গোৱালপাৰা: পুনৰ ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদ মিত্ৰজোঁট এন ডি এ-ৰ দখলত । শুকুৰবাৰে ঘোষণা কৰা ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ ভোট গণনাৰ অন্তত ১৭ টাকৈ পৰিষদীয় সমষ্টিত জয় লাভ এন ডি এ প্ৰাৰ্থীৰ ।
আনহাতে, কংগ্ৰেছে আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দখল কৰে মাত্ৰ এটাকৈ সমষ্টি । ২ এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাভা-হাছং নিৰ্বাচনত হিলদল ভাঙি ৰাইজে ভোটদান কৰে এন ডি এ-ৰ পক্ষত ।

কংগ্ৰেছ দলক বৃহৎ পৰিমাণৰ আসনত হৰুৱাই পুনৰবাৰ মিত্ৰজোঁটে দখল কৰে ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদ । গোৱালপাৰা জিলাৰ ৰাভা-হাছং স্বায়ত্ত শাষিত পৰিষদৰ নিৰ্বাচনত ৰাভা-হাছং যৌথ সংগ্ৰাম সমিতি আৰু বিজেপি মিত্ৰজোঁটে ২০ টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে কংগ্ৰেছ দলেও ১৯ টা পৰিষদীয় সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিল । ইয়াৰে ২০ টা পৰিষদীয় সমষ্টিৰ এটা সমষ্টিত এন ডি এ প্ৰাৰ্থী প্ৰেমাজুলি ৰাভাই বিনা প্ৰতিদ্বন্দ্বিতাৰে নির্বাচিত হৈছিল । বাকী থকা ১৯ টা সমষ্টিত দুয়োটা দলে নিজৰ নিজৰ প্ৰাৰ্থী আগবঢ়াইছিল ৷

শুকুৰবাৰে ঘোষণা কৰা ৰাভা-হাছং নিৰ্বাচনৰ ফলাফলৰ অন্তত কুশধোৱা-দৰংগিৰী পৰিষদীয় সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৰমা ৰাভাই ৫,৫৭৬ টা ভোট লাভ কৰি জয়লাভ কৰে ৷ আনহাতে, দ্বাৰকা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী মোদীত কুমাৰ ৰাভাই জয়লাভ কৰে ।

দক্ষিণ দুধনৈ পৰিষদীয় সমষ্টিৰ পৰা ৰাভা-হাছং স্বায়ত্ত শাষিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৪,৬৪০ টা ভোটত জয় সাব্যস্ত কৰাৰ লগতে বাকী ১৬ টা পৰিষদীয় সমষ্টিত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিপুল পৰিমাণৰ ভোটৰ ব্যৱধানত জয়লাভ কৰে ।

ফলাফলৰ পাছতে ঠায়ে ঠায়ে বিজয় উল্লাস উদযাপন কৰা পৰিলক্ষিত হয় বিজেপিৰ নেতা-কৰ্মীসকলক ৷
লগতে পঢ়ক: ৰাভা-হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ জয়লাভ