ETV Bharat / politics

প্ৰিয়ংক খাৰ্গেক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ: আপুনি সংবেদনশীল হ'ব লাগে - Priyank Kharge Controversy

Priyank Kharge on Semi Conductor: অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপনক লৈ কৰ্ণাটকৰ কেবিনেট মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই কৰা মন্তব্যৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । প্ৰিয়ংক খাৰ্গেক সংবেদনশীল হোৱাৰ লগতে কোনো বিশেষ ৰাজ্যৰ বিৰুদ্ধে কোনো বিভাজনকাৰী বক্তব্য কৰাৰ পৰা বিৰত থকাৰ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ ।

CM Himanta Biswa Sarma
প্ৰিয়ংক খাৰ্গেক আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 30, 2024 at 6:44 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ৩০ ছেপ্টেম্বৰ: "কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেৰ অসমবিৰোধী ব্যক্তি । তেওঁলোকক দেখাতে গম পোৱা যায় যে তেওঁলোক অসম বিৰোধী শক্তি ।" এই‌‌ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । গুৱাহাটীত এক অনুষ্ঠানত অংশ লৈ সোমবাৰে মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গেই এসময়ত ভূপেন হাজৰিকাক "নাচনেৱালা , গানেৱালা " বুলি ঠাট্টা কৰিছিল । গতিকে এনে ব্যক্তিৰ সমালোচনাক আমি গুৰুত্ব নিদিও ।"

শৰ্মাই কয়, "এই কথা যদি বি জে পিৰ কোনো নেতা-মন্ত্ৰীয়ে ক’লেহেঁতেন তেতিয়া লুৰীণজ্যোতি, অখিল‌ গগৈয়ে সংবাদ‌মেল দি থাকিলেহেতেন, ক্ষমা খুজিব আমি তৎ নাপালোহেতেন । লুৰীণজ্যোতি, অখিল‌ গগৈয়ে কোনো জাতীয়তাবাদী নহয়, যিয়ে কচুতলিৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে সংবাদমেল‌ পাতে তেওঁলোক কেনেকৈ জাতীয়তাবাদী হ'ব, আমিহে প্ৰকৃত জাতীয়তাবাদী ।‌"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)

ইপিনে শৰ্মাই কংগ্ৰেছক সমালোচনা কৰি কয়, "কংগ্ৰেছ পদূলি শুঙি ফুৰা দল । কংগ্ৰেছে ইতিবাচক কামৰো সমালোচনা কৰে । তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্ন ফাদিল হোৱা বুলি কংগ্ৰেছে হৈ চৈ কৰিলে । ভূপেন‌ বৰাই মোক হাফ চি এম বুলি সমালোচনা কৰে ।‌ মই অসমৰ উন্নয়নৰ‌ বাবে সমগ্ৰ ভাৰত পৰিভ্ৰমণ কৰি থাকো । তাৰ ফলাফল পোৱা গৈছে ।"

ড৹ শৰ্মাই লগতে কয়, “কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়ংক খাৰ্গেই এই প্ৰশ্ন উত্থাপন কৰিছে যে অসমত কিয় ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন কৰা হৈছে । মই তেওঁক এটা কথা সুধিব বিচাৰিছো যে অসম ভাৰতত নহয় নেকি ! অসমলৈ যদি কোনো উদ্যোগ আহে তেওঁ কিয় অভিযোগ কৰিছে ? কৰ্ণাটকত কি হৈ আছে তাক লৈতো অসমে কেতিয়াও আপত্তি কৰা নাই ৷ গতিকে আপুনি সংবেদনশীল হ'ব লাগে আৰু কোনো বিশেষ ৰাজ্যৰ বিৰুদ্ধে এনে কোনো বিভাজনকাৰী বক্তব্য গৃহীত কৰাৰ পৰা বিৰত থাকিব লাগে ।"

লগতে পঢ়ক: অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প নিবিচাৰে নেকি প্ৰিয়াংক খাৰ্গেই ? প্ৰদ্যুৎ বৰদলৈক ক’লে কংগ্ৰেছ নেতাগৰাকীয়ে - Priyank Kharge Controversy

মল্লিকাৰ্জুন খাৰ্গে আৰু তেওঁৰ পুত্ৰ দুয়োগৰাকী অসমবিৰোধী : পীযুষ হাজৰীকা - Priyank Kharge Controversy

অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প কিয় ? কংগ্ৰেছ অধ্য়ক্ষৰ পুত্ৰৰ মন্তব্যক সমালোচনা মুখ্যমন্ত্ৰী-কেন্দ্ৰীয় মন্ত্ৰীৰ - Priyank Kharge on Semi Conductor