কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত কি ঘটিলে: অখিল গগৈক প্ৰশ্ন ভৱেশ কলিতাৰ - MLA Akhil Gogoi Rangia Visit
BJP MLA Bhabesh Kalita slams Akhil Gogoi: সংবাদ মাধ্যমৰ সমুখত কৃষক মুক্তি সংগ্ৰাম সমিতিক সমালোচনা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷ আইন সন্দৰ্ভত বিধায়কগৰাকীৰ জ্ঞানক লৈও প্ৰশ্ন তোলে ভৱেশ কলিতাই ৷

Published : August 13, 2024 at 10:10 AM IST
ৰঙিয়া, 13 আগষ্ট: সংবাদ মাধ্যমৰ সন্মুখত কৃষক নেতা তথা ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক উভতি ধৰিলে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ এসময়ত কৃষকৰ ন্যায্য প্ৰাপ্তিৰ বাবে ৰাজপথত আন্দোলন কৰা নেতা অখিল গগৈয়ে ৰঙিয়াত উপস্থিত হৈ শাসকীয় দল বিজেপিৰ বিৰুদ্ধে তুলিছিল গুৰুতৰ অভিযোগ । ইয়াৰ পাচতে সংবাদ মাধ্যমৰ সন্মুখত অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে ভৱেশ কলিতা ৷
অখিল গগৈয়ে মাটি বিক্ৰী সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াই ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, "কৃষকে মাটি বিক্ৰী নকৰিলে কেনেকৈ হ’ব? তাতে ক’ৰবাত লিখা আছে নেকি? উকিলক সুধিবচোন । তেওঁ আইন জানে নে নাজানে । মাটি বেচা-কিনা কৰিব নোৱাৰে বুলি ক’ৰবাত লিখা আছে নেকি? আজিকালি অনুমতি অবিহনে মাটি কিনা-বেচা কৰিব নোৱাৰে, তেওঁ নাজানে নেকি ?"
কি ঘটে কৃষক মুক্তি সংগ্ৰাম সমিতিত ?
বিজেপি বিধায়কগৰাকীয়ে অখিল গগৈৰ নেতৃত্বত জন্ম পোৱা সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্য-কলাপক সমালোচনা কৰি কয়, "KMSS ৰ দ্বাৰা কিমান কৃষকে মুক্তি পালে? কিমানক অধোন্নতি কৰিলে, কৃষক মুক্তিৰ নামত ক’ত কিমান ঘটনা ঘটিলে, তেখেতক সুধিব ৷"
কি কৈছিল বিধায়ক অখিল গগৈয়ে ?
উল্লেখ্য যে, সোমবাৰে শিৱসাগৰৰ বিধায়কগৰাকীয়ে ৰঙিয়াত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত অভিযোগ তুলি কয়, "বাইহাটা চাৰিআলিৰ পৰা বঙাইগাঁৱলৈ যোৱা 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষৰ আটাইখিনি মাটি আমি দেখিছো অসমত স্থায়ীভাৱে বসবাস কৰা খিলঞ্জীয়া খেতিয়কসকলৰ হাতৰ পৰা ক্ৰমাগতভাৱে বহিৰাগত লোকৰ হাতলৈ গুচি গৈছে । বিজেপি চৰকাৰৰ এক বৃহৎ সংখ্যক মন্ত্ৰী, এম এল এ আৰু ৰাজনীতিকে এই সমগ্ৰ মাটিবিলাক সাংঘাতিক ধৰণে দখল কৰিছে, নামে-বেনামে ক্ৰয় কৰিছে । বিজেপিৰ কিছুসংখ্যক উঠি অহা ৰাজনীতিকে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা মাটিবোৰ নিজৰ দখললৈ আনিছে । আমি ৰঙিয়াৰ স্থানীয় ৰাইজৰ লগত কথা পাতিবলৈ আহিছিলোঁ, আচলতে স্থানীয় ৰাইজৰ মতে ক'ত ক'ত অসমৰ খিলঞ্জীয়া মাটি নোহোৱা হৈছে । কোন মন্ত্ৰী, কোন এম এল এ, কোন বহিৰাগতই এই মাটিবোৰ কিনিছে, এই বিষয়ে কিছুদিন পিছত আমি এক প্ৰতিবেদন প্ৰকাশ কৰিম ।"

