ETV Bharat / politics

মহিলাক অপমান: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহিলা আয়োগত গোচৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ

যিজন সাক্ষীৰ বক্তব্যক উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰা বুলি কৈছে, সেই সাক্ষীজনৰ বিশ্বাসযোগ্যতাক লৈ বিভিন্নজনে প্রশ্ন কৰিছে । ক'লে মহিলা কংগ্ৰেছৰ সভানেত্ৰীয়ে ৷

Assam Pradesh Mahila Congress
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 5, 2025 at 2:50 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসম প্ৰদেশ মহিলা কংগ্ৰেছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম ৰাজ্যিক মহিলা আয়োগত গোচৰ তৰিছে । কংগ্ৰেছ চৰকাৰৰ আমোলত মহিলা চাকৰিয়ালসকলে চাকৰি পাবৰ বাবে ভুল পথে যাবলগীয়া হৈছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত কৰা মন্তব্যৰ বিৰোধিতা কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই গোচৰ তৰিছে মহিলা কংগ্ৰেছে ।

যোৱা ২৮ এপ্ৰিলত শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ অংশস্বৰূপে বৰচলা সমষ্টিত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল- "বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত এজন সাক্ষীয়ে সাক্ষ্য দিছে যে অকল টকা-পইচাই নহয়, চৰকাৰী চাকৰিৰ নামত ছোৱালীৰ সতীত্বও হৰণ হৈছিল ।" এই মন্তব্য়ৰ বিৰুদ্ধে সৰৱ হৈ কেন্দ্ৰীয় মহিলা আয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছে পত্ৰও প্ৰেৰণ কৰে ।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মহিলা আয়োগত গোচৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ (ETV Bharat Assam)

সোমবাৰে মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে মহিলা আয়োগত গোচৰ তৰিছে । অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রীগৰাকীয়ে ইয়াৰ পিছতেই সাংবাদিকৰ আগত কয়, "মুখ্যমন্ত্ৰীৰ বক্তব্য কোনো পৰিস্থিতিতে গ্রহণযোগ্য হ'ব নোৱাৰে । মুখ্যমন্ত্ৰীয়ে কেৱল চাকৰিয়াল মহিলাসকলকে নহয়, প্ৰতিগৰাকী মহিলাকে অপমান কৰিছে ।" বিষয়টো সম্পর্কত প্রদেশ মহিলা কংগ্ৰেছে ইতিমধ্যে ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমকে ধৰি পূৰ্বোত্তৰৰ প্ৰতিখন ৰাজ্যতে সংশ্লিষ্ট মহিলা কংগ্ৰেছ কমিটীয়ে ৰাজ্যিক মহিলা আয়োগক গোচৰ দিছে ।

Assam Pradesh Mahila Congress
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ (ETV Bharat Assam)

ৰাষ্ট্ৰীয় আয়োগৰ লগতে ৰাজ্যিক আয়োগে বিষয়টো গুৰুত্ব সহকাৰে ল'ব বুলি আশা প্রকাশ কৰি তেওঁ কয়, "ড৹ শর্মাই যি মন্তব্য কৰিছে সেই সম্পৰ্কত মহিলা কংগ্ৰেছে চি বি আই তদন্ত বিচাৰিছে । কাইলৈৰ পৰা অসমৰ লগতে পূৰ্বোত্তৰৰ কেউখন ৰাজ্যতে ড৹ শৰ্মাৰ বিৰুদ্ধে বিভিন্ন প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ।" পূৰ্বোত্তৰৰ মহিলা কংগ্ৰেছীসকলৰ এটা ফ'ৰাম গঠনৰ ঘোষণা কৰি বৰঠাকুৰে কয়, "মহিলাসকলৰ বিষয়ক লৈ এই ফ'ৰামে মাত মাতিব ।"

Assam Pradesh Mahila Congress
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ (ETV Bharat Assam)

মহিলাসকলৰ ওচৰত ড৹ শৰ্মাই ক্ষমা বিচাৰিব লাগে বুলি মন্তব্য কৰি তেওঁ কয়, "এ পি এছ চিৰ তদন্ত প্রতিবেদনৰ যিজন সাক্ষীৰ বক্তব্যক উদ্ধৃতি দি মুখ্যমন্ত্ৰীয়ে এনে মন্তব্য কৰা বুলি কৈছে, সেই সাক্ষীজনৰ বিশ্বাসযোগ্যতাক লৈ বিভিন্নজনে প্রশ্ন কৰিছে । সাক্ষীজনৰ বক্তব্যৰ আধাৰতে মুখ্যমন্ত্ৰীয়ে সকলো মহিলাক সাঙুৰি মন্তব্য কৰিছে । প্রতিবেদনত আন বহু কথা আছে; কিন্তু তেওঁ বাচি বিচাৰি এই কথাটো প্ৰচাৰ কৰি আছে ।" মুখ্য়মন্ত্ৰীয়ে ক্ষমা নিবিচৰালৈ মহিলা কংগ্ৰেছে আন্দোলন অব্যাহত ৰাখিব বুলি তেওঁ কয় ।

লগতে পঢ়ক:মুখ্যমন্ত্রীৰ বিৰুদ্ধে সৰৱ উত্তৰ-পূৰ্বাঞ্চলৰ মহিলা কংগ্ৰেছ, দাখিল কৰিব এজাহাৰ - NORTHEAST MAHILA CONGRESS

কংগ্ৰেছৰ শাসনত চাকৰিৰ নামত ছোৱালীৰ সতীত্ব হৰণ হৈছিল ! মুখ্য়মন্ত্ৰীয়েই ক'লে - HIMANTA BISWA SARMA