ETV Bharat / politics

সৰ্বানন্দ সোণোৱালৰ সন্মুখতে বাৰম্বাৰ নাম ঘোষণা; যোগদান নকৰিলে কংগ্ৰেছৰ পঞ্চায়ত সদস্যই

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা জয়যুক্ত হোৱা সদস্যক বিজেপিত যোগদান কৰাবলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰীৰ সন্মুখত মুখথেকেচা খালে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকে ।

BJP meeting in tinsukia
মাকুমত বিজেপিৰ পঞ্চায়ত সদস্যৰ অভিনন্দন অনুষ্ঠান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 19, 2025 at 11:38 AM IST

4 Min Read
Choose ETV Bharat

তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত মাকুম বিধানসভা সমষ্টিত বুধবাৰে অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠান । ভাৰতীয় জনতা পাৰ্টীৰ মাকুম বিধানসভা সমষ্টিয়ে আয়োজন কৰা এক অভিনন্দন অনুষ্ঠানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে । এই অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে কেইবাগৰাকীও লোকে ।

কিন্তু আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ এইবাৰ পঞ্চায়ত নিৰ্বাচনত বাঘজান গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ দলৰ পৰা জয়ী হোৱা আঞ্চলিক পঞ্চায়তৰ সদস্য অন্নজিৎ হাজৰিকাৰ নাম ঘোষণা কৰাৰ পাছতো তেওঁক দেখা নগ’ল মঞ্চত । তাৰেই এটা ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰাৰ লগতে ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে ৷

কেন্দ্ৰীয় মন্ত্ৰীৰ সন্মুখত মুখথেকেচা ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদকৰ (ETV Bharat Assam)

ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহায়ে নাম ঘোষণা কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছ দলৰ সদস্যগৰাকীক আদৰিবলৈ সাজু হৈ আছিল যদিও তেওঁ যোগদান নকৰিলে । ভিডিঅ'টোত দেখা পোৱা অনুসৰি, অন্নজিৎ হাজৰিকাই বিজেপিত যোগদান কৰিবলৈ আগবাঢ়ি নোযোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেই পিছৰগৰাকীৰ নাম ঘোষণা কৰিবলৈ কয় ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাইক ।

পৰৱৰ্তী সময়ত অন্নজিৎ হাজৰিকাক বিজেপিত যোগদান কৰিবলৈ বহু হেঁচা প্ৰয়োগ কৰা বুলি সামাজিক মাধ্যমত অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে । সমান্তৰালভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত অথবা জয়যুক্ত হোৱাৰ পাছত কংগ্ৰেছ দলৰ নেতৃত্বই যোগাযোগ অথবা সহায়-সহযোগিতা কিদৰে আগবঢ়াইছিল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।

ভাৰতীয় জনতা পাৰ্টীৰ মাকুম বিধানসভা সমষ্টিৰ উদ্যোগত মাকুমৰ আগমন বিবাহ ভৱনত আয়োজিত উক্ত অনুষ্ঠানত নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ পৰা বিগত পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্যে এক অভিনন্দন জ্ঞাপন অনুষ্ঠানৰ আয়োজন কৰি হৈছিল ৷

নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৫ টা পঞ্চয়তৰ ভিতৰত ১৩ টা গাঁও পঞ্চায়তত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে দখল কৰাৰ বিপৰীতে ৪ খন জিলা পৰিষদৰ ভিতৰত ৪ খনেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে দখল কৰে ।

অভিনন্দন জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত হোৱা বিজেপি দলৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি কয়, “নৱগঠিত মাকুম বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁটৰ স’তে খুব সুন্দৰকৈ ৰাইজৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ বুটলিলে ৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আমাৰ ভাল হ’ল, ঠিক তেনেদৰেই আমি লোকসভাৰ নিৰ্বাচনতো উল্লেখযোগ্য সফলতা বুটলিবলৈ সক্ষম হ’লোঁ । মই আজি পঞ্চায়তৰ নিৰ্বাচিত প্ৰাৰ্থী আৰু উপস্থিত সকলোকে আহ্বান জনাইছোঁ সততা আৰু নিষ্ঠাৰে কাম কৰিব লাগিব । স্বচ্ছ আৰু নিকা নীতিৰে আমি পঞ্চায়তৰ জৰিয়তে চাহবাগিচা হওক বা গাঁৱত ৰাইজক সেৱা আগবঢ়াব লাগিব । কোনো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰক যাতে প্ৰশ্ৰয় নিদিয়ে । তেতিয়াহে ৰাইজে সদায় আমাক হৃদয়ত ৰাখিব ।”

উক্ত অভিনন্দন অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স’তে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, অসম গৃহ নিৰ্মাণ বিভাগৰ অধ্যক্ষ পুলক গোঁহাই, বিজেপিৰ তিনিচুকীয়া জিলাৰ সভাপতি কুশকান্ত বড়া, বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ত্ৰিদিব মৰাণ, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণকে প্ৰমুখ্য কৰি বিজেপি দলৰ কেইবাগৰাকীও দলীয় নেতা-কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক :বহিৰাগত আৰ এছ এছ নেতাই অসমত সংঘাতৰ সৃষ্টি কৰিব বিচাৰিছে:গৌৰৱ গগৈ - GAURAV GOGOI SLAMS RSS
লগতে পঢ়ক :উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ প্ৰধানমন্ত্ৰীৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞ:সৰ্বানন্দ সোণোৱাল - 11 YEARS OF MODI GOVT