ঋণৰ পিছত ঋণ লৈছে চৰকাৰে; আদালতক নজৰ দিবলৈ আহ্বান জনালে দেৱব্ৰত শইকীয়াই
অসম চৰকাৰৰ ঋণৰ পৰিমাণ ১ লাখ ৮৪ হাজাৰ কোটি ! আদালতৰ দ্বাৰস্থ বিৰোধী দলপতি ।

Published : August 7, 2025 at 11:29 AM IST
নগাঁও : ঋণৰ ওপৰত ঋণ লৈছে অসম চৰকাৰে । আনকি ঋণৰ বাবদ বৃহৎ পৰিমাণৰ সুত ভৰি আছে চৰকাৰখনে । যাৰ বাবে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বিৰোধী দল বিশেষকৈ কংগ্ৰেছ । ৰাজ্য চৰকাৰৰ ওপৰত ঋণৰ বোজা বৃদ্ধিক লৈ সৰৱ হৈ পৰিছে বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া । চলিত বৰ্ষৰ জুলাই মাহলৈকে ১ লাখ ৮৪ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ তথ্য ৰাজহুৱা কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে এটা ভিডিঅ’ বাৰ্তা ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজহ সংগ্ৰহত চূড়ান্ত ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "শৰ্মা চৰকাৰে ৰাজ্যৰ ভৱিষ্যৎ আৰু অৰ্থনীতি ধ্বংস কৰাৰ চক্ৰান্ত কৰিছে । সংবিধান উলংঘা কৰিও ৰাজহ সংগ্ৰহত ব্যৰ্থ চৰকাৰখনে দিনক দিনে কেৱল ঋণ লৈ অসম আৰু অসমীয়া ৰাইজক বিপদৰ দিশে ঠেলি দিছে । এই সম্পৰ্কত কেগে (CAG) বিভিন্ন আপত্তি দৰ্শাইছিল যদিও চৰকাৰে ইয়াক বুঢ়া আঙুলি দেখুৱাই নিজৰ কাম কৰি আছে । গুৱাহাটী উচ্চ ন্যায়ালয়লৈ এই সকলোবোৰ কথা বিৱৰি জনহিতাৰ্থে নিজাববীয়া বিচাৰৰ বাবে এখন আবেদন কৰিছোঁ । এফ আৰ পি এফ আইন ২০০৫ অনুসৰি বিত্তীয় ঘাটি ঘৰুৱা উৎপাদনৰ ৩.৫ শতাংশৰ ওপৰত হ'ব নালাগে কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এই ঘাটি ৬.৫ শতাংশলৈ বৃদ্ধি হৈছে ।"
২০২২-২৩ বিত্তীয় বৰ্ষত বহু হাজাৰ কোটি টকা ঋণ লৈয়ো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কামৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিব নোৱৰা বুলিও অভিযোগ উত্থাপন কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰি ৰাজ্যখনক কোঙা কৰি পেলাইছে ।"
ইফালে ঋণ পৰিশোধৰ বাবে চৰকাৰে কৰ-কাটল বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, চৰকাৰী কৰ্মচাৰীৰ দৰমহা অনাদায় আদিৰ আশংকা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । চৰকাৰে লৈ থকা ঋণৰ বাবেই অনাগত দিনত পূৰ্বৰ অসম গণ পৰিষদ চৰকাৰৰ দিনৰ দৰে আৰ্থিক অনাটনৰ অৱস্থাৰ সূচনা হ'ব বুলিও আশংকা কৰিছে বিৰোধী নেতাগৰাকীয়ে ।

