সৰ্বানন্দ সোণোৱালক খলনায়ক আখ্যা দি ডিব্ৰুগড়ত ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ - LOK SABHA ELECTION 2024
Dibrugarh Lok Sabha Constituency: লুৰীণজ্যোতি গগৈৰ হৈ ডিব্ৰুগড়ত প্ৰচাৰ অভিযান আৰম্ভ কৰিলে ভূপেন বৰাই ৷ এতিয়া অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সমস্যাটো হ’ল ভূপেন বৰা বুলি মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ ৷

Published : March 28, 2024 at 10:52 PM IST
ডিব্ৰুগড়, 28 মাৰ্চ: লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই আকৰ্ষণীয় হৈ উঠিছে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ । ডিব্ৰুগড় লোকসভা সমষ্টিত শাসক-বিৰোধী সকলোৱে তীব্ৰ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ।
- " class="align-text-top noRightClick twitterSection" data="">
ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ হৈ প্ৰথমবাৰৰ বাবে আজি প্ৰচাৰত নামিল প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা । টেঙাখাত পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰচাৰ সভাত ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক কাষত লৈ নিবাৰ্চনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে ভূপেন বৰাই ।
অনুষ্ঠানত সাংবাদিকৰ সৈতে মুখামুখি হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, ‘‘ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈক ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ৰাইজে অভূতপূৰ্ব সঁহাৰি দিছে । অসম চুক্তিৰ কাৰণে অসমীয়া ৰাইজৰ যি চেতনা আছিল সেই চেতনাক সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী থাকোতে ভৰিৰে মোহাৰি দিয়া হৈছিল । সৰ্বানন্দ সোণোৱাল এতিয়া খলনায়ক । খলনায়কৰ পক্ষত অসমৰ ৰাইজ থাকিবনে নাই সেয়া সিদ্ধান্ত ডিব্ৰুগড়ৰ ৰাইজে ল’ব ।’’
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ২০২৬ চনৰ নিৰ্বাচন পূৰ্বে বিজেপিত যোগদান কৰিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা প্ৰসংগত সাংবাদিকৰ আগত ভূপেন বৰাই কয়, ‘‘এতিয়া মুখ্যমন্ত্ৰীৰ একমাত্ৰ জ্বলন্ত সমস্যা হৈছে ভূপেন বৰা । কিন্তু আমাৰ কাৰণে জলন্ত সমস্যা হ'ল ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কিয় নহ’ল, ব্ৰহ্মপুত্ৰ খনন কিয় নহ’ল, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কিয় নহ’ল, বিজেপিয়ে ২৭ খন টোল গেট কিয় বনাইছে?’’
এই বিলাক জ্বলন্ত সমস্যা বুলি কৈ মুখ্যমন্ত্ৰীৰ উত্তৰ দিলে ভূপেন বৰাই । মুঠৰ ওপৰত ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰচাৰ তুংগত উঠাৰ লগতে ৰাজনৈতিক নেতাৰ বাকযুদ্ধই ৰাজনৈতিক পৰিৱেশ ক্ৰমাৎ গৰম কৰি তুলিছে ।
লগতে পঢ়ক: ভূপেন বৰাৰ ভাগ্য বিজেপি দলতহে আছে, মুখ্যমন্ত্ৰী হ’লেও বিজেপিৰ পৰাহে হ’ব: ড৹ শৰ্মা

