ETV Bharat / politics

এইবাৰ প্ৰদেশ কংগ্ৰেছৰ জোনাইৰ পৰা সোণাইলৈ যাত্ৰা : তেজপুৰত ঘোষণা ভূপেন বৰাৰ ঘোষণা - Assam Congress

Assam Congress : বাগানে বাগানে কংগ্ৰেছ, চাঙে চাঙে কংগ্ৰেছৰ পিচত এইবাৰ দলটোৱে হাতত লৈছে জোনাইৰ পৰা সোণাই শীৰ্ষক কাৰ্যসূচীৰ ৷ আজি তেজপুৰত এই কাৰ্যসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰে দলটোৱে ৷

ASSAM CONGRESS CAMPAIGN
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 18, 2024 at 10:13 PM IST

4 Min Read
Choose ETV Bharat

তেজপুৰ, 18 আগষ্ট : লোকসভা নিৰ্বাচনৰ পাছত ৰাজ্যত প্ৰদেশ কংগ্ৰেছে নতুন কাৰ্যসূচী হাতত লোৱাৰ কথা ঘোষণা কৰিছে ৷ বাগানে বাগানে কংগ্ৰেছ, চাঙে চাঙে কংগ্ৰেছৰ পিচত এইবাৰ দলটোৱে হাতত লৈছে জোনাইৰ পৰা সোণাই শীৰ্ষক কাৰ্যসূচীৰ ৷ আজি তেজপুৰত এই কাৰ্যসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰে দলটোৱে ৷ 10 খন জিলাৰ কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই সভাত দলটোৱে আৰম্ভ কৰিবলগীয়া এই বিশেষ সাংগঠনিক কাৰ্যসূচীৰ বিষয়ে বিশদ আলোচনা কৰে৷

তেজপুৰত প্ৰদেশ কংগ্ৰেছৰ বিশেষ বৈঠক (ETV Bharat Assam)

উপ-নিৰ্বাচনৰ প্ৰাক মূহূৰ্তত কংগ্ৰেছ দলে আৰম্ভ কৰিব জোনাইৰ পৰা সোণাইলৈ শীৰ্ষক যাত্ৰা ৷ অৱশ্যে এই যাত্ৰাৰ আনুষ্ঠানিক তাৰিখ ঠিৰাং কৰা হোৱা নাই ৷ অৱশ্যে পবিত্ৰ ভাদমাহতে এই যাত্ৰা আৰম্ভ কৰিব জানিবলৈ দিছে নেতৃত্বই ৷ ৰাজ্যৰ 43 টা বিধান সভা সমষ্টিত চৰকাৰী বন্ধৰ দিন বাদ দি মুঠ 43 দিনীয়া ধাৰাবাহিক যাত্ৰা কৰিব দলটোৱে ৷

আজি অনুষ্ঠিত হোৱা সভাৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, এই যাত্ৰাৰ বাবে অসম কংগ্ৰেছক চাৰি ভাগত ভাগ কৰা হ’ব আৰু যাত্ৰাৰ বাবে এখন বাছ, এশখন সৰু গাড়ী ব্যৱহাৰ কৰা হ’ব ৷ একোটা বিধান সভা সমষ্টিৰ চাৰিখন জিলা পৰিষদত চাৰিটা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সদৰী কৰি বৰাই কয় যে পুৱা আঠ বজাত আৰম্ভ হ’বলগীয়া প্ৰথমটো কাৰ্যসূচীত স্থানীয় ৰাইজে নিজৰ মতামত দিব পাৰিব আৰু এই কাৰ্যসূচীৰ নাম দিয়া হ’ব 'মুক্তকণ্ঠ' ৷ দ্বিতীয়খন জিলা পৰিষদত অনুষ্ঠিত হব 'দৰ্পণ' নামৰ অনুষ্ঠান য'ত সাংবাদিক, বুদ্ধিজীৱীয়ে মতামত তথা পৰামৰ্শ দিব ৷ তৃতীয়খন জিলা পৰিষদত সমষ্টিটোৰ বিভিন্ন দল -সংগঠন, সচেতন ব্যক্তিসকলৰ মতামত লোৱা হ’ব বুলি বৰাই প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে, এই অনুষ্ঠানত ঠাই বিশেষৰ নামৰ সৈতে বেদনা বা বিননি শব্দ সংযোজন কৰা হ’ব ৷

