ETV Bharat / politics

শোণিতপুৰত বিজেপি প্ৰাৰ্থীৰ সন্ধানত মন্ত্ৰী-সাংসদ - BJP Lok Sabha Candidates

Lok Sabha election 2024:বিজেপিৰ প্ৰাৰ্থী বিচাৰি তেজপুৰত মন্ত্ৰী যোগেন মহন আৰু সাংসদ ৰাজদ্বীপ ৰয় ৷ উল্লেখ্য যে অসমৰ ১২ টা লোকসভা সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে বিজেপিয়ে দুজনীয়া প্ৰতিনিধি নিয়োগ কৰিছে ।

BJP Possible candidate List
তেজপুৰত মন্ত্ৰী যোগেন মহন
author img

By ETV Bharat Assamese Team

Published : February 27, 2024 at 9:18 PM IST

3 Min Read

তেজপুৰ, ২৭ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী উভয় শিবিৰে । অসমত শাসকীয় বিজেপি আৰু মিত্ৰ দলৰ কৰ্মীৰ পৰা সম্ভাব্য প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত প্ৰক্ৰিয়া এইবাৰ আৰম্ভ কৰিছে । সেই অনুসৰি আজি শোণিতপুৰ জিলাতো দলীয় নেতা-কৰ্মীয়ে গোপন ভোটেৰে নিজৰ পছন্দৰ প্ৰাৰ্থীৰ তালিকা দিলে জিলা পৰ্যবেক্ষকৰ হাতত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে অসমৰ ১২ টা লোকসভা সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে বিজেপিয়ে দুজনীয়া প্ৰতিনিধি নিয়োগ কৰিছে । ইয়াৰে অংশস্বৰূপে শোণিতপুৰ জিলাত উপস্হিত হয় মন্ত্ৰী যোগেন মহন আৰু সাংসদ ৰাজদ্বীপ ৰয় ৷ মন্ত্ৰী যোগেন মহনৰ হাতত জিলা সভাপতিৰ পৰা মণ্ডল আৰু মৰ্চাৰ সভাপতিয়ে দিলে তেওঁলোকৰ পছন্দৰ প্ৰাৰ্থীৰ নাম ৷ সম্পূৰ্ণ গোপন এই তালিকাৰ ভিত্তিত ৰাজ্যিক সমিতিয়ে প্ৰস্তুত কৰিব পেনেল ৷ সমষ্টিভিত্তিক এই পেনেলত থাকিব দুইৰ পৰা তিনিজনীয়া প্ৰাৰ্থীৰ নাম ৷ প্ৰাৰ্থী গৰাকী বিজেপি দলৰ নতুবা মিত্ৰজোঁটৰ অংশীদাৰিত্ব দলৰ প্ৰাৰ্থীও হ'ব পাৰে যদিও চূড়ান্ত সিদ্ধান্ত ল'ব হাইকমাণ্ডে ৷ ইয়াত নাথাকিব কোনো চিপৰাং ৰাজনীতি ৷ বিজেপিত চিপৰাঙৰ কোনো কাম নাই বুলি স্পষ্ট কৰিলে মন্ত্ৰী যোগেন মহনে ৷

উল্লেখযোগ্য যে শোণিতপুৰ লোকসভাৰ সমষ্টিৰ বাবে ইতিমধ্যে আম আদমি পাৰ্টীয়ে সৰ্বপ্ৰথমে প্ৰাৰ্থী ঘোষণা কৰি নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে । আপৰ কেন্দ্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যবেক্ষক ৰাজেশ শৰ্মাই পাঁচদিন পূৰ্বে তেজপুৰত এক সংবাদমেলত ঘোষণা কৰিছিল যে শোণিতপুৰ লোকসভা সমষ্টিৰ বাবে বিৰোধী ঐক্য মঞ্চই বিশেষকৈ কংগ্ৰেছে বা অন্য দলৰ তৰফৰ পৰা কোনো প্ৰাৰ্থিত্ব প্ৰদান নকৰে । সেইদৰে অসমৰ অন্য দুটা লোকসভা সমষ্টি ডিব্ৰুগড় আৰু গুৱাহাটীৰ বাবেও কংগ্ৰেছে প্ৰাৰ্থী প্ৰদান নকৰে বুলি তেওঁ সদৰী কৰে ।

তেওঁ কয় যে শোণিতপুৰ জিলাৰ মুঠ ১৭৫ টা পঞ্চায়তৰ এলেকাত আপৰ নিৰ্বাচনী কাৰ্যালয় আৰম্ভ হৈছে । বিৰোধী ঐক্যবদ্ধ আন দলে প্ৰাৰ্থী এই কাৰণেই নিদিয়ে কিয়নো নিৰ্বাচনত অকল প্ৰাৰ্থী দিয়াই প্ৰধান কাম নহয়, শাসকীয় বিজেপি দলৰ বিৰুদ্ধে এই নিৰ্বাচন গতিকে ৰাইজৰ মাজত গৈ বিজেপিক কিয় পৰিহাৰ কৰিব লাগিব সেই বিষয়ে বিস্তৃত ভাবে বুজাই দিব লাগিব বুলি তেওঁ কয় ।

শোণিতপুৰ লোকসভা সমষ্টিৰ মুঠ ৯টা বিধানসভা সমষ্টিত আপৰ এই নিৰ্বাচনী কাৰ্যসূচী আৰম্ভ কৰি অহা ১ মাৰ্চৰ পৰা দলে "অসমতো কেজৰীয়াল" নামৰ এক বিশেষ অভিযান আৰম্ভ কৰিব । গাঁও সমূহত সাধাৰণ লোকৰ মাজত এই কাৰ্যসূচী চলিব । লগতে আপৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসম তথা শোণিতপুৰ লোকসভা সমষ্টিৰ তেজপুৰলৈ আহিব বুলি তেওঁ কয় ।

লগতে পঢ়ক:লোকসভা নিৰ্বাচন : কৰিমগঞ্জ লোকসভা সমষ্টিৰ ৰূপৰেখা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.