গোৱালপাৰা: ২ এপ্ৰিলত অনুষ্ঠিত হ’ব ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন । নিৰ্বাচনৰ পূৰ্বেই ২০ নং জয়ৰামকুচি সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ ।
গোৱালপাৰা জিলাৰ অন্তৰ্গত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ ২০ সমষ্টিৰ নিৰ্বাচনৰ বাবে শনিবাৰে দাখিল কৰা হয় মনোনয়ন পত্র । ৩৬ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ২০ টা সমষ্টি গোৱালপাৰা জিলাৰ আৰু ১৬ টা সমষ্টি কামৰূপ জিলাৰ অন্তৰ্গত ।
উল্লেখ্য যে, ২০ নং জয়ৰামকুচি সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ বিপৰীতে কোনো দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্র দাখিল নকৰাত বিনা প্রতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী প্ৰেমাজুলী ৰাভাৰ জয়লাভ নিশ্চিত হৈ পৰিছে । প্ৰাৰ্থীগৰাকীৰ জয়লাভত জয়ৰামকুচি অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা যায়
প্ৰেমাজুলি ৰাভাই জয়লাভ কৰি সাংবাদিকৰ আগত কয় যে, ‘‘এই জয় ভাৰতীয় জনতা পাৰ্টীৰ জয় । জয়ৰামকুচিৰ সকলো ৰাইজে ইমান মৰম দিয়াৰ বাবেই তেওঁৰ বিৰুদ্ধে কোনো প্ৰাৰ্থীয়েই থিয় হোৱা নাই । এয়া জয়ৰামকুচিৰ ৰাইজৰ মোৰ প্ৰতি থকা মৰম আৰু ভালপোৱা’’ ।
জয়ৰামকুচিৰ ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰে সদ্যবিজয়ী প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাই । এই বিজয় উল্লাস অনুষ্ঠানত অংশগ্ৰহণ কৰে এ পি ডি চি এলৰ সঞ্চালকপ্ৰধান প্ৰকাশ কাশ্যপৰ লগতে বিজেপিৰ নেতা কৰ্মীসকল আৰু ৰাভা হাছং যৌথমঞ্চৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।
উল্লেখ্য যে, নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই যেন মিনি দিছপুৰত পৰিণত হৈছে গোৱালপাৰা জিলাৰ দুধনৈ চহৰ ! কংগ্ৰেছ দলে এই নিৰ্বাচনত অকলে অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি দলে মিত্ৰতাৰে অৱতীৰ্ণ হ’ব ৷
লগতে পঢ়ক: ৰাভা হাছং নিৰ্বাচন: মনোনয়ন দাখিল কংগ্ৰেছ-বিজেপি মিত্ৰদলৰ প্ৰাৰ্থীৰ - RHAC ELECTION 2025