ETV Bharat / politics

প্ৰথমে জলপান তাৰ পিছত ভোটদান: পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা - PANCHAYAT ELECTION 2025

দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । দুটাতকৈ অধিক সন্তান থকাসকলে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা বাদ দিয়ক ৷

Assam State Election Commission announces date for panchayat election
জাৰি কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 2, 2025 at 8:54 PM IST

4 Min Read

গুৱাহাটী: ব'হাগ বিহুৰ মাজতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথাই বিশেষ চৰ্চা লাভ কৰি থকাৰ মাজতে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে বুধবাৰে ঘোষণা কৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা । বিহুৰ পিছতেই অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । বুধবাৰৰ বিয়লিৰ পৰা ৰাজ্যত জাৰি কৰা হৈছে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা । অসমত দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন ।

উজনি অসম, বৰাক উপত্যকা আৰু নামনি অসমত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । উজনি অসম বৰাক উপত্যকাত ২ মে'ত আৰু নামনি অসমত ৭ মে' ত পঞ্চায়ত নিবাচনৰ ভোটদান অনুষ্ঠিত হ'ব । অহা ১১ মে'ত ভোট গণনা অনুষ্ঠিত হ'ব ।

জাৰি কৰা হ'ল পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা (ETV Bharat Assam)

বুধবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন ‌কৰি অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰি কয়,"পঞ্চায়ত নিৰ্বাচনৰ বাবে অসম ৰাজ্যিক নিৰ্বাচনী বিভাগে সকলো প্ৰস্তুতি গ্ৰহণ কৰিছে । ২ মে'ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ , হাইলাকান্দি, শ্ৰীভূমিত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ।"

তেওঁ লগতে কয়, "আকৌ ৭ মে'ত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও, দৰং জিলাত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ।"

১,৮০,৩৬,৬৮২ গৰাকী ভোটাৰে ভোটদান কৰিব :

ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে জনাই যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ১,৮০,৩৬,৬৮২ গৰাকী ভোটাৰে ভোটদান কৰিব । ইয়াৰে ৯০,৭১,২৬৪ গৰাকী পুৰুষ, ৮৯,৬৫,০১০ গৰাকী মহিলা আৰু ৪০৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।‌ উল্লেখ যে ২০১৮ চনত পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটাৰ আছিল ১,৫৬,৪১,৪৫৬ গৰাকী । এইবাৰ পূৰ্বৰ তুলনাত ১৩.২৭ শতাংশ ভোটাৰ বৃদ্ধি পাইছে ।

কিহৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে ভোটাৰ তালিকা:

আলোক কুমাৰে কয়, "যোৱা এক জানুৱাৰীলৈ আবেদন কৰাৰ ভিত্তিত এই ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে । প্ৰাৰ্থীয়ে মনোয়ন দাখিল কৰাৰ শেষ তাৰিখলৈকে ভোটাৰ তালিকা উন্নীত কৰা হ'ব । এইবাৰ ভোটাৰ তালিকা অনলাইনত ৰাজহুৱাকৈ চাব পৰা ব্যৱস্থা কৰা হৈছে । ১৭ এপিলত প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হ'ব । দুয়োটা পৰ্যায়তে মনোনয়ন দাখিলৰ দিন কাইলৈৰ পৰা আৰম্ভ হ'ব । মনোনয়ন দাখিলৰ অন্তিম দিন ১১ এপ্ৰিল কৰা হৈছে । ১২ এপ্ৰিলত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব । ১৭ এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব ।"

তেওঁ লগতে কয়, "তাৰপিছত ১৭ এপ্ৰিলতে প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব । এইবাৰ গাঁও পঞ্চায়তৰ সদস্যৰ ২১,৯২০ টা পদত, গাঁও পঞ্চায়তৰ সভাপতিৰ ২,১৯২ টা পদত, গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ ২,১৯২ টা পদত, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ২,১৯২ পদত, আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতিৰ ক্ৰমে ১৮১ পদত আৰু জিলা পৰিষদৰ সদস্যৰ ৩৯৭ পদত নিৰ্বাচন অনুষ্ঠিত হ'ব । ইপিনে ২৫,০০৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান অনুষ্ঠিত হ'ব । এইবাৰ পূৰ্বৰ তুলনাত ৬ শতাংশ ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি পাইছে ।"

বেলটযোগে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন:

সংবাদমেলত আলোক কুমাৰে কয়, "এইবাৰ পঞ্চায়ত নিবাচনৰ ভোটগ্ৰহণ বেলটযোগে অনুষ্ঠিত হ'ব ।‌ কাৰণ পঞ্চায়ত নিবাচনৰ বাবে পৰ্যাপ্ত ই ভি এম পোৱা নাযাব । গাঁও পঞ্চায়তৰ সদস্যৰ পদত, গাঁও পঞ্চায়তৰ সভাপতিৰ পদত, গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ পদত ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক লৈ নিৰ্বাচন খেলিব নোৱাৰিব ।‌ গাঁও পঞ্চায়ত পৰ্যায়ত নিবাচন মুকলি‌ হ'ব । কিন্তু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ, আঞ্চলিক পঞ্চায়তৰ সভাপতি আৰু উপ-সভাপতিৰ আৰু জিলা পৰিষদৰ সদস্যৰ দলৰ নাম আৰু প্ৰতীক লৈ নিৰ্বাচন খেলিব পাৰিব । দুটাতকৈ অধিক সন্তান থকাসকলে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব ৷"

ইয়াৰোপৰি অসম ৰাজ্যিক নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয়, "এইবাৰ আই টি প্ৰযুক্তিৰ সহায় লৈছো । ডিজিটেল অনলাইন ইলেক্ট্ৰৰেল ৰোল কৰিছো । ‌ভোটাৰ তালিকা অনলাইন কৰা হৈছে ।‌ ১০ লাখে এতিয়ালৈকে চাইছে । এইবাৰ Election management commission গঠন কৰিছো । গাঁও পঞ্চায়তৰ বাহিৰে সকলো প্ৰাৰ্থীৰ সবিশেষ অনলাইনত চাব পাৰিব । জিলা পৰ্যায়ত অভিযোগ দিয়াৰ বাবে টোল ফ্ৰী নম্বৰ দিয়া হ'ব । অসমত ৮৮ গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হৈছে ।‌"

লগতে পঢ়ক: ব'হাগৰ বতৰত মাধুৰী আঁহতৰ তলত মুখ্যমন্ত্ৰী: সমজিলা কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন - ASSAM CM VISIT JAMUGURIHAT

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ - RABHA HASONG ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.