ETV Bharat / politics

মন্ত্ৰী-বিধায়কৰ নেতৃত্বত বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন শাসকীয় দলৰ - PANCHAYAT ELECTION 2025

পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ডিব্ৰুগড়ত শাসকীয় দলৰ শক্তি প্ৰদৰ্শন ।

BJP Candidates submit nominations with massive rally led by ministers and MLAs
মন্ত্ৰী-বিধায়কৰ নেতৃত্বত বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন শাসকীয় দলৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 11, 2025 at 7:32 PM IST

3 Min Read

ডিব্ৰুগড়: পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত ব্যাপক উচাহ আৰম্ভ হৈছে ৰাজনৈতিক দলৰ নেতাৰ-কৰ্মীসকলৰ মাজত । ৰাজ্যৰ বিভিন্ন জিলাৰ দৰে ডিব্ৰুগড় জিলাতো উৎসৱমুখৰ পৰিৱেশ । ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিত মন্ত্ৰী-বিধায়কসকলে মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক মনোনয়ন পত্ৰ দাখিলত সহযোগিতা আগবঢ়াইছে । ইয়াৰ বিপৰীতে ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিত বিৰোধী দলসমূহৰ মাজত বিশেষ উৎসাহৰ পৰিৱেশ পৰিলক্ষিত হোৱা নাই ।

দলীয় কৰ্মী-সমৰ্থকৰ বিশাল ৰেলীৰে পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা মৰাণত শক্তি প্ৰদৰ্শন কৰিলে শাসকীয় বিজেপি মিত্ৰজোঁটে । মন্ত্ৰী বিমল বড়াৰ নেতৃত্বত টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণ মণ্ডলৰ ৬ টা আৰু লেঙেৰী মণ্ডলৰ ২ টা গাঁও পঞ্চায়তৰ বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীসকলে শুকুৰবাৰে মৰাণৰ তিলৈনগৰস্থিত খোৱাং উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ।

মন্ত্ৰী-বিধায়কৰ নেতৃত্বত বিশাল ৰেলীৰে শক্তি প্ৰদৰ্শন শাসকীয় দলৰ (ETV Bharat Assam)

ইয়াৰ পূৰ্ৱে তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত মন্ত্ৰী বিমল বড়া আৰু ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বড়াই দলীয় প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে । তাৰ পাছতে কেইবাহাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ সৈতে সমদল কৰি আহি খোৱাং উন্নয়ন খণ্ডৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰাৰ্থীসকলে । সমদলত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বড়াই সমষ্টিৰ আটাইকেইটা পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ বিজেপি আৰু মিত্ৰদল অগপই দখল কৰিব বুলি দাবী কৰে । আনহাতে জিলা বিজেপিৰ সভাপতি দুলাল বড়াই ডিব্ৰুগড় জিলাখনত পঞ্চায়ত নিৰ্বাচনত বিৰোধী শূন্য হ'ব বুলি দাবী কৰে ।

অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ নেতৃত্বত মনোনয়ন দাখিল:

ডিব্ৰুগড় জিলাৰ নৱ-গঠিত চাবুৱা-লাহোৱাল সমষ্টিত অসম গণ পৰিষদ আৰু বিজেপিয়ে মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে । ইয়াৰে দুখন জিলা পৰিষদৰ বাবে বিধায়ক পোনাকণ বৰুৱাৰ নেতৃত্বত প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰে । সমষ্টিটোৰ চাৰিখন জিলা পৰিষদৰ দুখন আসনত বিজেপিয়ে আৰু দুখন আসনত অগপই প্ৰতিদ্বন্দিতা কৰিব । সেয়ে শুকুৰবাৰে অগপৰ বিধায়কগৰাকীৰ নেতৃত্বত দিনজয় আৰু মদাৰখাট জিলা পৰিষদত অগপৰ প্ৰাৰ্থীসকলে দাখিল কৰে মনোনয়ন ।

বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত খোৱাঙত মনোনয়ন দাখিল:

খোৱাং সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বিধায়ক চক্ৰধৰ গগৈৰ নেতৃত্বত দুগৰাকী বিজেপি প্ৰাৰ্থীয়ে শুকুৰবাৰে মনোনয়ন দাখিল কৰে । লৰুৱা মৌজাৰ প্ৰাৰ্থী দুগৰাকীয়ে শতাধিক লোকক লগত লৈ ঢোলে-দগৰে দাখিল কৰে মনোনয়ন । মনোনয়ন দাখিল কৰি দুই প্ৰাৰ্থীয়ে উন্নয়নৰ বাৰ্তা লৈ ৰাইজৰ ওচৰলৈ যোৱাৰ পোষকতা কৰে ।

লগতে পঢ়ক: যুদ্ধংদেহী প্ৰস্তুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা বিজেপি মিত্ৰজোঁটৰ - ASSAM PANCHAYAT ELECTIONS 2025

কট্টৰ কংগ্ৰেছী কোন ? ক'লে বিধায়ক শিৱামণি বৰাই - PANCHAYAT ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.