩০০ টকাকৈ আর্থিক অনুদান প্রদান কৰিব ।

৪) দৰিদ্ৰ সীমাৰেখাৰ (বি পি এল) তলত বসবাস কৰা লগতে প্রতিটো যোগ্য পৰিয়ালক ১০০ শতাংশই ৰেচন কার্ড প্রদান কৰাৰ বাবে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰিছে ৷ লগতে আগন্তুক দিনত ৰাইজক আর্থিকভাৱে সকাহ দিয়াৰ বাবে প্রতিটো ৰন্ধন গেছ চিলিণ্ডাৰত অতিৰিক্ত ৰাজসাহায্য প্রদান কৰা হ’ব ।

৫) বিহালী সমষ্টিত ১ জুলাই ২০২৫ চনত শুভাৰম্ভ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত সর্বমুঠ ৩০ লাখ মহিলাক ১০,০০০ টকাৰ এককালীন সাহায্য (লাখপতি বাইদেউ) প্রদান কৰা হৈছে আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যখনৰ প্রতিটো সমষ্টিতে অতি শীঘ্রে এই আঁচনি সম্প্ৰসাৰণ কৰা হ’ব ।

৬) প্রায় ২০০ বছৰীয়া বর্ণিল ইতিহাসেৰে সমৃদ্ধ চাহ উদ্যোগৰ মুখ্য অংশীদাৰ ৭ লাখ চাহ শ্রমিকক ৫০০০ টকাৰ এককালীন আর্থিক অনুদান প্রদান কৰা হৈছে । চাহ বাগিচা অঞ্চলত ১১৮খন আদর্শ বিদ্যালয় ইতিমধ্যে স্থাপনৰ উপৰি ১০০ খন নতুন আদর্শ বিদ্যালয় নির্মাণ হৈ আছে । ইয়াৰ উপৰি চাহ বাগান অধ্যুষিত অঞ্চলত আলি-পদূলি আৰু স্বাস্থ্যসেৱাৰ উন্নীতকৰণৰ বাবে পদক্ষেপ গ্রহণ কৰা হ’ব ।

৭) ক্ষুদ্র কৃষক আৰু দুগ্ধ পালকক ২০২৫ চনৰ ১ জুলাইৰ পৰা প্রযোজ্য হোৱাকৈ হাট বজাৰৰ ‘বজাৰ খাজনা’ সম্পূর্ণৰূপে উঠাই লোৱা হ’ব বুলি ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছে । এই সিদ্ধান্ত সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হ’ব ।

৮) কৃষকৰ সামৰ্থ আৰু উপার্জন বৃদ্ধিৰ বাবে উন্নতমানৰ বীজ আৰু সাৰ প্ৰদান কৰাৰ লগতে সৌৰশক্তি চালিত পাৱাৰ পাম্প আৰু ক্ষুদ্র ক্ষুদ্র জলসিঞ্চন বান্ধ নির্মাণ কৰা হ’ব ।

৯) প্রতিখন গাঁও পঞ্চায়তক অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰে সংযোগ কৰি গ্রামাঞ্চলত হাইস্পীড ইন্টাৰনেট সেৱা উপলব্ধ কৰা হ’ব ।

১০) আগন্তুক দিনত প্রতিখন গাঁও পঞ্চায়তত অতিৰিক্ত ১০খন উপাসনাস্থলী নৱৰূপত নিৰ্মাণৰ বাবে আর্থিক সাহায্য প্রদান কৰা হ’ব আৰু অন্ত্যেষ্টিক্রিয়াৰ বাবে প্রতিখন গাঁও পঞ্চায়তত একোখনকৈ সকলো সা-সুবিধাযুক্ত শ্মশান নির্মাণ কৰা হ’ব ।

১১) গ্রামাঞ্চলৰ যাতায়তৰ সুবিধা হোৱাকৈ প্রধানমন্ত্রী গ্রাম চড়ক যোজনা আৰু ৰাজ্যিক চৰকাৰৰ পুঁজিৰ জৰিয়তে যাতায়তৰ অনুপযোগী হৈ থকা বাট-পথ, কালভার্ট আৰু সৰু-সৰু দলং নিৰ্মাণ কৰা হ’ব । ইয়াৰ উপৰি এম জি এনৰেগা আঁচনিক লোক নিৰ্মাণ বিভাগ আৰু এছ অ’ পি ডিৰ সৈতে সংলগ্ন কৰি অধিক সুবিধা প্রদান কৰা হ’ব ।

১২) প্রতিখন জিলা পৰিষদৰ অধীনত এখনকৈ সামূহিক সেৱাকেন্দ্র (Community Service Centre) স্থাপনৰ জৰিয়তে ভাৰত তথা অসম চৰকাৰৰ সকলো জনকল্যাণমুখী আঁচনিক সফলতাৰে ৰূপায়ণ আৰু যোগ্যজনক আঁচনিসমূহৰ লাভ প্রদান কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্রহণ কৰা হ’ব ।

১৩) ৰাজ্যখনত বান আৰু গৰাখহনীয়াৰ দ্বাৰা ক্ষতিগ্রস্ত পৰিয়ালক চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত খাদ্যসামগ্রী (ৰেচন)ক যোগান, সম্পত্তিৰ আংশিক বা সম্পূর্ণ ক্ষতিৰ বাবদ তৎকালীনভাবে চৰকাৰে নিৰ্ধাৰণ কৰা ক্ষতিপূৰণ প্রদান সুনিশ্চিত কৰা হ’ব ।

১৪) কৃষ্টি, সংস্কৃতি আৰু ঐতিহ্যৰ চানেকি বহন কৰা অসমৰ গ্রামাঞ্চলৰ আপুৰুগীয়া ঐতিহাসিক সম্পদৰাজিৰ সংৰক্ষণ-সংবন্ধনৰ ব্যৱস্থা কৰা হ’ব আৰু সম্ভাৱনাপূর্ণ এই স্থানসমূহক পর্যটন মানচিত্রত সংযোগ কৰাৰ বাবে পদক্ষেপ লোৱা হ’ব ।

১৫) মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিপুত্ৰসকলৰ ‘মোৰ মাটি মোৰ অধিকাৰ’ তথা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰা হ’ব ।

লগতে পঢ়ক : পঞ্চায়ত নিৰ্বাচন; ইস্তাহাৰ মুকলি অসম জাতীয় পৰিষদৰ