ETV Bharat / politics

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ কমিটি গঠন - Panchayat delimitation

Assam Pradesh Congress Committee : পুনৰ নিৰ্ধাৰণ কৰা হ’ব পঞ্চায়তৰ সীমা ৷ ইয়াৰ বাবে কংগ্ৰেছে গঠন কৰিছে এখন কমিটি ৷ কমিটিখনে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়াত চোকা দৃষ্টি ৰাখিব ৷

Assam Pradesh Congress committee
কংগ্ৰেছ দলৰ প্ৰতীক চিহ্ন (X/@INCAssam)
author img

By ETV Bharat Assamese Team

Published : July 4, 2024 at 10:01 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ৪ জুলাই : নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে কংগ্ৰেছ দল । পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ হ’ব । ইতিমধ্যে ইয়াৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

Assam Pradesh Congress committee
পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে প্ৰদেশ কংগ্ৰেছৰ কমিটি (ETV Bharat Assam)

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰাৰ বাবে কংগ্ৰেছ দলে গঠন কৰিছে ‘পঞ্চায়ত সীমা নিৰ্ধাৰণ কমিটি’ ৷ আজি এক নিৰ্দেশযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পাঁচজনীয়া এখন পঞ্চায়ত সীমা নিৰ্ধাৰণ কমিটি গঠন কৰি দিয়ে । জ্যেষ্ঠ অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীক অধ্যক্ষ হিচাপে লৈ গঠন কৰা কমিটিখনত সদস্য হিচাপে আছে মীনা তেলী, পদ্মাৱতী দাস আৰু এফ এইচ লস্কৰ আৰু আহ্বায়ক হিচাপে আছে উৎপল দলে ।

লগতে পঢ়ক: লক্ষ্য ২০২৬ চনৰ বিধানসভা নিৰ্বাচন; অসমত আপৰ সকলো সমিতি ভংগ

উক্ত কমিটিখনে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি সকলো দিশতে তীক্ষ্ণ দৃষ্টি ৰাখিব । কিবা থাকিলে কমিটিখনে চৰকাৰৰ উপযুক্ত কৰ্তৃত্বৰ সৈতে যোগাযোগ কৰি যিকোনো প্ৰশ্নৰ উত্তৰ বিচাৰিব । নিয়মৰ বাহিৰত কিবা হ’লে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰিব । কমিটিখনে নিয়ম আৰু পদ্ধতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব । পঞ্চায়ত সীমা নিৰ্ধাৰণ কমিটিখনে গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত নিয়মীয়াকৈ প্ৰদেশ কংগ্ৰেছক পৰামৰ্শ আগবঢ়াব ।

উল্লেখ্য যে নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে পঞ্চায়ত আৰু ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণৰ বাবে অলপতে ৰাজ্যিক কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ইতিমধ্যে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে । নিৰ্বাচনৰ পূৰ্বে সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব । গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰ সংখ্যা পূৰ্বৰ দৰে একেই থাকিব যদিও কোনোবা সমষ্টিত সাল-সলনি হ'ব পাৰে ।

লগতে পঢ়ক: প্ৰকাশ পাব পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণৰ অধিসূচনা

একোটা ব্লকত ১৭ টাকৈ গাঁও পঞ্চায়ত থাকে । প্ৰথমে পঞ্চায়তৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ'ব আৰু তাৰ পিচত ব্লকৰ সীমা নিৰ্ধাৰণ কৰা হ'ব । ৩০ আগষ্টৰ ভিতৰত পঞ্চায়তৰ আৰু ১৫ ছেপ্টেম্বৰৰ ভিতৰত ব্লকৰ সীমা পুনৰ নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰা হ'ব । সীমা নিৰ্ধাৰণ হোৱাৰ পিচতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক: সংকটত ৰাজ্যৰ হাজাৰ হাজাৰ পঞ্চায়ত কৰ্মচাৰী, কেবিনেটৰ সিদ্ধান্তও নহ'ল কাৰ্যকৰী