ETV Bharat / politics

সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী ! হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ এজাহাৰ - FIR against Assam CM

FIR against Himanta Biswa Sarma : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৷ দিছপুৰ থানাত গোচৰ কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চ, অসমে ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক উচটনিমূলক বক্তব্যৰে সংঘাত সৃষ্টি কৰিব খোজাৰ অভিযোগ ৷

FIR AGAINST ASSAM CM
হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ এজাহাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 28, 2024 at 8:49 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৮ আগষ্ট : গুৱাহাটীৰ দিছপুৰ থানাত বিৰোধী ঐক্য মঞ্চৰ নেতা ভূপেন বৰা আৰু লুৰীণজ্যোতি গগৈয়ে বুধবাৰে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ মন্তব্য, “ ২০২৪ৰ লোকসভাৰ ফলাফলৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ বাবে ধাৰাবাহিক চেষ্টা চলাই আহিছে ৷ জনতাৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰু ঘৃণা বিয়পাবৰ বাবে চেষ্টা কৰি মন্তব্য কৰি আহিছে ৷ এতিয়া বিধানসভাৰ ভিতৰতো এনে মন্তব্য দিয়াটো আৰম্ভ কৰিছে । সেয়ে আমি বিৰোধী ঐক্য মঞ্চই দেশৰ ৰাষ্ট্ৰপতি মহোদয়ক আবেদন জনাম যে হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰিব লাগে ৷ কিয়নো তেওঁ নিজকে পাগল কুকৰ বুলি ঘোষণা কৰিছে ৷”

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিৰোধী ঐক্য মঞ্চৰ এজাহাৰ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কি গুৰুতৰ অভিযোগ ?

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত কংগ্ৰেছে স্পষ্টভাৱে অভিযোগ কৰিছে, “ধৰ্ম আৰু জাতিৰ ভিত্তিত বিভিন্ন গোষ্ঠীৰ মাজত শত্ৰুতা বৃদ্ধিৰ চেষ্টা কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব বহন কৰি থকা ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি এই এফ আই আৰ দাখিল কৰিছো ৷”

লগতে বিৰোধী ঐক্য মঞ্চই অভিযোগ কৰিছে, “ধিঙৰ এগৰাকী কিশোৰীৰ ওপৰত সংঘটিত ধৰ্ষণৰ বিভৎস কাণ্ডৰ বিৰুদ্ধে সমগ্ৰ অসমতে ক্ষোভৰ বিস্ফোৰণ ঘটিছে । এনে জঘন্য কাৰ্যৰ সুযোগ লৈ অভিযুক্ত ব্যক্তিজনে এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি সাম্প্ৰদায়িক উন্মাদনা জগাই তুলিবলৈ চেষ্টা কৰিছে, যাৰ ফলত শিৱসাগৰৰ ধৰ্মীয় সংখ্যালঘুৰ একাংশ লোকৰ ওপৰত বিজেপি কৰ্মী আৰু নেতাই আক্ৰমণ কৰিছিল । তেনে এটা ঘটনাত ২০২১ চনৰ নাজিৰা বিধানসভাৰ পৰা পৰাজিত প্ৰাৰ্থী ময়ুৰ বৰগোঁহায়ে তেওঁৰ অধীনত কৰ্মৰত একাংশ শ্ৰমিকক শাৰীৰিক নিৰ্যাতন চলাইছিল । ৰাজ্যত সংঘাতসদৃশ পৰিস্থিতি সৃষ্টিৰ ষড়যন্ত্ৰৰ অংশ হিচাপে এই কাম কৰা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা নামৰ অভিযুক্তৰ লগতে আন বিজেপি নেতাসকলো এনে অশান্তিৰ সৃষ্টিৰ অপৰাধমূলক ষড়যন্ত্ৰৰ অংশ ৷”

সাম্প্ৰদায়িক উত্তেজক বক্তব্য দিয়াৰ ইতিহাস আছে হিমন্ত বিশ্ব শৰ্মাৰ :

ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি উত্তেজক বক্তব্য দিয়াৰ ইতিহাস থকা বুলি অভিযোগ উত্থাপন কৰি বিৰোধী ঐক্য মঞ্চই এজাহাৰত উল্লেখ কৰিছে, “এবছৰ আগতে তেওঁ কোনো ধৰ্মীয় সম্প্ৰদায়ৰ (তেওঁ তেওঁলোকক ‘মিঞা’ বুলি অভিহিত কৰিছিল) গুৱাহাটীৰ পৰা উচ্ছেদ কৰিবলৈ মানুহক অনুৰোধ কৰিছিল । ২৩-৮-২০২৪ তাৰিখে এখন সংবাদমেলৰ সময়ত অভিযুক্ত ব্যক্তিজনে পুনৰ নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ৰ কথা উল্লেখ কৰি ভিত্তিহীন দাবী কৰে যে কোনো বিশেষ ব্যক্তি বিশেষ অঞ্চলত সোমাৱাৰ পিছত ইচ্ছাকৃতভাৱে গো-মাংস ভক্ষণ কৰিবলৈ আৰম্ভ কৰে আৰু আন সম্প্ৰদায়ৰ লোকসকলক সেই ঠাই এৰিবলৈ বাধ্য কৰোৱায় আৰু এইদৰে তেওঁলোকে এই অঞ্চলসমূহ বেদখল কৰে । ৰাজহুৱা স্থানত এনে অবিৰত উত্তপ্ত ভাষ্যই বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰাৰ সম্ভাৱনা আছে ৷”

মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী :

বিৰোধী ঐক্য মঞ্চই লগতে আৰক্ষীৰ ওচৰত মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে ৷ যদি শীঘ্ৰেই হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা নহয়, তেন্তে ৰাজ্যত গোষ্ঠী সংঘৰ্ষৰ দৰে ঘটনা ঘটিব পাৰে বুলি শংকা প্ৰকাশ কৰিছে বিৰোধী ঐক্য মঞ্চই ৷ এজাহাৰত উল্লেখ কৰা হৈছে, “শেহতীয়াকৈ তেওঁ নিজকে উন্মাদ কুকুৰ বুলি দাবী কৰাৰ পৰাই অভিযুক্তৰ যুদ্ধংদেহী স্বভাৱৰ উমান পাব পাৰি । যদি এনে ব্যক্তিক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি সংযত কৰোৱা নহয়, তেন্তে তেওঁ ইয়াৰ পৰা ৰাজনৈতিক সুবিধা আদায়ৰ বাবে ৰাজ্যখনত সংঘৰ্ষৰ দৰে যিকোনো পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ৷”

এই অভিযোগেৰে বিৰোধী ঐক্য মঞ্চই মুখ্যমন্ত্ৰী আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ৬১, ১৯৬ আৰু ৩৫(২)ৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত কৰাৰ দাবী জনায় ৷ অভিযোগ দাখিল কৰা দলটোত সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয় পৰিষদ, বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়া, চি পি আই এম দলৰ ইছফাকুৰ ৰহমান, সাংসদ ৰকিবুল হুছেইনকে ধৰি বিৰোধী ঐক্য মঞ্চৰ নেতাসকল উপস্থিত থাকে ৷

লগতে পঢ়ক : ঝাৰখণ্ডৰ মন্ত্রী চম্পাই ছোৰেণৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি : কি ক'লে অসমৰ মুখ্যমন্ত্রীয়ে ?

গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে: তীব্ৰ বিতৰ্কৰ মাজতে বিধানসভাৰ পৰা নিলম্বন অখিল গগৈক

তিনি বছৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰত্যাহ্বান মাজত থাকি কাম কৰিছে : ৰূপজ্যোতি কুৰ্মী