ETV Bharat / politics

জয়ন্ত মল্ল আৰু তুলিৰামক দুবাহু মেলি সুৰক্ষা মুখ্যমন্ত্ৰীৰ

দুবাহু মেলি সুৰক্ষা প্ৰদান কৰি দুই ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু তুলিৰাম ৰংহাঙৰ কাষত থিয় দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Tuliram Ronghang controversy
তুলিৰাম ৰংহাঙৰ সৈতে মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 8:44 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : কোৱা হয় যে সংকট কালৰ বন্ধুৱেই প্ৰকৃত বন্ধু । এই আপ্ত বাক্যশাৰী যেন আখৰে আখৰে মানিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বিপদৰ সময়ত নিজৰ বিশ্বাসী আৰু ঘনিষ্ঠ সতীৰ্থক লগ এৰা দিয়া নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দুবাহু মেলি সুৰক্ষা প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থিয় দিছে নিজৰ দুই ঘনিষ্ঠ— মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙৰ কাষত ।

ৰাজ্যৰ বিৰোধীসকল আৰু কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ ক্ষুৰধাৰ সমালোচনাত ৰাজ্যজুৰি সমালোচিত হৈছে মুখ্যমন্ত্ৰীৰ দুই ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু তুলিৰাম ৰংহাং । যাৰ বাবে ৰাজহুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুয়োকে সুৰক্ষা দিবলৈ বাধ্য হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

Tuliram Ronghang controversy
তুলিৰাম ৰংহাঙৰ সৈতে মুখ্যমন্ত্ৰী (ETV Bharat Assam)

বিতৰ্কৰ শিৰোমণি জয়ন্ত মল্ল আৰু তুলিৰাম

মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু বিশ্বাসী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে গুজৰাটী গীৰ গাই কেলেংকাৰীৰ পৰা আৰম্ভ কৰি দুদিনত ৭৫ বিঘা মাটি ক্ৰয়, ৰাজধানী দিছপুৰত তিনি কঠা মাটিত তিনি তাৰকা হোটেল ক্ৰয়ৰ বিষয়েৰে ।

Tuliram Ronghang controversy
গীৰ গাই কেলেংকাৰীক লৈ জয়ন্ত মল্লবৰুৱাক উদ্দেশ্যি বিভিন্ন সমালোচনা (ETV Bharat Assam)

আনহাতে, তুলিৰাম ৰংহাঙৰ প্ৰায় ২০০ কোটিটকীয়া নিৰ্মীয়মাণ প্ৰাসাদৰ সন্মুখৰ পৰা সামাজিক মাধ্যমত লাইভ দিছে বিৰোধী কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । 'মুখ্যমন্ত্ৰীৰ এ টি এম' খ্যাত তুলিৰামৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দুয়োজনৰেই প্ৰসংগত সকলোৱে সাঙুৰি লৈছে বিজেপিৰ মাৰ্গ দৰ্শক আৰ এছ এছকো । কাজেই বিষয়টো হৈ পৰিছে বিজেপিৰ ৰাজনীতিত এক স্পৰ্শকাতৰ বিষয় ।

Tuliram Ronghang controversy
তুলিৰাম ৰংহাঙৰ নিৰ্মীয়মাণ ৰাজপ্ৰাসাদৰ সন্মুখত গৌৰৱ গগৈ (ETV Bharat Assam)

তুলিৰামৰ ৰাজপ্ৰাসাদৰ সন্মুখৰ পৰা গৌৰৱৰ লাইভ

শেহতীয়াকৈ কাৰ্বি আংলং ভ্ৰমণ কৰি গৌৰৱ গগৈ উপস্থিত হয় কাৰ্বি স্বায়ত্ত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙৰ ডিফুস্থিত নিৰ্মীয়মাণ ২০০ কোটি টকা ব্যয়সাপেক্ষ বুলি চৰ্চিত ৰাজপ্ৰাসাদৰ সন্মুখত । তাত উপস্থিত হৈ সামাজিক মাধ্যমত লাইভযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে গগৈয়ে ।

তুলিৰামৰ ৰাজপ্ৰাসাদৰ সন্মুখৰ পৰা গৌৰৱৰ লাইভ (Gaurav Gogoi FB Account)

গৌৰৱ গগৈৰ মন্তব্য আছিল, “দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসভৱনক লৈ যথেষ্ট ৰাজনীতি কৰিলে বিজেপিয়ে । কেলেংকাৰীৰ অভিযোগ দিছিল । প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ ঘৰটোক চিচমহল আখ্যা দিছিল ৷ মই আজি ডিফুলৈ আহিছোঁ । ইয়াত এটা বিশাল ঘৰৰ সন্মুখত মই থিয় দিছোঁ । শুনিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠৰ ঘৰ । দেখিলেই লাগে দিল্লীৰ চিচমহলতকৈয়ো সাংঘাতিক ডাঙৰ ডিফুৰ এই চিচমহল ৷ দিল্লীৰ চিচমহলতকৈয়ো কোটি কোটি টকা বেছি খৰচ কৰা হৈছে এই চিচমহলত ।”

Tuliram Ronghang controversy
কাৰ্বি আংলঙৰ দুৰ্নীতি সন্দৰ্ভত কংগ্ৰেছৰ সামাজিক মাধ্যমত পোষ্ট (ETV Bharat Assam)

