ETV Bharat / politics

ঐক্যমঞ্চৰ পৰা আঁতৰি তৃণমূল কংগ্ৰেছেও ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

Oppositions Unity Assam: শেষ পৰ্যায়ত উপনীত হ’ল বিৰোধী ঐক্যমঞ্চ ৷ ভাগি থান-বান হৈ গ’ল একতাৰে এনাজৰীৰে বান্ধ খাই বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে মহানগৰীৰ অভিজাত হোটেলত দেখা সপোন ৷ অৱশেষত তৃণমূল কংগ্ৰেছেও ঘোষণা কৰিলে নিজাকৈ প্ৰাৰ্থী তালিকা ৷

TMC Candidate Assam
তৃণমূল কংগ্ৰেছেও ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম
author img

By ETV Bharat Assamese Team

Published : March 14, 2024 at 9:59 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ১৪ মাৰ্চ: ঠিক সেই বান্দৰে পিঠা ভাগ কৰা সাধুটোৰ দৰেই ৷ বিজেপিক এইবাৰ প্ৰতিহত কৰিবই বুলি সপোন দেখিছিল কংগ্ৰেছ দলে ৷ সেই সপোনক সাকাৰ ৰূপ দিয়াৰ স্বাৰ্থত মহানগৰৰীৰ এখন তাৰকাযুক্ত হোটেলত দুদিনৰ মূৰে-মূৰে চাহ-ভাত খাই অনুষ্ঠিত কৰিছিল সভা ৷ সপোনৰ অংশীদাৰ কৰিবলৈ আথে-বেথে আমন্ত্ৰণ জনাইছিল আন 15 টাকৈ দলক ৷ সেই একতাৰ নাম থ’লে ‘ঐক্যমঞ্চ’ ৷ পিচলৈ অৱশ্যে 16 টাও হৈছিল দল ৷

TMC Candidate Assam
তৃণমূল কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

কিন্তু লোকসভা নিৰ্বাচনৰ টিকট বিতৰণৰ পূৰ্বেই এটা-এটাকৈ মঞ্চৰ খুঁটা খহিবলৈ আৰম্ভ হ’ল ৷ প্ৰথমেই আম আদমি পাৰ্টীয়ে নিজাকৈ ঘোষণা কৰিলে অসমৰ তিনিটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ৷ তাৰ পিচতো অব্যাহত থাকিল মঞ্চ ত্যাগৰ ধাৰা ৷ ঐক্যমঞ্চত থাকি শান্তি নাপাই এটা এটাকৈ আঁতৰি গ’ল ৰাজনৈতিক দল ৷ শেহতীয়াকৈ যেতিয়া কংগ্ৰেছে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে, তেতিয়া দেখা গ’ল যে লুৰীণজ্যোতি গগৈৰ বাদে আন কোনেও ঐক্যমঞ্চৰ হৈ টিকট নাপাব ৷ বাকী পিঠাৰ ভাগ কেৱল কংগ্ৰেছৰ পেটলৈকেহে গ’ল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মন কাৰ নাযায় ! কংগ্ৰেছে টিকট বিলোৱাৰ পিচতে বৰপেটাত নিজাকৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সিদ্ধান্ত ল’লে CPIMএ ৷ মনোৰঞ্জন তালুকদাৰক দিয়া হ’ল প্ৰাৰ্থিত্ব ৷ বৃহস্পতিবাৰে বিৰোধী ঐক্য ত্যাগ কৰা অসম তৃণমূল কংগ্ৰেছও লোকসভা নিৰ্বাচনৰ বাবে ঘোষণা কৰিলে প্ৰাৰ্থী ।

কোকৰাঝাৰ, বৰপেটা, লখিমপুৰ আৰু শিলচৰত অসম তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰা হ'ল । মমতা বেনাৰ্জীৰ ছীল-মোহৰৰ পিচত এই চাৰিটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰে দলটোৱে । সেই অনুসৰি কোকৰাঝাৰত গৌৰী শংকৰ শৰণীয়া, বৰপেটাত আবুল কালাম আজাদ, লখিমপুৰত ঘনকান্ত চুতীয়া আৰু শিলচৰত ৰাধেশ্যাম বিশ্বাসক প্ৰাৰ্থিত্ব দিছে তৃণমূল কংগ্ৰেছে ।

উল্লেখযোগ্য যে কিছুদিন‌ পূৰ্বে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পূৰ্বে মিত্ৰতা ভংগ কৰি সমাগত লোকসভা নিৰ্বাচনত অসমত চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি গুৱাহাটীত স্পষ্ট কৰিছিল তৃণমূল কংগ্ৰেছ, অসমৰ নেত্ৰী সাংসদ সুস্মিতা দেৱে ৷ গুৱাহাটীৰ বিষ্ণু-নিৰ্মলা ভৱনত যোৱা বুধবাৰে তৃণমূল কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰি সাংবাদিকৰ সন্মুখত সুস্মিতা দেৱে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগ কৰি অসমত চাৰিখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি স্পষ্ট কৰিছিল ।

তৃণমূল ৰাষ্ট্ৰীয় মুখপাত্ৰৰ দায়িত্বত থকা সুষ্মিতা দেৱে কৈছিল, “ কংগ্ৰেছৰ সৈতে মিত্ৰতা আমি ভংগ কৰা নাই, ভূপেন বৰাই ভাঙিছে । আমি চাৰিটাত বিচাৰিছিলো । এতিয়া আমি অকলেই খেলিম আৰু অকলেই জিকিম । আমি কাৰো ভোট নাকাটো, ভোট কাটিলে আমি ১১ টাত খেলিলোঁহেতেন । চাৰিটাতহে আমি জিকিম ।”

লগতে পঢ়ক: ধুবুৰীক বাদ দি ১৩ খন আসন লাভ কৰিব বিজেপি মিত্রজোঁটে : মুখ্যমন্ত্রীৰ ঘোষণা