মঙলদৈত তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান
BJP Joining Programme : মঙলদৈত তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান ৷ কংগ্ৰেছী বিধায়ক বসন্ত দাসৰ ঘনিষ্ঠ একাংশ কৰ্মীয়ে বুধবাৰে কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপিত যোগদান কৰে ৷

Published : March 7, 2024 at 10:02 PM IST
মঙলদৈ, 7 মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ তীব্ৰ হৈছে ৰাজনৈতিক দলমূহৰ সাংগঠনিক কাম-কাজ ৷ দলসমূহে নিজৰ দলীয় ভেটি শক্তিশালী কৰিবলৈ চলাইছে যোগদান কাৰ্যসূচী ৷ ইফালে নিৰ্বাচন চমু চপাৰ লগে লগে পৰিলক্ষিত হৈছে দল বাগৰাৰ ৰাজনীতি ৷ নিজৰ দল এৰি আন দলত যোগদানৰ প্ৰতিযোগিতা এতিয়া তীব্ৰ হৈছে একাংশ নেতা-কৰ্মীৰ মাজত ৷
- " class="align-text-top noRightClick twitterSection" data="">
আজি দৰং জিলা বিজেপিৰ কাৰ্যালয়ত তিনি শতাধিক কংগ্ৰেছ কৰ্মীৰ লগতে অন্যান্য দলৰ কৰ্মী, প্ৰাক্তন আলফা, প্ৰাক্তন ছাত্ৰ নেতা আদিয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ মঙলদৈ বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক বসন্ত দাসৰ ঘনিষ্ঠ একাংশ কৰ্মীয়ে বুধবাৰে কংগ্ৰেছ দল ত্যাগ কৰি আজি বিজেপিত যোগদান কৰে ৷ দৰং জিলা বিজেপিৰ মঙলদৈস্থিত কাৰ্যালয়ত আজি অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত, সাংসদ দিলীপ শইকীয়াৰ এই সকল নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷
সাংসদ দিলীপ শইকীয়াৰ উপৰিও এই কাৰ্যসূচীত ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ শান্তিয়াছ কুজুৰ, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস উপস্থিত থাকে ৷ সভাত দৰং জিলা কংগ্ৰেছ কমিটীৰ পাঁচগৰাকী সাধাৰণ সম্পাদক ক্ৰমে লুটফুৰ ৰহমান, আজিজুল হক, নুৰ হুছেইন, দিলীপ বৰা, সৰলা ডেকাৰ লগতে জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনিতা ৰাজবংশী, পূৱ মঙলদৈ ব্লক কংগ্ৰেছৰ সভাপতি ইব্ৰাহীম তালুকদাৰ, পশ্চিম মঙলদৈ ব্লক কংগ্ৰেছৰ সভাপতি বিপুল ডেকাই বিজেপিত যোগদান কৰে ৷ লগতে মঙলদৈ টাউন ব্লক কংগ্ৰেছৰ সভাপতি কুমাৰ ৰাকেশ বৰুৱা, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অঞ্জন ডেকা, কংগ্ৰেছ নেতা দ্বীপ কিশোৰ শইকীয়াৰ লগতে জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী সুৰেন বৰুৱা, প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী প্ৰীতিলেখা বৰুৱা, জেষ্ঠ কংগ্ৰেছ কৰ্মী বিপুল কুমাৰ শৰ্মাকে ধৰি তিনি শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷
লগতে পঢ়ক : কাৰ পক্ষত থাকিব ধুবুৰী লোকসভা সমষ্টিৰ জনমত ?

