ETV Bharat / politics

নিৰ্বাচনৰ পূৰ্বেই কাছাৰত ৩০ খন আঞ্চলিক পঞ্চায়ত, এখন জিলা পৰিষদ দখলৰ দাবী বিজেপিৰ - PANCHAYAT ELECTIONS 2025

কাছাৰত এইবাৰ ১৬৩ খন পঞ্চায়ত আৰু ২৫ খন জিলা পৰিষদ আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

Panchayat elections 2025
নিৰ্বাচনৰ পূৰ্বেই কাছাৰত ৩০ খন আঞ্চলিক পঞ্চায়ত, এখন জিলা পৰিষদ দখলৰ দাবী বিজেপিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 16, 2025 at 2:32 PM IST

3 Min Read

শিলচৰ: বৰ্তমান ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰকাৰ্য তুংগত উঠিছে । ব'হাগ বিহুৰ সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰ কাৰ্যয়ো গতি লাভ কৰিছে । অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰৰ পঞ্চায়ত নিৰ্বাচন ।

২ মে'ত ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে কাছাৰতো অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন । কাছাৰত এইবাৰ ১৬৩ খন পঞ্চায়ত আৰু ২৫ খন জিলা পৰিষদ আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব । কিন্তু নিৰ্বাচনৰ পূৰ্বেই কাছাৰত দেখা গৈছে যে কেইবাখনো আসন বিজেপিৰ দখললৈ গৈছে ।

নিৰ্বাচনৰ পূৰ্বেই কাছাৰত ৩০ খন আঞ্চলিক পঞ্চায়ত, এখন জিলা পৰিষদ দখলৰ দাবী বিজেপিৰ (ETV Bharat Assam)

কাছাৰৰ মুঠ ১৬৩ খন আঞ্চলিক পঞ্চায়তৰ আসনৰ ভিতৰত ইতিমধ্যে নিৰ্বাচনৰ পূৰ্বেই বিনা প্ৰতিদ্বন্দ্বিতাৰে ৩০ আসনত বিজেপিৰ প্ৰাৰ্থীসকলে জয়লাভ কৰা বুলি দাবী কৰিছে । লগতে ২৫ খন জিলা পৰিষদৰ আসনৰ মাজত এখন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰা বুলি দাবী কৰা হৈছে ৷ অৱশ্যে ৰাজ্যিক নিৰ্বাচনী আয়োগৰ পৰা এই সন্দৰ্ভত কোনো আনুষ্ঠানিত তথ্য এতিয়ালৈকে লাভ কৰা নাই ।

ইফালে নিৰ্বাচনৰ পূৰ্বেই এনে ফলাফলত উৎফুল্লিত হৈ পৰিছে বিজেপিৰ কৰ্মী আৰু সমৰ্থকসকল । দলৰ এনে ফলাফলৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী কৌশিক ৰায়ে কয় যে ৰাইজৰ আস্থা আৰু সমৰ্থন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বৃদ্ধি হোৱাৰ বাবেই নিৰ্বাচনৰ পূৰ্বেই বিজেপিয়ে কাছাৰত কেইবাখনো আসন দখল কৰিছে । কংগ্ৰেছৰ প্ৰাৰ্থী হোৱাৰ বাবে এতিয়া ৰাইজৰ মাজত কোনো উৎসাহ নাই । সেয়ে কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনত কাছাৰৰ বহুসংখ্যক আসনত প্ৰাৰ্থী বিচাৰি পোৱা নাই বুলি মন্তব্য কৰে মন্ত্ৰী কৌশিক ৰায়ে ৷

মঙলবাৰে এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদে কাছাৰ জিলাত আমি ২৫ খন জিলা পৰিষদ আসনত প্ৰাৰ্থী দিছিলোঁ । আৰু তাৰ মাজতে আজি এটা লক্ষীপুৰ বিধানসভা সমষ্টিৰ এটা জিলা পৰিষদ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে নমিনেচন প্ৰত্যাহাৰ কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সীমা দেৱে তাৰ পৰা নিৰ্বাচিত হৈছে । লগতে আমি ১৬২ খন গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তত ভাৰতীয় জনতা পাৰ্টী আৰু এজিপিয়ে প্ৰাৰ্থী দিছিলোঁ । তাৰ মাজত আজি আবেলি তিনি বজালৈকে ভাৰতীয় জনতা পাৰ্টীৰ ৩০ জন প্ৰাৰ্থী নিৰ্বাচিত হৈছে ।"

তেওঁ লগতে কয়, "আমি লক্ষ্য কৰিছোঁ যে জিলা পৰিষদৰ এখন আসনত যেনেদৰে এজন কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে তেনেদৰে আঞ্চলিক পঞ্চায়ততো অনেকগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিছে আৰু বহুতে বিজেপিত জইন কৰিছে ।"

লগতে পঢ়ক :আমাৰ চৰকাৰ আৰু ২০ বছৰলৈ থাকিলে অসম বহু আগুৱাই যাব: মুখ্যমন্ত্ৰী - CM HIMANTA BISWA SARMA
লগতে পঢ়ক :বিৰোধী একত্ৰিত হ'লেও চিন্তিত নহয় বিজেপি: আত্মবিশ্বাসী বিধায়ক - PANCHAYAT ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.