ETV Bharat / politics

যুদ্ধংদেহী প্ৰস্তুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা বিজেপি মিত্ৰজোঁটৰ

অসমৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব- ২ মে’ আৰু ৭ মে’ত ।

ASSAM PANCHAYAT ELECTIONS 2025
সমাগত পঞ্চায়ত নিৰ্বাচন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 10, 2025 at 10:34 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ২৭ খন সভাত ভাষণ দিয়াৰ বিপৰীতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অহা মাহৰ আৰম্ভণিতে হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কমেও ৫০ খন সভাত ভাষণ দিব ।

অসমৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব- ২ মে’ আৰু ৭ মে’ত । নিৰ্বাচনৰ বাবে মাত্ৰ দুসপ্তাহ বাকী থকা অৱস্থাত অসম গণ পৰিষদ (অগপ) আৰু ইউ পি পি এলকে ধৰি ৰাজ্যখনৰ এন ডি এৰ মিত্ৰজোঁটে পূৰ্ণাংগ নিৰ্বাচনী যুঁজৰ বাবে সাজু হৈছে । শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰসকলেও পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি যুদ্ধংদেহী প্ৰস্তুতি আৰম্ভ কৰিছে ৷

বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াই এন ডি এ সমৰ্থিত প্ৰাৰ্থীৰ সমৰ্থনত যৎপৰোনাস্তি সহায় কৰিবলৈ প্ৰতিজন দলীয় কৰ্মীকে আহ্বান জনাইছে ।

বৃহস্পতিবাৰে বিজেপিৰ এগৰাকী মুখপাত্ৰই কয় যে মিত্ৰজোঁটৰ অংশীদাৰৰ সৈতে আলোচনা কৰিবলৈ মণ্ডল আৰু জিলা পৰ্যায়লৈ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিনিধি প্ৰেৰণ কৰা হৈছে আৰু নিজ নিজ সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনৰ বাবে একমতত উপনীত হৈছে ।

বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে ৩৯৭ টা জিলা পৰিষদ সমষ্টিৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৩১৮ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইয়াৰে অসম গণ পৰিষদক ৭৪ খন আসন এৰি দিয়াৰ বিপৰীতে আন মিত্ৰজোঁটৰ অংশীদাৰসকলকো পাৰস্পৰিক বুজাবুজি আৰু অনুৰোধৰ ভিত্তিত আসনৰ প্ৰস্তাৱ দিয়া হৈছে বুলিও তেওঁ কয় ।

সভাপতি দিলীপ শইকীয়াই এই কথাত গুৰুত্ব আৰোপ কৰে যে যেতিয়া মিত্ৰতাক আন্তৰিকতা আৰু সন্মানেৰে লালন-পালন কৰা হয়, তেতিয়া ই অধিক শক্তিশালী হৈ পৰে, গণতান্ত্ৰিক পদ্ধতিত যিটো অতি প্ৰয়োজনীয় ।

শইকীয়াই মন্তব্য কৰিছিল যে কেৱল মিত্ৰতা গঠন কৰাটোৱেই যথেষ্ট নহয়, ইয়াক সততা আৰু মৰ্যাদাৰে ৰক্ষা কৰিব লাগিব । ইয়াৰ বিপৰীতে তেওঁ উল্লেখ কৰে যে বিৰোধীয়ে মিত্ৰতাৰ ৰাজনীতিৰ আৱৰণত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু তেওঁলোকেও শক্তিশালীভাৱে নিৰ্বাচন যুঁজিব বুলি আশা প্ৰকাশ কৰে ।

ইয়াত উল্লেখ কৰিব পাৰি যে বুধবাৰে নিশা জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীৰ ঘোষণাৰ পিছতে বৃহস্পতিবাৰে যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰা দেখা গ’ল ।

দলৰ মুখপাত্ৰগৰাকীয়ে কয় যে, "বিজেপিয়ে আজি বাকী থকা ৫ টা জিলা পৰিষদ সমষ্টিৰ বাবেও প্ৰাৰ্থী ঘোষণা কৰিছে, ইয়াৰে ৪ টাত মহিলা আৰু এটাত পুৰুষ প্ৰাৰ্থীক মনোনীত কৰা হৈছে । বৰ্তমানলৈকে মুঠ ১৭৬ খন আসন মহিলাক দিয়া হৈছে, যিয়ে মহিলা প্ৰতিনিধিত্বৰ প্ৰতি দলৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে ।"

লগতে পঢ়ক: পোন প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত হ'ব ডিজিটেলাইজ শপতনামা আৰু ভোটাৰ তালিকা - ASSAM PANCHAYAT ELECTIONS 2025