ETV Bharat / politics

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেতিয়াও আপোচ নকৰে: দিলীপ শইকীয়া

জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান বিজেপিৰ ৰাজ্যিক সভাপতিৰ ।

Dilip Saikia has called for not politicizing the mysterious death of Zubeen Garg
বোকাখাতত কলপাতত পুৰিৰ সোৱাদ ল'লে দিলীপ শইকীয়াই (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 9, 2025 at 2:59 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: সকলোৰে প্ৰাণৰো আপোন শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক কোনেও যেন সহজে ল'ব পৰা নাই । এই শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ পাছত সকলোৱে উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাই আহিছে । তেনে সময়তে ডিব্ৰুগড়ৰ কাৰ্যনিৰ্বাহক সভালৈ যোৱাৰ পথত বোকাখাতত কেতবোৰ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ।

শইকীয়াই বোকাখাতত কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰভাৱে লৈছে । তেখেতৰ মৃত্যুৰ সংবাদ পোৱাৰ পাছত তেখেতৰ নশ্বৰদেহ কেনেকৈ অসমলৈ আনিব পাৰি, পৰৱৰ্তী সময়ত কেনেদৰে ৰাইজে বিচৰা ধৰণে কামসমূহ আগবঢ়াই নিব পাৰি তেনেধৰণে কৰিছে । ইয়াত মুখ্যমন্ত্ৰীৰ ব্যক্তিগত চিন্তা বা কথা আমি দেখা নাই ।"

জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান দিলীপ শইকীয়াৰ (ETV Bharat Assam)

ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে লগতে কয়, "ৰাইজৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰি এটা সুন্দৰ ঠাইত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰা মানে একেৰাতিৰ ভিতৰতে গঢ় বন্ধা দৰে কথা । SIT আৰু ন্যায়িক আয়োগ গঠন কৰিছে । কোনোবাই যদি SIT ওচৰত যাবলৈ বেয়া পাই তেনেহলে ন্যায়িক আয়োগৰ ওচৰত সাক্ষ্য প্ৰমাণ দিব পাৰে আৰু কৰ্মৰত ন্যায়াধীশৰ জৰিয়তে কৰা হৈছে । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত যিসকলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত সেইসকলৰ বিৰুদ্ধে কঠোৰতম শাস্তি হ'ব লাগে, এই কথা মনে প্ৰাণে বিজেপি দলে বিচাৰোঁ ।"

বৰ্তমান সময়ত একাংশই মুখ্যমন্ত্ৰী আৰু চৰকাৰক টাৰ্গেট কৰি আছে বুলি উল্লেখ কৰি দিলীপ শইকীয়াই কয়, "জুবিন গাৰ্গ অসমৰ সংগীত জগতৰ সূৰ্য আৰু চন্দ্ৰ-সূৰ্য থকালৈকে আমি সুঁৱৰি থাকিব লাগিব । কিন্তু ৰাজনৈতিক ৰুটী সেকাৰ যি প্ৰৱণতা আজি কিছুদিনৰ পৰা আৰম্ভ হৈছে এয়া দুৰ্ভাগ্যজনক । আমি এই বিষয়টোক লৈ ৰাজনীতি কৰিব নালাগে । জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু এতিয়া আইনী গণ্ডিৰ মাজত আছে, গতিকে অতি সোনকালেই আমি নিৰ্ণায়ক ফল পাম ।"

মুখ্যমন্ত্ৰীৰ প্ৰসংগ উল্লেখ কৰি শইকীয়াই পুনৰ কয়,"জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাসকললৈ মোৰ এইটো আহ্বান যে বালিলৈ যিপাট শৰ সুগ্ৰীবলৈও সেইপাট শৰ । মুখ্যমন্ত্ৰীৰ ওপৰত সন্দেহ কৰিলে অসমৰ ৰাইজে বিচাৰ কৰিব । যিমান ডাঙৰ হাতদীঘল মানুহ নহওঁক কিয় মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে । ছিংগাপুৰত থকা প্ৰবাসী অসমীয়াক তদন্তৰ ক্ষেত্ৰত সহায় কৰিবলৈ SIT এ আহ্বান জনাইছে আৰু কলিতা উপাধিৰ এজন আহিছে । দোষীক শাস্তি প্ৰদান নকৰালৈকে মুখ্যমন্ত্ৰী ক্ষান্ত নাথাকে ।"

আনহাতে জনজাতিকৰণ সন্দৰ্ভতো সভাপতি দিলীপ শইকীয়াৰ স্পষ্ট স্থিতি । তেওঁ কয়, "আদিবাসী জনগোষ্ঠীৰ তিনিচুকীয়াত যি প্ৰতিবাদী সমদল উলিয়াইছে জনজাতিকৰণৰ দাবীত, আচলতে আমি সকলোৱে চাহ জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰোঁ ৷ কিন্তু বিভিন্ন ধৰণৰ কাৰিকৰী অসুবিধাৰ কথা আছে । এইক্ষেত্ৰত অসম চৰকাৰে নৱেম্বৰ মাহত বিধানসভাত আলোচনা কৰি এক প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব । পূৰ্বৰ চৰকাৰৰ দিনত এখন প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল, কিন্তু সেই প্ৰতিবেদনখনৰ ভিতৰত একো নাছিল । দীৰ্ঘদিনৰ পৰা তেওঁলোকে জনজাতিকৰণৰ দাবী কৰি আহিছে আৰু ইয়াৰ মৰ্যাদা দিবলৈ চেষ্টা কৰিছোঁ ।"

লগতে পঢ়ক: ‘‘ৰৈ ৰৈ বিনালে’’ৰ পৰা আঁতৰোৱা হ'ব সিদ্ধাৰ্থ-শেখৰজ্যোতি-অমৃতপ্ৰভাৰ ক্লিপ

পুৰণ হ’ব মাজুলীয়ালৰ সপোন ! মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ নিবিদা লাভ কৰিছে SP ছিংলাই