ETV Bharat / politics

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ জয়লাভ

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপি প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাৰ ।

RHAC ELECTION 2025
ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 16, 2025 at 2:13 PM IST

|

Updated : March 16, 2025 at 2:44 PM IST

2 Min Read
Choose ETV Bharat

গোৱালপাৰা: ২ এপ্ৰিলত অনুষ্ঠিত হ’ব ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বেই ২০ নং জয়ৰামকুচি সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ ।

গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ২০ সমষ্টিৰ নিৰ্বাচনৰ বাবে শনিবাৰে দাখিল কৰা হয় মনোনয়ন পত্র । ৩৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ২০ টা সমষ্টি গোৱালপাৰা জিলাৰ আৰু ১৬ টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত ।

ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (ETV Bharat Assam)

উল্লেখ্য যে, ২০ নং জয়ৰামকুচি সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ বিপৰীতে কোনো দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল নকৰাত বিনা প্রতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী প্ৰেমাজুলী ৰাভাৰ জয়লাভ নিশ্চিত হৈ পৰিছে । প্ৰাৰ্থীগৰাকীৰ জয়লাভত জয়ৰামকুচি অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায়

প্ৰেমাজুলি ৰাভাই জয়লাভ কৰি সাংবাদিকৰ আগত কয় যে, ‘‘এই জয় ভাৰতীয় জনতা পাৰ্টীৰ জয় । জয়ৰামকুচিৰ সকলো ৰাইজে ইমান মৰম দিয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থীয়েই থিয় হোৱা নাই । এয়া জয়ৰামকুচিৰ ৰাইজৰ মোৰ প্ৰতি থকা মৰম আৰু ভালপোৱা’’ ।

জয়ৰামকুচিৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে সদ্যবিজয়ী প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাই । এই বিজয় উল্লাস অনুষ্ঠানত অংশগ্ৰহণ কৰে এ পি ডি চি এলৰ সঞ্চালকপ্ৰধান প্ৰকাশ কাশ্যপৰ লগতে বিজেপিৰ নেতা কৰ্মীসকল আৰু ৰাভা হাছং যৌথমঞ্চৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই যেন মিনি দিছপুৰত পৰিণত হৈছে গোৱালপাৰা জিলাৰ দুধনৈ চহৰ ! কংগ্ৰেছ দলে এই নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি দলে মিত্ৰতাৰে অৱতীৰ্ণ হ’ব ৷

লগতে পঢ়ক: ৰাভা হাছং নিৰ্বাচন: মনোনয়ন দাখিল কংগ্ৰেছ-বিজেপি মিত্ৰদলৰ প্ৰাৰ্থীৰ - RHAC ELECTION 2025

Last Updated : March 16, 2025 at 2:44 PM IST