আনহাতে সেইদিনাই সন্ধিয়া স্থানীয় কংগ্ৰেছী আৰু জ্যেষ্ঠ কংগ্ৰেছীৰ সৈতে আলোচনা অনুষ্ঠিত হ’ব যাৰ নাম দিয়া হৈছে 'মন্থন' ৷ ভূপেন বৰাই লগতে কয় যে, ৰাজ্যৰ কংগ্ৰেছ দলৰ তিনিজন সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈকো এই যাত্ৰাৰ দায়িত্ব দিয়া হ’ব ৷

আনহাতে ভূপেন বৰাই কয়- “চাৰিজুনত ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফল অনুসৰি আমি ৰাজ্যৰ 34 টা বিধানসভা সমষ্টিত আগবাঢ়ি আছোঁ আৰু 92 টা সমষ্টিত পিছ পৰি আছোঁ ৷ 2026 ত আমি চৰকাৰ গঠন কৰিবলৈ হ’লে 64খন আসনৰ সীমা পাৰ কৰিব লাগিব ৷ গতিকে আমি এতিয়া সংগঠন শক্তিশালী কৰাত সৰ্বাধিক গুৰুত্ব দিছোঁ ৷ আমি বিৰোধী ঐক্য মঞ্চতো আছোঁ ৷ গতিকে আমি আমাৰ প্ৰাৰ্থী সকলক বিজয়ী কৰাই আনিবলৈ চেষ্টা কৰিম ৷”

লগতে পঢ়ক : ফ্লাই অভাৰৰ চুপাৰ টেণ্ডাৰ মৰাতহে ওস্তাদ মুখ্যমন্ত্ৰী : গৌৰৱ গগৈ - MP Gaurav Gogoi

ইফালে, প্ৰাক্তন মন্ত্ৰী অকণ বৰাই পদত্যাগ কৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয় “অকণ বৰাই কংগ্ৰেছ দল ত্যাগ কৰা নাই ৷ পদবীহে ত্যাগ কৰিছে ৷ একেখন ঘৰত মতাদৰ্শৰ মিল নাথাকিব পাৰে ৷” আনহাতে সংসদৰ বাহিৰে বাকী সময় নিজৰ সমষ্টিৰ উপৰিও সমগ্ৰ অসমতে কংগ্ৰেছৰ সাংসদে কাম কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় “2026 ত জালুকবাৰীত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷” আনহাতে ন-পুৰণি বিজেপি বা আন দলৰ নেতা-কৰ্মীৰ কংগ্ৰেছলৈ আগমনৰ ক্ষেত্ৰত সিদ্ধান্ত জিলা কংগ্ৰেছেহে ল'ব বুলি উল্লেখ কৰি তেওঁ জিলা আৰু ব্লক পৰ্যায়ত তেনে ব্যক্তিৰ গ্ৰহণযোগ্যতা কিমান সেয়া জিলা পৰ্যায়ত সিদ্ধান্ত হ'ব বুলি কয় ৷

উল্লেখ্য যে, তেজপুৰৰ মাজগাঁওস্থিত হিলবিলি বিবাহ ভৱনত আয়োজিত কংগ্ৰেছ দলৰ প্ৰতিনিধি সভাখনৰ পূৰ্বে আজি ভাদ মাহৰ প্ৰথম দিন উপলক্ষে তেজপুৰৰ মাজগাঁও বৰনামঘৰত আৰ্শীবাদ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৷ ইয়াৰ পিছতে তেওঁ সভাস্থলীত উপস্থিত হয় ৷ সভাৰ অন্তত “জোনাই পৰা সোণাইলৈ কংগ্ৰেছৰ আকৌ নতুন প্ৰভাত হ'ব” শীৰ্ষক কাৰ্যসূচীৰ কথা সদৰী কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আজিৰে পৰা পুনৰ সাংগঠনিক কামকাজ আগবঢ়াই নিয়া হ'ব বুলি মন্তব্য কৰে ৷ আনহাতে, উপ-নিৰ্বাচনৰ ক্ষেত্ৰত সহযোগী দলৰ লগত আলোচনা কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত আলোচনা চলি থকা বুলিও তেওঁ মন্তব্য কৰে ৷

লগতে পঢ়ক : উপ-নির্বাচন: পূৰ্বৰ বিধানসভা সমষ্টিৰ মোহ এৰিব পৰা নাই তিনিগৰাকী সাংসদে - Assam Bye Election 2024