মৰাণ: ৰঙালীৰ আনন্দ-উল্লাসৰ মাজতে এতিয়া ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা দেখা গৈছে ৷ বিহুৰ পাছতে অহা ২ মে'ত ৰাজ্যত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ৷ পঞ্চায়ত নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ মাজত বৃদ্ধি পাইছে তৎপৰতা ৷
দিনে-নিশাই শাসক-বিৰোধী ৰাজনৈতিক দলে আৰম্ভ কৰিছে প্ৰচাৰ । পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে খোৱাং সমষ্টিত পঞ্চায়ত দখল কৰিবলৈ ব্যাপক প্ৰচাৰত নামিছে বিজেপি-অগপৰ নেতা-কৰ্মীসকল ।
অগপক লগত লৈ খোৱাং সমষ্টিত আটাইকেইটা পঞ্চায়ত দখলৰ ৰণকৌশল প্ৰস্তুত কৰিছে বিধায়ক চক্ৰধৰ গগৈয়ে । ৪ টা জিলা পৰিষদ আৰু ১৭ টা আঞ্চলিক পঞ্চায়ত থকা সমষ্টিটোত ১ খন জিলা পৰিষদ আৰু এটা আঞ্চলিক পঞ্চায়ত অগপক এৰি দি বিৰোধীক শলঠেকত পেলাবলৈ প্ৰস্তুত কৰা হৈছে ৰণকৌশল । পঞ্চায়ত নিৰ্বাচনক লৈ বিধায়ক চক্ৰধৰ গগৈয়ে কয়, "খোৱাং সমষ্টিত অগপৰ সৈতে মিত্ৰতাৰ ধৰ্ম পালন কৰি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বিজেপি । খোৱাং সমষ্টিত থকা ৪ খন জিলা পৰিষদৰ তিনিখনত বিজেপি প্ৰাৰ্থীৰ লগতে এখন আসনত অগপ দলে প্ৰাৰ্থী দিছে । ইয়াৰে বৰবৰুৱা জিলা পৰিষদত বিজেপি প্ৰাৰ্থী বিজয় মাঝিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে । আজি পৰ্যন্ত খোৱাং সমষ্টিত ১ জন আঞ্চলিক পঞ্চায়তৰ সদস্য, ৮ জন ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে । খোৱাং সমষ্টিত বিৰোধী দলসমূহে শক্তিশালী ভূমিকা ল'বলৈ সক্ষম হোৱা নাই ।"
বিধায়কগৰাকীয়ে উল্লেখ কৰা মতে খোৱাং সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চাবলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰীয়েও ডিব্ৰুগড় জিলাত এখন সভাত অংশগ্ৰহণ কৰিব বুলি তেওঁ উল্লেখ কৰে ।
অৱশ্যে বিজেপি দল ত্যাগ কৰি খোৱাং সমষ্টিত কেইবাজনো নেতাই নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছে । যিটো বিষয়ক লৈ খোৱাঙত বিজেপিৰ ভিতৰচ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত বিধায়কজনে কয়, "এজন প্ৰাৰ্থীয়ে দলৰ পৰা প্ৰাৰ্থিত্ব লাভ নকৰাত চেপন জিলা পৰিষদৰ পৰা নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াইছে । তেওঁলোকে দল ত্যাগৰ পত্ৰ দিছে । তেওঁলোকে জিকিম বুলি ভাবি প্ৰাৰ্থিত্ব আগবঢ়াইছে । কিন্তু আমি বিজেপি দলে যিকেইখন জিলা পৰিষদত প্ৰাৰ্থিত্ব আগবঢ়াইছো সকলোতে জয়লাভ কৰিম ।"