ETV Bharat / politics

জিলা পৰিষদত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী বিজেপি-অগপ প্ৰাৰ্থী - PANCHAYAT ELECTIONS 2025

নিৰ্বাচনৰ পূৰ্বেই আত্মসমৰ্পণ কংগ্ৰেছৰ । অন্তিম মুহূৰ্তত কংগ্ৰেছৰ দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ ।

ASSAM PANCHAYAT ELECTION 2025
বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী প্ৰাৰ্থী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 2:24 PM IST

2 Min Read

কলিয়াবৰ: কলিয়াবৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় সাব্যস্ত বিজেপি আৰু অগপ দলৰ দুগৰাকী জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থীৰ । দ্বাৰ-বাগৰি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী জিতেন গৌড় আৰু চতিয়াল-পূবথৰীয়া জিলা পৰিষদৰ প্ৰাৰ্থী পূণ্যলতা বৰুৱাই নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই বিজয় সাব্যস্ত কৰে । দুয়োটা জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী দুগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী বুলি ঘোষণা কৰা হৈছে জিতেন গৌড় আৰু পূণ্যলতা বৰুৱাক ।

ইয়াৰ পিছতেই দুই বিজয়ী প্ৰাৰ্থীক সমজিলা আয়ুক্তই প্ৰদান কৰে প্ৰমাণ পত্ৰ । অৱশ্যে, কংগ্ৰেছ প্ৰাৰ্থী দুগৰাকীয়ে কিয় মনোনয়ন প্ৰত্যাহাৰ কৰিলে সেয়া জানিব পৰা হোৱা নাই । এই সন্দৰ্ভত কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়েও অজ্ঞতা প্ৰকাশ কৰিছে । কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ চাৰিটা জিলা পৰিষদৰ আন দুটা সমষ্টি দ্বাৰ-শালনা আৰু আমবাগানত ভোটৰ দ্বাৰা প্ৰাৰ্থী নিৰ্বাচন হ'ব ।

বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী বিজেপি প্ৰাৰ্থী (ETV Bharat Assam)

দ্বাৰ-বাগৰি জিলা পৰিষদ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জিতেন গৌড়ে দ্বিতীয়বাৰলৈ বিজয়ী হোৱাৰ পিছতেই এই বিজয়ৰ বাবে সমষ্টিবাসী ৰাইজ আৰু মনোনয়ন প্ৰত্যাহাৰ কৰা কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ধন্যবাদ জ্ঞাপন কৰি কয়, "কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী মোৰ শিক্ষাগুৰু আৰু সেইবাবে তেওঁক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছিলো । অনাগত দিনত জিলা পৰিষদ সমষ্টিৰ বাবে নিৰ্দ্ধাৰিত উন্নমূলক কাম-কাজত দল-মত নিৰ্বিশেষে সকলোৰে সমান অধিকাৰ আৰু অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব দিম ।"

ASSAM PANCHAYAT ELECTION 2025
বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী বিজেপি-অগপ প্ৰাৰ্থী (ETV Bharat Assam)

আনহাতে, কলিয়াবৰৰ ২২টা আঞ্চলিক পঞ্চায়তৰ কালি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা ছটা সমষ্টিত বিৰোধী পক্ষৰ প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে । এই ছটা আঞ্চলিক পঞ্চায়তত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত প্ৰাৰ্থীকেইগৰাকীৰ চাৰিগৰাকী অগপৰ আৰু দুগৰাকী বিজেপিৰ ।

লগতে পঢ়ক:পঞ্চায়ত নিৰ্বাচন : কিদৰে চলিছে শাসক-বিৰোধীৰ তৎপৰতা, কি কয় বিনীতা-মাজনীহঁতে... - ASSAM PANCHAYAT ELECTION 2025

নিৰ্বাচনৰ পূৰ্বেই কাছাৰত ৩০ খন আঞ্চলিক পঞ্চায়ত, এখন জিলা পৰিষদ দখলৰ দাবী বিজেপিৰ - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.