ETV Bharat / politics

বিজেপিৰ বাবে প্ৰতিটো নিৰ্বাচনেই ফাইনেল: দিলীপ শইকীয়া - PANCHAYAT ELECTIONS 2025

কংগ্ৰেছে মুছলমানসকলক ভুলকৈ বুজাই উচটনি দি আন্দোলন কৰাই আছে ৷ ৱাকফ সংশোধনী আইন সন্দৰ্ভত শিলচৰত দিলীপ শইকীয়াৰ মন্তব্য ।

BJP President Dilip Saikia
শিলচৰত সংবাদমেল সম্বোধন বিজেপি সভাপতি দিলীপ শইকীয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 3:50 PM IST

2 Min Read

শিলচৰ: "বিজেপিৰ বাবে ছেমি ফাইনেল, কোৱাৰ্টাৰ ফাইনেল বুলি একো নাই ৷ সাধাৰণ নিৰ্বাচনক লৈ যি গুৰুত্ব, দলৰ ওচৰত পঞ্চায়ত নিৰ্বাচনক লৈয়ো একেই গুৰুত্ব ৷ সেয়েহে সকলো নিৰ্বাচন বিজেপিৰ বাবে গুৰুত্বপূৰ্ণ ৷" শিলচৰত এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ ৷

সোমবাৰে শিলচৰত এক সংবাদমেলত ভাগ লৈ এইদৰে মন্তব্য কৰাৰ উপৰিও নলবাৰীৰ বাঁহজানি মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীৰ প্ৰসঙ্গত ৰাজ্যিক সভাপতিগৰাকীয়ে কয়-"দলৰ আভ্যন্তৰীণ বিষয় দলৰ মজিয়াতে আলোচনা হ'ব ৷ দলত বহু কিবাকিবি হয়, আগন্তুক দিনতো হ'ব ৷ যি হ'ব সংবাদ মাধ্যমে এনেয়ো গম পাব ৷ ইয়াত সংবাদ মাধ্যমৰ একো কাম নাই ।"

শিলচৰত সংবাদমেল সম্বোধন বিজেপি সভাপতি দিলীপ শইকীয়াৰ (ETV Bharat Assam)

ইফালে বিজেপিত দাদা বিগ্ৰেডৰ বাহিৰে কাৰো কথা নচলে বুলি সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যক উভতি ধৰি বিজেপি সভাপতিৰ কটাক্ষ, "কংগ্ৰেছত কাৰ কথা চলে আগতে গৌৰৱ গগৈয়ে সন্মুখলৈ আনিব লাগে ৷"

ৱাকফ সংশোধনী আইনক লৈ দিলীপ শইকীয়াৰ মন্তব্য, "দেশৰ সামান্য সংখ্যক মুছলমান লোকে ৱাকফৰ সুবিধা পাইছিল ৷ সংশোধনীৰ ফলত সকলো মুছলমানৰ বাবে ভাল হ'ল ৷ কংগ্ৰেছে মুছলমানসকলক ভুলকৈ বুজাই উচটনি দি আন্দোলন কৰাই আছে ৷" দিলীপ শইকীয়াৰ মতে, ভাৰতৰ মুছলমানসকল পকিস্তানৰ মুছলমানতকৈ নিৰাপদ আৰু সুৰক্ষিত ৷

আনহাতে, পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে বৰাক উপত্য়কাসহ সমগ্ৰ ৰাজ্যতে ভাল ফলাফল কৰিব বুলি আশাবাদী ৰাজ্যিক সভাপতিগৰাকী ৷ তেওঁ কয়, "ইতিমধ্যে বিভিন্ন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰূপে জয়ী হৈছে দলীয় প্ৰাৰ্থী ৷ ৰাজ্যৰ গাঁৱৰ ভোটাৰসকল উন্নয়নৰ লগত আছে ৷ উন্নয়নৰ লগত থকা মানে বিজেপিৰ লগত থকা ৷"

উল্লেখ্য যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ দেওবাৰে বৰাক উপত্যকাত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া । দেওবাৰে বৰাকৰ তিনিখন জিলাত প্ৰচাৰ চলাই সোমবাৰে শিলচৰত দলীয় কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি পুনৰ গুৱাহাটীলৈ ৰাওনা হয় ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ৷

লগতে পঢ়ক :বৰাকত বিজেপিৰ ৰাজ্যিক সভাপতিৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ - PANCHAYAT ELECTIONS 2025
লগতে পঢ়ক :তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ : বিনাযুদ্ধে জয়ী ৩৪৮ গৰাকী প্রার্থী - PANCHAYAT ELECTIONS 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.