ETV Bharat / politics

ভূপেন বৰা-মীৰা বৰঠাকুৰৰ ভাইৰেল কল ৰেকৰ্ডিং; হাতীগাঁও থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ - APCC VIRAL CALL RECORDING

দেওবাৰৰ পৰা কংগ্ৰেছ সভাপতি ভূপেন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নাম লোৱা এক কল ৰেকৰ্ডিং সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

APCC FIR against viral call recording
এজাহাৰ দাখিলৰ সময়ত কংগ্ৰেছ নেতৃবৰ্গ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 7, 2025 at 3:10 PM IST

3 Min Read

গুৱাহাটী: ৰাজ্যৰ ৰাজনীতিত বৰ্তমান ভূপেন বৰা আৰু মীৰা বৰঠাকুৰৰ এক ভাইৰেল কল ৰেকৰ্ডিঙে তোলপাৰ লগাই আছে । আনহাতে, এই কল ৰেকৰ্ডিঙৰ সত্যাসত্য প্ৰমাণ তথা ইয়াক ভাইৰেল কৰাৰ আঁৰত জড়িত অভিযুক্তক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত আৰক্ষীৰ কাষ চাপিছে অসম প্ৰদেশ কংগ্ৰেছে ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ধনৰ লেনদেন কৰাৰ যি কল ৰেকৰ্ডিং ভাইৰেল হৈছে, সেই সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল কংগ্ৰেছৰ । প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা আৰু প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এই সন্দৰ্ভত সোমবাৰে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে ।

ভাইৰেল কল ৰেকৰ্ডিং সন্দৰ্ভত হাতীগাঁও থানাত এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat Assam)

উল্লেখ্য যে, ইতিমধ্যে ভাইৰেল হৈ পৰা কল ৰেকৰ্ডিংটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে ধনৰ লেনদেন কৰা বুলি ওলাইছে । ইয়াৰ পিছতে এই কাম কোনে কৰিছে, তাৰ সঠিক তদন্ত কৰি উলিয়াবলৈ আৰক্ষীৰ ওচৰত দাবী জনাই সোমবাৰে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰে প্ৰদেশ কংগ্ৰেছে । এজাহাৰ দাখিলৰ সময়ত উপস্থিত থাকে প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, সাধাৰণ সম্পাদক ৰামান্না বৰুৱা আৰু মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ লগতে কেইবাজনো কংগ্ৰেছ কৰ্মী ।

আনহাতে, এজাহাৰ দাখিল কৰি উঠি প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই সংবাদ মাধ্যমৰ আগত কয়, "আমাৰ নেতাগৰাকীক ৰাজনৈতিক ষড়যন্ত্ৰৰে জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ যিয়ে চেষ্টা কৰিছে, আৰক্ষীয়ে সঠিক অনুসন্ধান কৰি বিচাৰি উলিয়াব লাগে । সকলোৱে জনা উচিত বালিলৈ যিপাত সুগ্ৰীৱলৈও সিপাত ।"

APCC FIR against viral call recording
এজাহাৰৰ কপি (ETV Bharat Assam)

প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, "মই যদি তেনেকুৱা কথাত লিপ্ত থাকিলোঁহেঁতেন, মই গোচৰ দিবলৈ নাহিলোঁ হয় । কোনে এনে বিভ্ৰান্তিকৰ অপপ্ৰচাৰ কৰিছে সেয়া আৰক্ষীয়ে বিচাৰি উলিয়াব বুলি বিশ্বাস আছে । সমগ্ৰ বিষয় উল্লেখ কৰি মুখ্যমন্ত্ৰীলৈ মই মেইলো কৰিছোঁ" ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু হৰ্ষ কলিতা-হৰেন মহন্তৰ ভাইৰেল কল ৰেকৰ্ডিং সামাজিক মাধ্যমত প্ৰচাৰ হৈছিল । ইয়াৰ পিছতে দেওবাৰৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ নাম লোৱা এক ভাইৰেল কল ৰেকৰ্ডিং সামাজিক মাধ্যমত প্ৰচাৰ হৈছে ।

APCC FIR against viral call recording
এজাহাৰ দাখিলৰ সময়ত কংগ্ৰেছ নেতৃবৰ্গ (ETV Bharat Assam)

কল ৰেকৰ্ডিংটোত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নাম লৈ এগৰাকী লোকে Balance Money-ৰ ৭০ শতাংশ ধন আজিয়েই এই মুহূৰ্ততে আদায় দিয়াৰ নিৰ্দেশ দিছিল । ইয়াৰ পিছতে সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা হাতীগাঁও থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে ।

লগতে পঢ়ক :বিৰোধীৰ চৰিত্ৰ ৰাইজে জানে : সৰ্বানন্দ সোণোৱাল - SARBANANDA SONOWAL
লগতে পঢ়ক :কি পৰ্যায়ৰ পৰা আজি বিজেপি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল ? - BJP FOUNDATION DAY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.