গুৱাহাটী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এ আই ইউ ডি এফ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে । উল্লেখ্য যে নতুন ৱাকফ আইন সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল, "ৱাকফ আইন ৰূপায়ণৰ মাজতো ৰাজ্যখন সম্পূৰ্ণ শান্তিপূৰ্ণ হৈ আছে ।" এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক ৰফিকুল ইছলামে শনিবাৰে কয় যে অসমৰ মুখ্যমন্ত্ৰী 'ভ্ৰম'ত থাকিব নালাগে । কিয়নো ৰাজ্যখনৰ মুছলমানসকল 'অসন্তুষ্ট' ।
"অসমৰ মুখ্যমন্ত্ৰী ভ্ৰমত থাকিব নালাগে । অসমৰ সকলো মুছলমান অসন্তুষ্ট । অসমৰ সকলো মুছলমানে এই বিধেয়কখন (ৱাকফ সংশোধনী) বাতিল কৰাটো বিচাৰে । বিজেপিয়ে মুছলমানসকলৰ ৱাকফ ভূমি কাঢ়ি লৈছে । এইটো হোৱা উচিত নহয়; আমি এইটো হ'বলৈ নিদিওঁ । আমি উচ্চতম ন্যায়ালয়ত আইনী যুঁজ দিম আৰু আমি গণতান্ত্ৰিকভাৱেও প্ৰতিবাদ কৰিম... অসমৰ মুছলমানসকল অতি দুখী আৰু ৱাকফ সম্পত্তি বিজেপিয়ে আমাৰ পৰা কাঢ়ি নিব বিচাৰে, যাৰ আমি বিৰোধী ।" এ আই ইউ ডি এফৰ বিধায়কগৰাকীয়ে এ এন আইৰ আগত কয় ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৱাকফ (সংশোধনী) আইনৰ বিৰুদ্ধে সামান্য প্ৰতিবাদৰ বাহিৰে ৰাজ্যখন মুখ্যতঃ শান্তিপূৰ্ণ হৈ আছে । তেওঁ শান্তি নিশ্চিত কৰাৰ বাবে অসম আৰক্ষীক প্ৰশংসা কৰে আৰু ব'হাগ বিহু উদযাপনৰ পূৰ্বে ৰাইজৰ মাজত ঐক্যৰ পোষকতা কৰে ।
"প্ৰায় ৪০% মুছলমান জনসংখ্যা থকা সত্ত্বেও ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ১৫০ জনো প্ৰতিবাদকাৰী নথকা তিনিটা স্থানত বিচ্ছিন্ন প্ৰতিবাদৰ বাহিৰে অসম আজি শান্তিপূৰ্ণ হৈ আছে ।" মুখ্যমন্ত্ৰীয়ে X পোষ্টত কয় ।
আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰক্ষীক তেওঁলোকৰ সতৰ্কতামূলক ব্যৱস্থা আৰু আগতীয়া প্ৰস্তুতিৰ বাবেও কৃতিত্ব প্ৰদান কৰে । "শান্তি-শৃংখলা বজাই ৰখাত সহায় কৰা অসম আৰক্ষীক তেওঁলোকৰ কামৰ বাবে মোৰ প্ৰশংসা । জাতি, ধৰ্ম বা সম্প্ৰদায় নিৰ্বিশেষে সমগ্ৰ অসমৰ লোকসকল এক আত্মাত মিলিত হৈ আমাৰ প্ৰিয় ব'হাগ বিহুক আনন্দ আৰু সম্প্ৰীতিৰে আদৰণি জনোৱাৰ বাবে আগ্ৰহেৰে প্ৰস্তুতি চলাই আছে ।" তেওঁ লগতে কয় ।
উল্লেখ্য যে বিতৰ্কিত বিধেয়কখন ৪ এপ্ৰিলত সপক্ষে ১২৮ টা ভোটৰ বিপৰীতে বিপৰীতে ৯৫ টা ভোটত ৰাজ্যসভাত গৃহীত হয় । আনহাতে, ইয়াৰ পূৰ্বে দীঘলীয়া বিতৰ্কৰ অন্তত বিধেয়কখন লোকসভাত গৃহীত হয় । লোকসভাত ২৮৮ জন সদস্যই বিধেয়কখনৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে ২৩২ জনে ইয়াৰ বিৰোধিতা কৰে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বাজেট অধিৱেশনৰ সময়ত সংসদত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়ক, ২০২৫ত ৫ এপ্ৰিলত সন্মতি প্ৰদান কৰে ।
ৱাকফ (সংশোধনী) আইন, 2025-ত ৱাকফ সম্পত্তিৰ ব্যৱস্থাপনা উন্নত কৰা, প্ৰাসঙ্গিক অংশীদাৰসকলক শক্তিশালী কৰা, জৰীপ, পঞ্জীয়ন আৰু গোচৰ নিষ্পত্তি প্ৰক্ৰিয়াৰ দক্ষতা উন্নত কৰা আৰু ৱাকফ সম্পত্তি বিকাশৰ ওপৰত গুৰুত্ব দিয়া হৈছে ।