ETV Bharat / politics

মহিলাক অসন্মান নকৰিবলৈ মুখ্যমন্ত্রীক কঠোৰ সকীয়নি মহিলা কংগ্ৰেছৰ

মুখ্যমন্ত্রীয়ে কংগ্ৰেছৰ দিনত 'নকৰিবলগীয়া কাম কৰি' ছোৱালীবোৰে চাকৰি পাইছিল বুলি কৰা মন্তব্য়ৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

Mahila Congress slams Himanta Biswa Sarma
অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 29, 2025 at 12:48 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ দিনত 'নকৰিবলগীয়া কাম কৰি' ছোৱালীবোৰে চাকৰি পাইছিল বুলি কৰা মন্তব্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । সোমবাৰে মুখ্যমন্ত্রীয়ে তেজপুৰত এখন নিৰ্বাচনী সভাত বিপ্লৱ শৰ্মা আয়োগৰ উৰ্দ্ধৃতি দি কৈছিল যে কংগ্ৰেছৰ দিনত চাকৰি ল'বৰ বাবে টকা দিয়াৰ উপৰি ছোৱালীবোৰে কৰিব নলগীয়া কামো কৰিবলগীয়া হৈছিল । অৰ্থাৎ কংগ্ৰেছৰ দিনত 'বেয়া ৰাস্তা'ৰে চাকৰি ল'বলগীয়া হৈছিল ।

মুখ্যমন্ত্রীৰ এই মন্তব্যক লৈ জাঙুৰ খাই উঠিছে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী । মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছ নেত্রীগৰাকীয়ে কয়, "মুখ্যমন্ত্রীয়ে কালি এখন নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছৰ দিনত মহিলাসকলে বেয়া ৰাস্তাৰে চাকৰি লৈছিল । মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী হিচাপে মুখ্যমন্ত্রীক তীব্ৰ ভাষাৰে ভর্ৎসনা আৰু গৰিহণা দিছো । যিসকল মহিলাই কংগ্ৰেছৰ দিনত চাকৰি পাই বৰ্তমান চাকৰি কৰি আছে তেওঁলোক প্ৰত্যেকগৰাকীক মুখ্যমন্ত্রীয়ে অপমান কৰা নাই নে সামাজিকভাৱে,পৰিয়ালৰ সন্মুখত, গোটেই অসমৰ সন্মুখত । কংগ্ৰেছৰ দিনত চাকৰি পোৱা মহিলাসকলক কি ভাষাৰে মুখ্যমন্ত্রীয়ে কথাটো ক'লে, সেইটো মোৰ গাত লাগিছে ।"

অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী (ETV Bharat Assam)

তেওঁ লগতে কয়, "এজন মুখ্যমন্ত্রীয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে অসমৰ মহিলা সমাজক যিটো কথা কৈ কটাক্ষ কৰিলে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা ক'লে, তাৰ বাবে মই মুখ্যমন্ত্রীক ক্ষমা খোজাৰ বাবে আহ্বান জনাইছো । মুখ্যমন্ত্রীয়ে এনেধৰণৰ নাৰী সমাজকলৈ বিকৃত মানসিকতাৰ ৰুচীবোধৰ যাতে প্ৰমাণ নিদিয়ে তাৰ বাবে সাৱধান আৰু সকীয়নি দিছো । কংগ্ৰেছৰ দিনত মহিলাসকলে বেয়া ৰাস্তাৰে চাকৰি লোৱা বুলি কৈছে । সেইখিনি সময়ত তেওঁ কংগ্ৰেছত আছিল নে নাই । তাৰ মানে মুখ্যমন্ত্রীয়ে তেওঁৰ দিনত বেয়া কামবোৰ কৰিছিল নেকি ? যিদৰে ৰাকেশ পালক তেওঁ লৈ গৈছিল বুলি আমাৰ হাতত খবৰ আছে । সেইখিনি সময়ত মহিলাসকলক তেওঁ বেয়া পথেৰে লৈ গৈছিল নেকি ? কাৰণ সেইখিনি সময়ত তেওঁ উঠিৰজা-বহিৰজা আছিল । মুখ্যমন্ত্রীক এনেদৰে দায়িত্বজ্ঞানহীন কথা নক'বৰ বাবে মই প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী হিচাপে সকীয়াই দিছো ।"

কি কৈছিল মুখ্যমন্ত্রীয়ে ?

সোমবাৰে মুখ্যমন্ত্রীয়ে শোণিতপুৰ জিলাত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত বক্তব্য আগবঢ়াইছিল । মুখ্যমন্ত্রীয়ে কৈছিল যে কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰিৰ নামত ছোৱালীয়ে নকৰিবলগীয়া কামো কৰিছিল । ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এই কথা উল্লেখ আছে বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰিছিল । আনহাতে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কৈছিল, "বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষী দিছে যে অকল টকা-পইচা নহয়, চৰকাৰী চাকৰিৰ নামত ছোৱালীৰ সতীত্বও হৰণ হৈছিল ।"

লগতে পঢ়ক:কংগ্ৰেছৰ শাসনত চাকৰিৰ নামত ছোৱালীৰ সতীত্ব হৰণ হৈছিল ! মুখ্য়মন্ত্ৰীয়েই ক'লে - HIMANTA BISWA SARMA

ট্ৰেইলৰহে দেখিছে, পিকচাৰ এতিয়াও বাকী: কি পিকচাৰ দেখুৱাব মুখ্যমন্ত্ৰীয়ে - PANCHAYAT ELECTIONS 2025