ETV Bharat / politics

পঞ্চায়ত নিৰ্বাচন; ইস্তাহাৰ মুকলি অসম জাতীয় পৰিষদৰ - AJP MANIFESTO FOR PANCHAYAT POLLS

প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা অসম জাতীয় পৰিষদে ৰাইজক কি প্ৰতিশ্ৰুতি দিছে ?

AJP manifesto for panchayat polls
পঞ্চায়ত নিৰ্বাচন; ইস্তাহাৰ মুকলি অসম জাতীয় পৰিষদৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2025 at 10:05 AM IST

3 Min Read

ডিব্ৰুগড় : ৰাজ্যত অহা ২ আৰু ৭ মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । যাক লৈ প্ৰতিটো দলৰ ব্যস্ততা বৃদ্ধি পাইছে । ঠায়ে ঠায়ে প্ৰচাৰ চলাইছে দলবোৰে । শাসকীয় দলৰ লগতে বিৰোধীয়েও নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰিছে । তাৰ মাজতে আঞ্চলিক দল অসম জাতীয় পৰিষদে প্ৰকাশ কৰিলে দলৰ নিৰ্বাচনী ইস্তাহাৰ ।

ৰাজ্যত প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদ । নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে জন্মলাভ কৰা অসম জাতীয় পৰিষদে প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচন খেলাৰ বাবে পৰিকল্পনা যুগুত কৰিছে । প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে উজনিৰ কেইবাটাও সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সমান্তৰালভাৱে বিৰোধী সন্মিলিত প্ৰাৰ্থীকো সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদে । প্ৰচাৰ চলি থকাৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড় চহৰৰ হোটেল লিটল পেলেচত অসম জাতীয় পৰিষদে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কৰে ।

পঞ্চায়ত নিৰ্বাচন; ইস্তাহাৰ মুকলি অসম জাতীয় পৰিষদৰ (ETV Bharat)

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ, সম্পাদক জগদীশ ভূঞাকে ধৰি দলৰ কেইবাগৰাকী নেতাৰ উপস্থিতিত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয় । ইস্তাহাৰ মুকলি কৰি অসম জাতীয় পৰিষদৰ সভাপতিকে দলৰ শীৰ্ষ নেতাসকলে সংবাদমেল সম্বোধন কৰি ইস্তাহাৰৰ মূল বিষয়সমূহ অৱগত কৰে ।

পঞ্চায়তক লৈ কি পৰিকল্পনা অজাপৰ ?

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "উন্নয়নৰ যাত্ৰা তৃণমূল পৰ্যায় অৰ্থাৎ গাঁৱৰ পৰা হ'ব লাগে । সেই কাৰণে অসম জাতীয় পৰিষদে পঞ্চায়ত নিৰ্বাচনক অধিক গুৰুত্ব প্ৰদান কৰিছো ।" পঞ্চায়ত পৰ্যায়ত ঘৰে ঘৰে উপাৰ্জন কৰিব পৰা ব্যৱস্থা গঢ়ি তোলাৰ পোষকতা অসম জাতীয় পৰিষদৰ । ইস্তাহাৰৰ বিভিন্ন বিষয় উল্লেখ কৰি তেওঁ কয়, "ঘৰে ঘৰে হাঁহ-কুকুৰা, গৰু-ছাগলী, গাহৰি আদি পালন কৰি প্ৰতিটো পৰিয়ালে উপাৰ্জন কৰি স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব । সমান্তৰালকৈ কৃষিৰ জৰিয়তে খেতিপথাৰ উন্নয়ন কৰা, নাৰী আৰু যুৱকৰ নেতৃত্বত গাঁৱে গাঁৱে জাতীয় সেৱক দল গঠন কৰা । অজাপৰ চৰকাৰ আহিলে শিক্ষা, স্বাস্থ্য, খোৱাপানী আদিৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব ।"

ইয়াৰ উপৰিও ভাষা-সংস্কৃতি, পৰম্পৰা ৰক্ষা কৰি স্থানীয় সাংস্কৃতিক উৎসৱ, লোকসংগীত, শিল্প আৰু নৃত্যৰ বিকাশত পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ যোগেদি পুঁজি ধাৰ্য কৰি উন্নয়ন কৰা অসম জাতীয় পৰিষদৰ অন্যতম লক্ষ্য বুলি তেওঁ উল্লেখ কৰে । লগতে পৰিৱেশ সংৰক্ষণৰ যোগেদি জলাশয়, বনজ সম্পদ ৰক্ষা কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব বুলিও তেওঁ কয় । পঞ্চায়তীৰাজ আইন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয়, "গাঁৱে চলাব শাসন, গাঁৱে গঢ়িব নিজৰ ভাগ্য, গাঁৱে উজলাব অসম- ই হৈছে অসম জাতীয় পৰিষদৰ অংগীকাৰ । সেয়ে অসম জাতীয় পৰিষদে গাঁওসমূহত শূন্য দৰিদ্ৰতা, শূন্য প্ৰদুষণ, শূন্য দুৰ্নীতি আদিৰ পৰিৱেশ গঢ়িবলৈ প্ৰয়াস চলাব । পঞ্চায়ত গঠন কৰিলে সকলোকে সমানে আঁচনিৰ লাভৰ সুবিধা দিব । গ্ৰাম্য অৰ্থনীতি আৰু গ্ৰাম্য পৰ্যটনত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব ।"

লগতে পঢ়ক :পাকিস্তানৰ নিৰ্দেশত চলা ভাৰতীয়সকল আমাৰ আৰু ডাঙৰ শত্ৰু: কাক উদ্দেশ্যি ক'লে মুখ্যমন্ত্ৰীয়ে - ASSAM CM ON PAHALGAM ATTACK

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.