লাইভত গৌৰৱ গগৈয়ে তুলিৰামৰ এই বিশাল ৰাজপ্ৰাসাদৰ ধনৰ উৎসক লৈ প্ৰশ্ন তুলি ইডি আৰু ইনকাম টেক্সৰ হস্তক্ষেপ বিচাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আহ্বান জনায়, “এতিয়া মই জানিবলৈ বিচাৰোঁ— ইনকাম টেক্স, ইডিয়ে কিবা কৰিবনে ? প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া, আপোনাক এই ভিডিঅ’ৰ যোগেদি জনাব বিচাৰিছোঁ, আপুনি না খাওংগা, না খানে দুংগা বুলি কৈছিল । আপুনি চাওক, কিমান খঁকুৱা হৈছে আপোনালোকৰ বিজেপি চৰকাৰ আৰু ডিফুত তেওঁলোকৰ ঘনিষ্ঠ বন্ধুসকল ।”

Tuliram Ronghang controversy
তুলিৰাম ৰংহাং (ETV Bharat Assam)

জয়ন্ত মল্লবৰুৱা প্ৰসংগত মুখ্যমন্ত্ৰী

দেখা গৈছে ৰাজ্যজুৰি জয়ন্ত মল্লবৰুৱা বিতৰ্কিত আৰু সমালোচিত হোৱাৰ পিছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ছাঁটোৰ দৰে লগত লৈ ফুৰিছে মুখ্যমন্ত্ৰীয়ে । জয়ন্ত মল্লবৰুৱাক সুৰক্ষা দি বিৰোধীক প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী শৰ্মাই । ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিশাল ভূ-সম্পত্তি আহৰণক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য, “নিৰ্বাচন খেলিলে নিৰ্বাচন আয়োগক ধন-সম্পত্তিৰ হিচাব দিব লাগে ৷ এগৰাকী জনপ্ৰতিনিধিৰূপে প্ৰতিটো নিৰ্বাচনতে দিব লাগে । বিৰোধীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে অপ্ৰচাৰ চলাই আহিছে ৷ প্ৰয়োজনত আইনৰ কাষ চাপক ।”

Tuliram Ronghang controversy
তুলিৰাম ৰংহাঙৰ সৈতে মুখ্যমন্ত্ৰী (ETV Bharat Assam)

ইয়াৰ উপৰি গীৰ গাই প্ৰসংগতো মুখ্যমন্ত্ৰীয়ে 'আজি এম এল এ-মিনিষ্টাৰ হৈ আছে, কাইলৈ নহ’লে কি কৰি খাব' বুলিও কিছুদিন পূৰ্বে মন্তব্য কৰিছিল ।

তুলিৰামৰ সমৰ্থনত মুখ্যমন্ত্ৰী

তুলিৰাম ৰংহাঙৰ বিশাল ৰাজপ্ৰাসাদৰ সন্মুখৰ পৰা গৌৰৱ গগৈৰ লাইভৰ পিছত সোমবাৰে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে ৰংহাঙৰ সমৰ্থনত নামি পৰে । মুখ্যমন্ত্ৰীৰ মতে, তুলিৰাম ৰংহাং এগৰাকী সন্মানীয় ৰাজনীতিক আৰু তেওঁৰ নেতৃত্বত কাৰ্বিভূমিয়ে উন্নতিৰ শিখৰ চুমিছে । মুখ্যমন্ত্ৰীয়ে সোমবাৰে মন্তব্য কৰে, “শ্ৰীতুলিৰাম ৰংহাং ডাঙৰীয়া এগৰাকী সন্মানীয় নেতা, যি কাৰ্বিভূমিৰ এখন অতি সাধাৰণ গাঁৱৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ দৰে সন্মানীয় নেতা হৈ জনসাধাৰণৰ সেৱা কৰিবলৈ সুযোগ লাভ কৰিছে ৷ তেখেতৰ নেতৃত্বত অঞ্চলটোৱে স্থায়ী শান্তিৰ লগতে অভূতপূৰ্ব উন্নয়নৰ সাক্ষী হৈছে । কাৰ্বি জনসাধাৰণৰ প্ৰতি তেখেতৰ দৃষ্টিভংগী আৰু নিষ্ঠাৰ বাবে আজি ডিফু অন্যতম উন্নত মুখ্য কেন্দ্ৰ হিচাপে স্বীকৃত হৈছে ৷”

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, “পাকিস্তানৰ দৰে শত্ৰুৰাষ্ট্ৰৰ নিৰ্দেশত কাম কৰা ব্যক্তিসকলে এনে এগৰাকী ব্যক্তিক বদনাম কৰাৰ প্ৰচেষ্টাই কাৰ্বি আংলঙৰ প্ৰগতি আৰু বিকাশক ম্লান কৰিব নোৱাৰে । কাৰ্বি আংলঙৰ জনসাধাৰণ সদায়ে এক হৈ আছে আৰু বহু কষ্টৰ বিনিময়ত লাভ কৰা কাৰ্বিভূমিৰ শান্তি ৰক্ষা কৰি অধিক প্ৰগতিৰ দিশত যাত্ৰা অব্যাহত ৰাখিবলৈ জনসাধাৰণ দায়বদ্ধ হৈ আছে আৰু আগলৈও থাকিব ৷”

লগতে পঢ়ক :ৰাজ্যৰ আৰু ক'ত ক'ত হ'ব উচ্ছেদ, কি ক'লে মুখ্যমন্ত্ৰীয়ে ? - ASSAM CM ON EVICTIONS
লগতে পঢ়ক :নামঘৰতো গৰু মাংস পৰিব নালাগে, মছজিদতো গাহৰি মাংস পৰিব নালাগে: মুখ্যমন্ত্ৰী - PORK MEAT FOUND IN MOSQUE