ETV Bharat / politics

তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ : বিনাযুদ্ধে জয়ী ৩৪৮ গৰাকী প্রার্থী

পঞ্চায়ত নিৰ্বাচনৰ বা বলিছে ৰাজ্যত । শাসক-বিৰোধী নামি পৰিছে প্ৰচাৰ অভিযানত ।বিনাযুদ্ধে জয়ী হৈছে কেবাগৰাকী গৰাকী প্রার্থী ।

Assam panchayat election
তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 9:29 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : ৰাজ্যত এতিয়া পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ । বিহুৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত তুংগত উঠিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি । সৰ্বত্র ব্যাপক ৰূপত চলিছে প্ৰচাৰ অভিযান ।

ইফালে এই অভিযানত মাজতে পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৪৮ গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

Assam panchayat election
পঞ্চায়ত নিৰ্বাচন (ETV Bharat)

ইতিমধ্যে মনোনয়ন প্রত্যাহাৰৰ দিন উকলি গৈছে আৰু প্ৰাৰ্থী চূড়ান্ত হৈছে । মনোনয়ন পত্র প্ৰত্যাহাৰৰ দিন উকলি যোৱাৰ পাছতে পঞ্চায়ত নিৰ্বাচনত প্রতিদ্বন্দ্বিতাত নমা বিজেপিৰ জিলা পৰিষদৰ ৩৫ গৰাকী আৰু মিত্রদল অগপৰ দুগৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ।

তেনেদৰে আঞ্চলিক পঞ্চায়তত বিজেপিৰ ২৫৯ গৰাকী, মিত্ৰদল অগপৰ ২৯ গৰাকী, এ আই ইউ ডি এফৰ এগৰাকী, নিৰ্দলীয় ১৩গৰাকী আৰু কংগ্ৰেছৰ ৯গৰাকী প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে । অর্থাৎ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ ৩৭গৰাকী আৰু আঞ্চলিক পঞ্চায়তৰ ৩১১গৰাকী প্ৰাৰ্থী বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ।

Assam panchayat election
তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ (ETV Bharat)

মনোনয়ন প্ৰত্যাহাৰৰ অন্তত ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত মুঠ ৬১৭২ গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত নামিছে । মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোলৈকে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ মুঠ ৩৮৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে ।

লক্ষণীয় বিষয় যে ভয়-ভাবুকি প্ৰদৰ্শন কৰি কংগ্ৰেছৰ প্ৰাৰ্থীক মনোনয়ন প্রত্যাহৰ কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ তুলি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্র দিছিল ।

Assam panchayat election
তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ (ETV Bharat)

ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা পোৱা শেহতীয়া তথ্য অনুসৰি কাছাৰ জিলাত ৩৬ গৰাকী, কামৰূপত ৩৩ গৰাকী, ধুবুৰীত আৰু নগাঁৱত ৩৭ গৰাকীকৈ প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে । আনহাতে চৰাইদেউত দুগৰাকী, যোৰহাট, কামৰূপ মহানগৰ, শিৱসাগৰ, তিনিচুকীয়া আৰু নলবাৰীত ৪ গৰাকীকৈ প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰে ।

ইফালে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত বেছিসংখ্যক প্রার্থীয়ে প্ৰতিদ্বন্দ্বিতাত নমা জিলাকেইখন হৈছে ক্রমে ধুবুৰীত ৪৮৬, নগাঁৱত ৪২৭, বৰপেটাত ৩৫২, কাছাৰত ৪৪৫ গৰাকী । ষষ্ঠ অনুসূচীভুক্ত জিলাসমূহক বাদ দি ৰাজ্যৰ ২৭খন জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।

Assam panchayat election
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ (ETV Bharat)

উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনত ৯০,৭১,২৬৪ জন পুৰুষ, ৮৯,৬৫,০১০ গৰাকী মহিলা আৰু অন্যান্য ৪০৮ গৰাকীকে ধৰি মুঠ ১,৮০,৩৬,৬৮২ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব।

ইফালে নির্বাচন শেষ নৌহওতেই নদুৱাৰ সমষ্টিত ৰাজহুৱাভাৱে শপত গ্ৰহণ কৰে পঞ্চায়ত প্ৰতিনিধিসকলে । নিৰ্বাচনৰ পূৰ্বেই নদুৱাৰ সমষ্টিত এশ শতাংশই পঞ্চায়তৰ আসন দখল কৰিলে বিজেপি দলে ।

Assam panchayat election
তুংগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ (ETV Bharat)

সমষ্টিটোৰ চাৰিখন জিলা পৰিষদৰ চাৰিওখন আসন, ১৯খন আঞ্চলিক পঞ্চায়তৰ ১৯খনেই বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ লগতে ১৯০টা ৱাৰ্ডৰ ভিতৰত ১৮৮ ৱাৰ্ডতে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় বিজেপিৰ প্ৰাৰ্থী । এইসকল নৱনিৰ্বাচিত পঞ্চায়ত প্রতিনিধিক জামুগুৰিহাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত বিজেপিৰ নদুৱাৰ সমষ্টিৰ ফালৰ পৰা শুভেচ্ছা জনোৱাৰ লগতে ৰাজহুৱাভাৱে শপতবাক্য পাঠ কৰোৱা হয় ।

Assam panchayat election
পঞ্চায়ত নিৰ্বাচন (ETV Bharat)

লগতে পঢ়ক : ধনৰ বিনিময়ত পঞ্চায়তৰ টিকট ! কংগ্ৰেছৰ তদন্ত কমিটী গঠন

লগতে পঢ়ক : উন্নয়ন বিচাৰি হাবাথুৰি খোৱা মৰাণৰ ৰাইজ ভোট দিবলৈ সাজু যোগ্য প্ৰাৰ্থীক