ETV Bharat / politics

হীৰেন গোহাঁইৰ কথা মতে অসমৰ জনগণ নচলে : ভৱেশ কলিতা - Lok Sabha Election 2024

Lok Sabha Election : বিজেপি আৰু অগপক ভোট নিদিবলৈ ৰাইজলৈ আহ্বান জনোৱাৰ বাবেই বিশিষ্ট বাওঁপন্থী বুদ্ধিজীৱী হীৰেন গোহাঁইক সমালোচনা বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ অখিল গগৈক সাৱধানবাণী শুনালে মন্ত্ৰী বিমল বড়াই ৷ ফটা টায়াৰৰ সৈতে কংগ্ৰেছক তুলনা ভৱেশ কলিতাৰ ৷

Bhabesh kalita criticizes Hiren Gohain, for urging people not to vote for BJP
হীৰেন গোহাঁইৰ কথা মতে অসমৰ জণগণ নচলে: বিজেপিৰ সভাপতি ভৱেশ কলিতা
author img

By ETV Bharat Assamese Team

Published : April 9, 2024 at 10:19 AM IST

|

Updated : April 9, 2024 at 10:54 AM IST

2 Min Read
Choose ETV Bharat
হীৰেন গোহাঁইৰ কথা মতে অসমৰ জণগণ নচলে: বিজেপিৰ সভাপতি ভৱেশ কলিতা

মৰাণ, 9 এপ্ৰিল: ডিব্ৰুগড় লোকসভা সমষ্টিত ক্ৰমাৎ তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । ভোটাৰক আকৰ্ষণ কৰিবলৈ কৰিবলৈ শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ কৰিছে প্ৰচাৰ । বিজেপি দলে সংবাদ মাধ্যমৰ আগত 12 ৰ পৰা 13 খন আসনত জয়লাভ কৰাটো নিশ্চিত বুলি ঘোষণা কৰি আহিলেও প্ৰচাৰত অলপো কৃপণালি কৰা নাই দলটোৱে । তেনে এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ডিব্ৰুগড় লোকসভা সমষ্টিত ।

টিংখাঙৰ লেঙেৰীত সোমবাৰৰ নিশা সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী বিমল বড়াই । এই প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি দুয়োগৰাকী নেতাই কংগ্ৰেছ আৰু বিৰোধী ৰাজনৈতিক দলসমূহক তীব্ৰ সমালোচনা কৰে ।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে সোচ্চাৰ হৈ মন্ত্ৰী বিমল বড়াই চাওল্যুং চুকাফাই গঢ়া অসমখনক লৈ ভণ্ডামি নকৰিবলৈ অখিলক সকীয়নি প্ৰদান কৰে । ইয়াৰোপৰি বাওঁপন্থীৰ সংগত পৰি মানুহক টুপী নিপিন্ধাবলৈও সংবাদ মাধ্যমযোগে শেষ সকীয়নি প্ৰদান কৰে মন্ত্ৰীজনে ।

আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত ফটা টায়াৰৰ সৈতে তুলনা কৰিলে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক । কলিতাই কয়, "আই এম ডি টি আইন চুপ্ৰিম ক’ৰ্টত গৈ বাতিল কৰিছিল সৰ্বানন্দ সোণোৱালে । লুৰীণে জাতীয়তাবাদৰ কথা কৈ কংগ্ৰেছৰ সৈতে লগ লাগিছে । লুৰীণৰ টিউব ফটা আৰু কংগ্ৰেছৰ টায়াৰ ফটা । টায়াৰ ফটা আৰু টিউব ফটা লগ লাগিলে কি হয়, সেয়া ৰাইজে জানে ।"

সমান্তৰালভাৱে বিশিষ্ট বাওঁপন্থী বুদ্ধিজীৱী হীৰেন গোহাঁইক কটাক্ষ কৰি ভৱেশ কলিতাই কয়, "হীৰেন গোহাঁইৰ কথা মতে অসমৰ জনগণ নচলে । যিসকল বাওঁপন্থীয়ে অসমৰ উন্নয়ন নিবিচাৰে, সেইসকল বাওঁপন্থীৰ মতে অসম নচলে । বেংগলত আমি বাওঁপন্থীৰ শাসন দেখিছো’’ ৷

উল্লেখ্য যে, বিজেপি আৰু অগপক ভোট নিদিবলৈ ৰাইজলৈ আহ্বান জনাইছিল বিশিষ্ট বাওঁপন্থী বুদ্ধিজীৱীগৰাকীয়ে ।

লগতে পঢ়ক: আন্দোলন কৰিলে মানুহ মৰে ! জুবিনৰ কথা মানি ল'ব পৰা নাই ড৹ গোঁহায়ে - Hiren Gohain slams BJP

Last Updated : April 9, 2024 at 10:54 AM IST