বি টি চি নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ বিজেপিৰ; জানক কোনে ক'ৰ পৰা কৰিব প্ৰতিদ্বন্দ্বিতা
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদমেলত ঘোষণা কৰে প্ৰথমখন প্ৰাৰ্থী তালিকা । সোমবাৰে দলটোৱে প্ৰকাশ কৰিব দ্বিতীয়খন প্ৰাৰ্থী তালিকা ।

Published : August 31, 2025 at 11:22 PM IST
গুৱাহাটী : বি টি চি নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা দেওবাৰে ঘোষণা বিজেপিয়ে । প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে নিজৰ নিজৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল যদিও বিজেপিয়ে প্ৰকাশ কৰা নাছিল তালিকা । অৱশেষত বহু কল্পনা কল্পনাৰ অন্ত পেলাই দেওবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এক সংবাদমেল সম্বোধন কৰি প্ৰকাশ কৰে প্ৰথমখন প্ৰাৰ্থী তালিকা ।
বিজেপিৰ প্ৰথম তালিকাত বি টি চিৰ মুঠ ৪০ টা সমষ্টিৰ ২৮ টা সমষ্টিত প্ৰাৰ্থী দিয়া কথা উল্লেখ কৰে শইকীয়াই । লগতে কাইলৈ অৰ্থাৎ সোমবাৰে ৩ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে ।


বিজেপিয়ে প্ৰকাশ কৰা প্ৰথম তালিকাৰ প্ৰাৰ্থীসকল...
- ১ নং পৰ্বতঝোৰা(এছ টি): বনীন্দ্ৰ কুমাৰ মুছাহাৰী
- ২ নং গোমা : সজল সিং
- ৪ নং যমদুৱাৰ (এছ টি) সমষ্টি - ৰাহুল নাৰ্জাৰী
- ৫ নং চৰাইবিল (এছ টি) সমষ্টি - গোঁসাই বসুমতাৰী
- ৬ নং কচুগাঁও (এছ টি)- মহেশ্বৰ বসুমতাৰী
- ৭ নং ফকিৰাগ্ৰাম (নন এছ টি) সমষ্টি - অৰূপ কুমাৰ দে
- ৮ নং দোতমা (এছ টি) - মনোৰঞ্জন ব্ৰহ্ম
- ৯ নং বনৰগাঁও (এছ টি) - ৰাজীৱ ব্ৰহ্ম
- ১২ নং ছালাকাটি (এছ টি) - কবিতা বসুমতাৰী
- ১৩ নং চিৰাং (এছ টি) - সমকৰ ব্ৰহ্ম
- ১৭ নং চবাইঝাৰ (এছ টি) - প্ৰভাত বসুমতাৰী
- ১৮ নং মানস চেৰফাং (এছ টি) - সুভাষ বসুমতাৰী
- ২০ নং মাথানগুৰী - গৌতম দাস
- ২১ নং শালবাৰি (এছ টি)- চক্ৰধৰ দাস
- ২২ নং কোকলাবাৰী (এছ টি) সমষ্টি - ৰমেন মদাহী
- ২৩ নং দিহীৰা - মানস প্ৰতীম কলিতা
- ২৫ নং বাগানপাৰা (এছ টি) - ৰেখা ৰাণী দাস বড়ো
- ২৬ নং দৰঙ্গাজুলি (এছ.টি.) - বিজিত গৌৰ নাৰ্জাৰী
- ২৭ নং নাগ্ৰীজুলি (নন এছ টি) সমষ্টি - ভজন দাস
- ২৯ নং শুক্লাই চেৰফাং (এছ টি) - ৰমেন নাৰ্জাৰী
- ৩০ নং গোৰেশ্বৰ (এছ টি) - দেৰহাচাৰ নাৰ্জাৰী
- ৩১ নং খৈৰাবাৰী (এছ টি) - মদন ৰাভা
- ৩২ নং ভেৰগাঁও (এছ টি) - যৌচাৰাং বড়ো
- ৩৩ নং ননৈ চেৰফাং (নন এছ টি) - সঞ্জীত তাঁতী
- ৩৪ নং খাইলিং দুৱাৰ (এছ টি) - অৰ্জুন দৈমাৰী
- ৩৫ নং মদীবাৰী - দিগন্ত বৰুৱা
- ৩৮ নং ভৈৰৱকুণ্ড (এছ টি) - মিনন মুছাহাৰী
- ৩৯ নং পাচনৈ সেৰফাং (নন এছ টি) - দীপক মৌৰ
উল্লেখ্য যে বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন হ’ল ২ ছেপ্টেম্বৰ (মঙলবাৰ) ২০২৫ ৷ মনোনয়নৰ পৰীক্ষা আৰু বৈধ মনোনয়নৰ তালিকা প্ৰকাশৰ দিন হ’ল ৪ ছেপ্টেম্বৰ (বৃহস্পতিবাৰ) ২০২৫ ৷ আনহাতে, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ শেষ তাৰিখ হ’ল ৬ ছেপ্টেম্বৰ (শনিবাৰ) ২০২৫ । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব ৬ ছেপ্টেম্বৰ (শনিবাৰে) ২০২৫ ৷ ভোটগ্ৰহণৰ তাৰিখ হ’ল ২২ ছেপ্টেম্বৰ (সোমবাৰ) ২০২৫ । ভোটগণনা হ’ব ২৬ ছেপ্টেম্বৰ (শুকুৰবাৰ) ২০২৫ ।

