মুখ্যমন্ত্ৰীৰ আহ্বানক বৃদ্ধাংগুষ্ঠ ভৱেশ কলিতাৰ; বিজেপি নেতা-কৰ্মীক লৈ কাউণ্টিং হলত প্ৰৱেশ কলিতাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানকো কেৰেপ নকৰে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই । কাউণ্টিং হলত প্ৰৱেশ কলিতাৰ ।

Published : May 11, 2025 at 2:32 PM IST
ৰঙিয়া: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানক উপেক্ষা কৰাৰ অভিযোগ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে । মুখ্যমন্ত্ৰীগৰাকীৰ স্পষ্ট আহ্বানক অমান্য কৰি নিৰ্বাচনৰ কাউণ্টিং হলত প্ৰৱেশ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰাৰ অভিযোগ ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে ।
মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ কাউণ্টিং প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু নিৰপেক্ষতা বজাই ৰাখিবলৈ কোনো বিধায়ক, সাংসদ বা মন্ত্ৰীৰ কাউণ্টিং হলত প্ৰৱেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল । কিন্তু ভৱেশ কলিতাই এই আহ্বান উপেক্ষা কৰি বিজেপিৰ প্ৰায় দহ গৰাকী নেতা-কৰ্মীৰ সৈতে কাউণ্টিং হলত প্ৰৱেশ কৰে । যাৰ ফলত ৰঙিয়াৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
এই ঘটনাই স্থানীয় লোকৰ মাজতো ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে । বহুতে ভৱেশ কলিতাৰ এই কাৰ্যক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ প্ৰতি অসন্মান প্ৰকাশ বুলি অভিহিত কৰিছে । সামাজিক মাধ্যমতো এই বিষয়ে তীব্ৰ আলোচনা চলি আছে, য’ত কিছুমানে কলিতাৰ বিৰুদ্ধে দলীয় শৃংখলা ভংগৰ অভিযোগ উত্থাপন কৰিছে ।
এই পৰিপ্ৰেক্ষিতত বিজেপিৰ জ্যেষ্ঠ নেতা ভৱেশ কলিতাৰ এই পদক্ষেপে দলৰ অভ্যন্তৰীণ ঐক্য আৰু শৃংখলাৰ ওপৰতো প্ৰশ্নৰ সৃষ্টি কৰিছে । ঘটনাৰ পিছতে স্থানীয় ৰাইজে এই বিষয়ে দলৰ শীৰ্ষ নেতৃত্বৰ পৰা প্ৰতিক্ৰিয়াৰ অপেক্ষা কৰিছে । এতিয়ালৈকে ভৱেশ কলিতাৰ তৰফৰ পৰা এই বিষয়ে কোনো আনুষ্ঠানিক বক্তব্য প্ৰকাশ পোৱা নাই ।
এই সন্দৰ্ভত এগৰাকী বিৰোধী নেতাই কয়, "মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে কাউণ্টিং হলত কোনো মন্ত্ৰী-বিধায়ক বা সাংসদৰ প্ৰৱেশ কৰাত মানা কৰিছিল । কিন্তু, কিন্তু আমি দেখিছো ৰঙিয়াত আজি আমাৰ বিধায়ক ভৱেশ কলিতাই প্ৰৱেশ কৰিছে । এয়া অতি লজ্জাজনক কথা ।"

