ETV Bharat / politics

তেলেংগানাত আৰম্ভ বিজেপিৰ বিজয় সংকল্প যাত্ৰা

BJP Vijaya Sankalpa Yatra: ৰাজ্যখনৰ ১৭ টা সংসদীয় সমষ্টিক সামৰি বিজেপিয়ে আৰম্ভ কৰিছে বিজয় সংকল্প যাত্ৰাৰ । কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি গোৱা আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বিজয় সংকল্প যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে । ২ মাৰ্চলৈকে ৫ টা পৰ্যায়ত ৰথযাত্ৰা অনুষ্ঠিত হ'ব ।

BJP Vijaya Sankalpa Yatra
তেলেংগানাত আৰম্ভ বিজেপিৰ বিজয় সংকল্প যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : February 20, 2024 at 1:48 PM IST

3 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক,২০ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । তাৰ পূৰ্বে বিভিন্ন ৰাজ্যত বিজেপিয়ে বিশেষ নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে । তাৰ অংশস্বৰূপে দলটোৱে তেলেংগানাত বিজয় সংকল্প যাত্ৰা আৰম্ভ কৰিছে । ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টীয়ে সম্পূৰ্ণ শক্তিৰে আগন্তুক সাধাৰণ নিৰ্বাচনৰ বাবে সাজু হৈছে । বিজয় সংকল্প যাত্ৰাৰ বেনাৰত দলটোৱে ৰাজ্যখনৰ ১৭ খন লোকসভা আসনৰ সংখ্যাগৰিষ্ঠতা সুৰক্ষিত কৰাৰ লক্ষ্য ৰাখিছে । মঙলবাৰৰ পৰা ২ মাৰ্চলৈকে বিজেপিয়ে ৰাজ্যজুৰি ৫ টা গোটত ৰথযাত্ৰাৰ আয়োজন কৰিছে ।

বিজেপিয়ে কৌশলগতভাৱে ৰাজ্যখনৰ সংসদীয় সমষ্টিসমূহক ৫ টা ভাগত ভাগ কৰিছে আৰু মঙলবাৰৰ পৰা এই ৪ টা গোটত যাত্ৰা আৰম্ভ কৰিছে । অৱশ্যে, চলিত চাম্মাক্কা-সৰলাম্মা মেলাৰ বাবে কেইদিনমান পিচত কাকতিয়া-ভদ্ৰকালী যাত্ৰা আৰম্ভ হ'ব । কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগতে গোৱা আৰু অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বহু বিশিষ্ট নেতাই এই যাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ।

ৰাজ্যখনৰ কমেও ১০ খন আসন আৰু ৩৫ শতাংশ ভোট বেংক দখলৰ লক্ষ্যৰে এই ৰথ যাত্ৰাসমূহে ৫,৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । এই ৫ ৰথযাত্ৰাৰ সময়ত ১০৬ খন সভা, ১০২ টা ৰোড শ্ব', ১৮০ টা অভ্যৰ্থনা আৰু ৭৯ টা অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছে ।

বিজয় সংকল্প যাত্ৰাৰ জৰিয়তে বিভিন্ন সংসদীয় সমষ্টিত এক পৰিৱৰ্তনশীল যাত্ৰা আৰম্ভ কৰিবলৈ সাজু হৈছে বিজেপি । ইয়াৰ জৰিয়তে দলটোৱে জনসাধাৰণৰ সৈতে পোনপটীয়া সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা চলাব ।

৫ ৰথযাত্ৰা এনেধৰণৰ-

কোমাৰাম্বিম বিজয় সংকল্প যাত্ৰা : ভৈনচা, আদিলাবাদ, নিজামাবাদ আৰু পেড্ডাপল্লী সংসদীয় সমষ্টিৰ মাজেৰে বিস্তৃত এই যাত্ৰাই ১২ দিনত ১,০৫৬ কিলোমিটাৰ অতিক্ৰম কৰিব ।

ৰাজৰাজেশ্বৰ বিজয় সংকল্প যাত্ৰা : কৰিমনগৰ, চেভেল্লা, মেদক আৰু জাহিৰাবাদ সংসদীয় সমষ্টিক সামৰি এই যাত্ৰা ২২ টা বিধানসভা সমষ্টিৰ মাজেৰে ১,২১৭ কিলোমিটাৰ সামৰি ল'ব ।

ভাগ্যনগৰ বিজয় সংকল্প যাত্ৰা : যদাদৰী শ্ৰী লক্ষ্মী নৰসিংহ স্বামীৰ আশীৰ্বাদত আৰম্ভ কৰা এই যাত্ৰা ভুৱনেশ্বৰ, চেকেন্দ্ৰাবাদ, হায়দৰাবাদ আৰু মালকাজগিৰি সংসদীয় সমষ্টিৰ মাজেৰে ভ্ৰমণ কৰিব ।

কাকতিয়া ভদ্ৰকালী বিজয় সংকল্প যাত্ৰা: চাম্মাক্কা চাৰাক্কা মেলাৰ বাবে দুদিন পলমকৈ আৰম্ভ হোৱা এই যাত্ৰাই ৱাৰাংগল, মহাবুবাবাদ আৰু খাম্মাম সংসদীয় সমষ্টিৰ ১,০১৫ কিলোমিটাৰতকৈও অধিক অঞ্চল সামৰি ল'ব ।

ইয়াৰ উপৰিও, কৃষ্ণম্মা বিজয় সংকল্প যাত্ৰা আৰু অন্যান্য যাত্ৰাসমূহে ভোটাৰসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰি আৰু মোদী চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰিব ।

বিশিষ্ট নেতাসকলৰ অংশগ্ৰহণ আৰু সভাবোৰে দলৰ বাৰ্তা প্ৰচাৰ কৰাত আৰু ৰাইজৰ পৰা সমৰ্থন সংগ্ৰহ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যাত্ৰাৰ শেষত এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ কথা আছে ।

লগতে পঢ়ক :২৪ টা আঞ্চলিক ভাষাত মুকলি বিজেপিৰ প্ৰচাৰৰ শীৰ্ষ গীত