ETV Bharat / politics

দা-কটাৰী হাতত থকাৰ দৰে হাতে হাতে বন্দুক ! বৰাই ক'লে- এয়া আমেৰিকাৰ গান কালচাৰৰ দৰে কথা

সভাপতি নহ’ব পাৰে ! চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে এতিয়াও সৰৱ ভূপেন বৰা ৷ মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান অসংবেদনশীল আৰু চৰম দায়িত্বজ্ঞানহীন আখ্যা ভূপেন বৰাৰ ।

Bhupen Bora slams CM
খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ লাইচেন্স প্ৰদানৰ ঘোৰ বিৰোধিতা ভূপেন বৰাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2025 at 4:46 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: “স্পৰ্শকাতৰ অঞ্চলত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া কেৱল সাম্প্ৰদায়িক, গোষ্ঠীগত সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্যে লৈছে ।” এই মন্তব্যৰে অসম চৰকাৰৰ কেবিনেটত বুধবাৰে স্পৰ্শকাতৰ অঞ্চলত অস্ত্ৰৰ বাবে অনুজ্ঞাপত্ৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা জ্যেষ্ঠ কংগ্ৰেছী তথা এ পি চি চিৰ সদ্যপ্ৰাক্তন সভাপতি ভূপেন বৰাৰ ।

সভাপতিৰ দায়িত্বৰ পৰা অব্যাহতি পোৱাৰ পিছতেই চৰকাৰী নীতিৰ বিৰুদ্ধে পূৰ্বৰ দৰেই সৰৱ হৈ উঠিছে ভূপেন বৰা ৷

ভূপেন বৰাই ক'লে- এয়া আমেৰিকাৰ গান কালচাৰৰ দৰে কথা হ'ব (ETV Bharat Assam)

গুৱাহাটীৰ নিজা বাসগৃহত বুধবাৰে বৰাই এখন সংবাদমেল সম্বোধন কৰি স্পৰ্শকাতৰ অঞ্চলত খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বাবে ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তক অসংবেদনশীল আৰু চৰম দায়িত্বজ্ঞানহীন বুলি আখ্যা দিয়ে ।

ভূপেন বৰাৰ মন্তব্য, “অসমৰ মানুহে চৰাইৰ মাতত পুৱা সাৰ পাইছিল । আমাৰ মূৰৰ ওপৰেদি এনেকুৱা দিন পাৰ হৈ গৈছিল যেতিয়া আমি মাজনিশা বন্দুকৰ শব্দত সাৰ পাইছিলোঁ । কিন্তু মুখ্যমন্ত্ৰীয়ে পূৰ্বৰ এই বিভীষিকাময় দিনবোৰ ঘূৰাই আনিব বিচাৰিছে । বন্দুকৰ ঝনঝননি লাহে লাহে কমি আহিছিল ৷”

ভূপেন বৰাৰ অভিযোগ , “মোৰো বৈধ অস্ত্ৰ আছে । যেতিয়া মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছিল গৃহ বিভাগে তদন্ত কৰি নীতি-নিয়ম অনুসৰি দিছিল । অস্ত্ৰ ব্যৱহাৰ প্ৰসংগত মোৰ দায়বদ্ধতা আছে । কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰক্ৰিয়াৰে লাইচেল্স দিব বিচাৰিছে, আমেৰিকাৰ গান কালচাৰৰ দৰে, অসমত যিদৰে দা-কটাৰীও হাতত নাথাকে, বিপৰীতে বন্দুক থাকে কিছুমান ৰাষ্ট্ৰত, সেইদৰে দিব বিচাৰিছে ।”

ভূপেন বৰাৰ পোনপটীয়া অভিযোগ, “মুখ্যমন্ত্ৰীয়ে যিদৰে মাৰণাস্ত্ৰ দিয়াৰ এটা সংস্কৃতি গঢ়িব খুজিছে এয়া কেৱল সাম্প্ৰদায়িক, গোষ্ঠীগত সংঘৰ্ষ সৃষ্টিৰ উদ্দেশ্যে লৈছে । মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীয়ে আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ বুলি বুজাব খুজিছে নেকি ?”

লগতে ভূপেন বৰাৰ প্ৰশ্ন, “অপৰাধ নিয়ন্ত্ৰণৰ দায়িত্ব যদি সাধাৰণ ৰাইজক দিয়ে তেন্তে পুলিচৰ কি কাম থাকিব ?"

জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ মন্তব্য, “য'ত পুলিচৰ আন্তঃগাঁথনি নাই তাত গুৰুত্ব নিদি আন বিষয়ত গুৰুত্ব দিছে । অস্ত্ৰ-শস্ত্ৰ আইনৰ কথা মুখ্যমন্ত্ৰীয়ে নাজানিলেও মুখ্য সচিব, গৃহ সচিবে নাজানে নেকি ?”

মুখ্যমন্ত্ৰীলৈ ভূপেন বৰাৰ আহ্বান, “আমাক বন্দুক নালাগে, আমাক সংস্থাপন দিয়ক । যিসকলে বন্দুকৰ অনুজ্ঞাপত্ৰ বিচাৰিছে তেওঁলোকক বিধিগতভাৱে অনুজ্ঞাপত্ৰ দিয়ক । কিন্তু এনেদৰে জধেমধে অনুজ্ঞাপত্ৰ দিয়াটো চৰম দায়িত্বজ্ঞানহীন সিদ্ধান্ত ।”

অসম কেবিনেটে গ্ৰহণ কৰা মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তৰ বিৰোধিতাই নহয়, লগতে আন কেইবাটাও বিষয়তো সৰৱ হয় প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতিগৰাকী ৷

জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰিপুণ বৰাক গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগত আৰক্ষীয়ে চমন দিয়া সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰীয়ে মূল বিষয়সমূহ আঁতৰাই ৰাখিছে । মুখ্যমন্ত্ৰীয়ে কথা সলনি কৰি মানুহক মূল বিষয়ৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছে ৷

আনহাতে, গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত ভূপেন বৰাই কয়, “গুৱাহাটীৰ আজিৰ অৱস্থা চাওক, কেৱল পানী আৰু পানী ৷ স্মাৰ্ট চিটী বুলি কোৱা গুৱাহাটীত বিদেশ বা বহিঃৰাজ্যৰ যিসকল লোক আছে তেওঁলোকে গুৱাহাটীৰ আচল ছবিসমূহ আজি দেখিছে ।"

ইয়াৰ উপৰি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ নাম সলনি কৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত নামকৰণ কৰা সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য, "ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ নাম সলনি কৰাতকৈ আন এখন ষ্টেডিয়াম নিৰ্মাণ কৰি নামকৰণ নকৰে কিয় ?"

লগতে পঢ়ক :সলনি হ’ল সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ নাম, এইজন বিখ্যাত ক্ৰীড়াবিদলৈ সন্মান যাচিলে ৰাজ্য চৰকাৰে - ASSAM CABINET DECISION
লগতে পঢ়ক :এই মানুহজন 'খুল্লম-খুল্লা' পাকিস্তানৰ এজেণ্ট: মুখ্যমন্ত্ৰী - GAURAV GOGOI PAKISTAN LINK