ETV Bharat / politics

আচৰিত ! ভূপেন বৰাৰ সপোনৰ কথা মুখ্যমন্ত্ৰীয়ে জানে কেনেকৈ ? - BHUPEN KUMAR BORAH

হিতেশ্বৰ শইকীয়াৰ আৰ্শীবাদ শিৰত লৈ দুজন শীৰ্ষ আছু নেতাই সংগোপনে গৈ কংগ্ৰেছ দলত যোগদান কৰিছিল ৷ এজন আছিল উজনিৰ, আনজন নামনিৰ ৷

BHUPEN KUMAR BORA
ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 15, 2025 at 2:31 PM IST

3 Min Read

বিশ্বনাথ : 1991-92 চন ৷ সমগ্ৰ অসমতে তেতিয়া বলিছিল কংগ্ৰেছ বিৰোধী বতাহ ৷ দিছপুৰত অৱশ্য়ে সেই সময়ত কংগ্ৰেছৰ চৰকাৰেই আছিল ৷ জনতা ভৱনত মুখ্যমন্ত্ৰীৰ আসনখনত আছিল প্ৰয়াত হিতেশ্বৰ শইকীয়া ৷ সেই সময়ত হিতেশ্বৰ শইকীয়া মানেই যেন অসমীয়া জাতিৰ শত্ৰু ! কংগ্ৰেছ মানেই যেন অসমীয়াৰ চকুৰ কুটা, দাঁতৰ হুল ! আনকি সেই সময়ৰ মুখ্যমন্ত্ৰী শইকীয়াক আখ্যা দিয়া হৈছিল ‘গণশত্ৰু’ বুলিও ৷

সদৌ অসম ছাত্ৰ সন্থা সেই সময়ত অসমত এক উজ্জীৱিত শক্তিস্বৰূপ ৷ তেনে সময়তেই অসমৰ ৰাজনীতিত এটা বৰ ডাঙৰ ‘অঘটন’ ঘটিছিল ৷ যিজন হিতেশ্বৰ শইকীয়াক সদৌ অসম ছাত্ৰ সন্থা(আছু) আৰু অসমৰ গৰিষ্ঠসংখ্যক ৰাইজে গণশত্ৰু বুলি আখ্যা দিছিল, সেইজন মুখ্যমন্ত্ৰীৰেই আৰ্শীবাদ শিৰত লৈ দুজন শীৰ্ষ আছু নেতাই সংগোপনে গৈ কংগ্ৰেছ দলত যোগদান কৰিছিল ৷ এজন আছিল উজনিৰ, আনজন নামনিৰ ৷ দুয়োৰে ৰাজনৈতিক গুৰু আছিল প্ৰয়াত হিতেশ্বৰ শইকীয়া ৷

ভূপেন বৰাৰ সপোনৰ কথা মুখ্যমন্ত্ৰীয়ে জানে কেনেকৈ ? (ETV Bharat Assam)

আপোনাৰ নিশ্চয় জানিবলৈ মন গৈছে এই আছু নেতা দুজন কোন আছিল ৷ তেন্তে শুনক, নামনিৰজন আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু উজনিৰজন আছিল প্ৰদেশ কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি ভূপেন বৰা ৷ একেদিনাই দুয়োজনে কংগ্ৰেছত যোগদান কৰিছিল ৷

সেই সময়ত ড৹ শৰ্মা আছিল বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু বৰা আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৷ আজিৰ তাৰিখত দুয়ো দুটা বেলেগ বেলেগ দলৰ আগশাৰীৰ নেতা ৷ এজন বিজেপিৰ মুখ্যমন্ত্ৰী, আনজন কংগ্ৰেছৰ সভাপতি ৷

কিন্তু হ’লে কি হ’ব ! দল বেলেগ হ’ব পাৰে, কিন্তু ইজনে সিজনৰ কথা খুব ভালকৈয়ে জানে ৷ আনকি, ভূপেন বৰাই কি সপোন দেখে বা দেখিছিল সেয়া হিমন্ত বিশ্ব শৰ্মাই যিমান জানে সিমানখিনি হয়তো আনে নাজানিব ৷

একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ সপোন কি সেয়াও হয়তো খুব ভালকৈয়ে জানে ভূপেন বৰাই ৷ কাৰণ লুইতৰ বুকুৱেদি যোৱা প্ৰায় তিনিটা দশকে অনেক পানী বাগৰিল যদিও ইজনে সিজনৰ অন্তৰৰ কথাখিনি জনাত কিন্তু কোনো অসুবিধা হোৱা নাই ৷ সেয়ে হয়তো বুধবাৰে বিশ্বনাথত ভূপেন বৰাই কৈয়ে পেলালে ‘‘মই দেখা সপোনখিনিৰ কিমানখিনি পূৰণ হ’ল আৰু কিমানখিনি পূৰণ হ’বলৈ বাকী আছে সেই কথা মুখ্যমন্ত্ৰীয়ে খুব ভালকৈয়ে জানে ৷ আমি দুয়োজন একে বয়সৰ, দুয়ো মেট্ৰিকো দিছো একে বছৰতে ৷’’

সভাপতি বৰাই বুধবাৰে বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ জিলা কংগ্ৰেছৰ ৰাজীব ভৱনৰ গাতে লাগি থকা নৱনিৰ্মিত কাৰ্যালয় গৃহটি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ লগতে জিলা কংগ্ৰেছৰ ব্যৱসায়িক প্ৰতিষ্ঠান এখনো আনুষ্ঠানিকভাৱে মুকলি কৰে ৷

ইপিনে পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বৰাই কয়, ‘‘যি দল দিছপুৰত থাকে,অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত সেই চৰকাৰৰ পক্ষে ভোট দান কৰি আহিছে। যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আছিল ২০১৩ চনত,তেতিয়া বিজেপিয়ে অসমত কেৱল ১৫ খনহে জিলা পৰিষদ আসনত জয় লাভ কৰিবলৈ সক্ষম হৈছিল । আনকি এইবাৰ আমি ৪০খন জিলা পৰিষদত মাত্ৰ ৫০০ ভোটৰ আশে-পাশে আৰু বহু আঞ্চলিক সদস্য মাত্ৰ ১০০ ভোটৰ আশে-পাশে পৰাজিত হৈছো । ফলাফল আৰু ভাল হোৱা হ'লে ভাল লাগিলহেতেন ।’’

লগতে পঢ়ক : নিৰ্বাচনত সংখ্যালঘুৰ ভোট কিদৰে আদায় কৰে কংগ্ৰেছে ?

লগতে পঢ়ক : প্ৰয়োজনত সীমান্তত যুদ্ধ কৰিবলৈ যাবলৈও সাজু ৰূপজ্যোতি কুৰ্মী !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.